অসুস্থতাৰ কোনো লক্ষণ নাই, শৰীৰ একেবাৰে স্বাভাৱিক। কিন্তু উচ্চ ৰক্তচাপ (Hypertension) বা তেজত শৰ্কৰাৰ অস্বাভাৱিকতা (Diabetes) লাহে লাহে শৰীৰৰ শিপাব পাৰে। ভাৰতত এনে লোকৰ সংখ্যা বাঢ়িছে। শালিমাৰ বাগৰ ফৰ্টিছ হাস্পতালৰ নেফ্ৰ’লজিষ্ট ডাঃ যোগেশ ছাব্ৰাৰ মতে দেশৰ ১০ জনৰ ভিতৰত প্ৰায় ৮ জনেই উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা প্ৰি-ডায়েবেটিছ ৰোগত আক্ৰান্ত। ডাঙৰ সমস্যাটো হ’ল তেওঁলোকৰ বহুতেই নিজৰ বেমাৰৰ বিষয়ে অজ্ঞাত।
উচ্চ ৰক্তচাপ বা ৰক্তশৰ্কৰা বৃদ্ধি হ’লেও বহু লোকৰ প্ৰথম অৱস্থাত দৈনন্দিন জীৱনত কোনো প্ৰভাৱ নপৰে। ফলত তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। কিন্তু এই সমস্যা দুটা দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণৰ বাহিৰত থাকিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু ব্লাড ছুগাৰে হৃদযন্ত্ৰ, বৃক্ক, মগজু আৰু চকু (Heart-Kidney-Brain-Eyes) প্ৰভাৱিত কৰিব পাৰে। পিছলৈ হৃদৰোগ, মগজুৰ ৰক্তক্ষৰণ বা ৰক্তবাহী নলী বন্ধ হোৱা, ষ্ট্ৰোক, বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস, দৃষ্টিশক্তি হেৰুৱা আদি জটিলতা আহিব পাৰে।
জীৱনশৈলীৰ পৰিৱৰ্তন ইয়াৰ আঁৰৰ এটা ডাঙৰ কাৰণ। শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা, অত্যধিক তেল-নিমখ-চেনি সেৱন, ওজন বৃদ্ধি, দীৰ্ঘদিন ধৰি মানসিক চাপ, পৰ্যাপ্ত টোপনিৰ অভাৱ আদিয়ে উচ্চ ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে। ধূমপান আৰু অত্যধিক মদ্যপানেও এই আশংকা বৃদ্ধি কৰিব পাৰে।
এই সমস্যা কেৱল বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ নহয়। কম বয়সীয়া কৰ্মজীৱিৰ মাজতো উচ্চ ৰক্তচাপ আৰু ৰক্তশৰ্কৰা বৃদ্ধি পাইছে। দীৰ্ঘ সময় বহি থকা, অনিয়মিত খাদ্য খোৱা, টোপনিৰ অভাৱ, মানসিক চাপ আদি ইয়াৰ অন্যতম কাৰণ।
সেয়েহে বিশেষজ্ঞসকলে ৩০ বছৰ বয়সৰ পিছত নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ যদি পৰিয়ালত ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ইতিহাস আছে, যদি আপোনাৰ ওজন বেছি, বা আপোনাৰ জীৱনশৈলীত বিসংগতিৰ সৃষ্টি হয় তেন্তে আপুনি অধিক সাৱধান হোৱাটো প্ৰয়োজন।
পৰীক্ষাত এবাৰ সকলো স্বাভাৱিক হ’লে আপোনাৰ দায়িত্ব শেষ নহয়। নিয়মীয়াকৈ ৰক্তচাপ আৰু তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰিলে পৰিৱৰ্তন আৰম্ভ হোৱাৰ আগতেই ধৰিব পাৰি। প্ৰয়োজন অনুসৰি খাদ্য নিয়ন্ত্ৰণ কৰা, নিয়মিতভাৱে খোজ কঢ়া বা ব্যায়াম কৰা, ওজন কমোৱা, মানসিক চাপ নিয়ন্ত্ৰণৰ অভ্যাস গঢ়ি তোলাটোও গুৰুত্বপূৰ্ণ।
কাৰণ এই দুটা ৰোগৰ লক্ষণৰ বাবে অপেক্ষা কৰাটো প্ৰায়ে বিপদজনক। যদি শৰীৰে জাননী দিয়াৰ আগতেই সমস্যাটো ধৰা পৰে তেন্তে ডাঙৰ জটিলতাৰ পৰা হাত সাৰি থকাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।


