সোমবাৰে বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদ আৰু শ্লোগানৰ মাজতে লোকসভাত কোনো বিতৰ্ক নোহোৱাকৈ ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, ২০২৬ গৃহীত কৰা হয়। যোৱা ২০ জুলাইত নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লোৱা ব্যৱস্থাৰ বিৰুদ্ধে বিৰোধীয়ে সংসদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভালৈ আহি এই বিষয়ত উত্তৰ দিব লাগে। এই হুলস্থূলৰ মাজতে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন সদনত উত্থাপন কৰে আৰু পিছত সেয়া গৃহীত হৈ যায়।
এই নতুন বিধেয়কখনৰ মূল লক্ষ্য হৈছে ট্ৰাইবুনেলসমূহৰ নিযুক্তি, অৰ্হতা আৰু চাকৰিৰ চৰ্তসমূহৰ বাবে একেধৰণৰ ব্যৱস্থা গঢ়ি তোলা। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো হৈছে ৰাষ্ট্ৰীয় ট্ৰাইবুনেল আয়োগ গঠন কৰা। এই নতুন আয়োগৰ মুখ্য কাৰ্যালয় দিল্লীত হ‘ব আৰু ই বিভিন্ন ট্ৰাইবুনেলৰ অধ্যক্ষ আৰু সদস্য নিযুক্তিৰ প্ৰক্ৰিয়া তদাৰক কৰিব। এই আয়োগত মুঠ পাঁচজন সদস্য থাকিব। ইয়াৰে এজন অধ্যক্ষ, দুজন ন্যায়িক সদস্য আৰু দুজন কাৰিকৰী সদস্য হ‘ব। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা যিকোনো উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশে এই আয়োগৰ অধ্যক্ষৰ পদবীত বহিব পাৰিব।
২০২১ চনৰ ট্ৰাইবুনেল সংস্কাৰ আইনখনক লৈ উচ্চতম ন্যায়ালয়ে দিয়া কিছুমান নিৰ্দেশনাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এই নতুন আইনখন আনিবলৈ বাধ্য হৈছে। ন্যায়ালয়ে ২০২১ চনৰ আইনখনৰ কিছু অংশ বাতিল কৰিছিল, কিয়নো ই ন্যায়পালিকাৰ স্বতন্ত্ৰতা আৰু ক্ষমতা পৃথকীকৰণৰ নীতিৰ বিৰোধী আছিল। লগতে, নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আৰু স্বতন্ত্ৰতা বজাই ৰাখিবলৈ এখন স্বাধীন ৰাষ্ট্ৰীয় ট্ৰাইবুনেল আয়োগ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল। এই নতুন বিধেয়কখন আইনত পৰিণত হ‘লে পুৰণি ২০২১ চনৰ আইনখন বাতিল কৰা হ‘ব।
নতুন বিধেয়কখনত অধ্যক্ষ আৰু সদস্যসকলৰ অৰ্হতা, নিৰ্বাচন, নিযুক্তিৰ লগতে তেওঁলোকৰ দৰমহা, ভাট্টা, পদত্যাগ আৰু চাকৰিৰ অন্যান্য চৰ্তসমূহৰ বিষয়ে নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া হৈছে। বৰ্তমান বিভিন্ন ট্ৰাইবুনেলত নিযুক্তিৰ বাবে থকা বেলেগ বেলেগ নিয়মৰ সলনি এতিয়া সকলোতে এটা উমৈহতীয়া নিয়ম প্ৰযোজ্য হ‘ব। কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে ইয়াৰ ফলত নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আহিব আৰু কাম-কাজবোৰ আগতকৈ বেছি সুচাৰুৰূপে চলিব। ইয়াৰ লগতে এই প্ৰতিষ্ঠানসমূহৰ স্বাধীনতাও অধিক শক্তিশালী হ‘ব।
আনহাতে, যি সময়ত লোকসভাত এই বিধেয়কখন উত্থাপন আৰু গৃহীত হৈছিল, সেই সময়ত বিৰোধী সাংসদসকলে নিট বিতৰ্কক লৈ আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে শ্লোগান দি আছিল আৰু অমিত শ্বাহৰ উপস্থিতি দাবী কৰিছিল। কেইবাজনো সাংসদে আগতেই বিধেয়কখনৰ বিৰোধিতা কৰি জাননী দিছিল যদিও সদনৰ উত্তপ্ত পৰিস্থিতিৰ বাবে তেওঁলোকে নিজৰ বক্তব্য ৰখাৰ সুযোগ নাপালে। ফলস্বৰূপে, কোনো বিতং আলোচনা নোহোৱাকৈয়ে বিধেয়কখন গৃহীত হৈ যায়। নতুন আইনখন কাৰ্যকৰী হ‘লে ৰাষ্ট্ৰীয় ট্ৰাইবুনেল আয়োগে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত চোৱাচিতা কৰাৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।





