• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

তেওঁৰ নিৰ্দেশত বিতৰ্কিত জ্ঞানবাপি মছজিদ চৌহদৰ ভিডিঅ’গ্ৰাফিক জৰীপ কৰা হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 18, 2026 8:53 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ নাম শুনিছেনে? তেওঁৰ আদালতত গোচৰ এটা আহিলে বহুতে ভয় খায়। যোৱা চাৰি মাহত ১০টা গোচৰত ২২জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তেতিয়াৰ পৰাই এডিজে ৰবি কুমাৰক লৈ যথেষ্ট চৰ্চা চলিছে। তেওঁ কোন?

ভাৰতীয় ন্যায়িক ব্যৱস্থাত অতি ব্যতিক্ৰমী বা জঘন্য অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ড দিয়াৰ নিয়ম আছে। কিন্তু NALSAR ৰ Death Penalty in India: Annual Statistics Report 2025 ত দেখা গৈছে যে যোৱা বছৰ উত্তৰ প্ৰদেশৰ বিচাৰ আদালতে এবছৰত ২০টা গোচৰত মুঠ ২৮ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কিন্তু অকল এডিজে ৰবি কুমাৰ দিবাকৰে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে ২২ জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

Apply Now

১৯৮০ চনৰ ৫ জুলাইত জন্মগ্ৰহণ কৰা ৰবি কুমাৰ দিবাকৰৰ শৈশৱ লক্ষ্ণৌত পাৰ হয়। ১৯৯৯ চনত ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত ২০০২ চনত বি কম, ২০০৫ চনত এল এল বি আৰু ২০০৭ চনত এল এল এম সম্পূৰ্ণ কৰিছিল।

২০০৯ চনত উত্তৰ প্ৰদেশৰ ন্যায়পালিকাত দেৱানী ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰথম নিযুক্তি আছিল আজমগড়ত। পিছত চুলতানপুৰ, বদৌন, বাৰাণসী আৰু বৰেলীত দেৱানী ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়।

২০২২ চনত বাৰাণসীৰ দেৱানী ন্যায়াধীশ হৈ থকাৰ সময়তে তেওঁৰ নাম প্ৰথম চৰ্চালৈ আহিছিল। তেওঁৰ নিৰ্দেশত বিতৰ্কিত জ্ঞানবাপি মছজিদ চৌহদৰ ভিডিঅ’গ্ৰাফিক জৰীপ কৰা হৈছিল। তাৰ বাবে তেওঁ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

২০২৪ চনৰ মাৰ্চ মাহত তেওঁৰ এটা মন্তব্যইও এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। বৰেলী সংঘৰ্ষ সম্পৰ্কীয় এটা গোচৰত ৰায়দান দিওঁতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্লেটোৰ ‘দাৰ্শনিক ৰজা’ৰ সৈতে তুলনা কৰে। পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰায়দানৰ প্ৰতিলিপিৰ পৰা তেওঁৰ মন্তব্য বাদ পৰিল।

কোনটো গোচৰত কাক মৃত্যুদণ্ড দিয়া হৈছে?

ৰাজহুৱা অভিযুক্ত কুলদীপ কুমাৰৰ মতে, এডিজে ৰবি কুমাৰ দিবাকৰে ১০টা গোচৰত মুঠ ২২জনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

সমীৰ ছাইফীৰ হত্যাকাণ্ডঃ ২০১৯ চনত অধিবক্তা সমীৰ ছাইফীৰ হত্যাকাণ্ডত ৬ এপ্ৰিলত তিনিজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। প্ৰায় ৪০ লাখ টকাৰ বিবাদক লৈ অপহৰণ কৰি হত্যা কৰা বুলি অভিযোগ উঠিছে।

কৃষক ৰাজেন্দ্ৰ ছাইনী হত্যাঃ ২০ জুনত ৰাজেন্দ্ৰ ছাইনীৰ হত্যাকাণ্ডত দুজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। আদালতে এই কাণ্ডক ‘বিৰলতকৈ বিৰলতম’ বুলি অভিহিত কৰে।

হোমগাৰ্ড হত্যাঃ ২ জুলাইত কৰ্তব্যৰত হোমগাৰ্ড ৰতিৰামৰ হত্যাকাণ্ডত এজন ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই গোচৰটোকো ‘বিৰলতকৈ বিৰলতম’ বুলি অভিহিত কৰা হৈছিল।

ঘাইপথত ডকাইতি আৰু হত্যাঃ ২০১১ চনত ঘাইপথত ডকাইতি আৰু হত্যাৰ গোচৰত ১৭ জুলাইত চাৰিজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। আদালতৰ মতে এইটোও ‘বিৰলতকৈ বিৰলতম’ অপৰাধ।

ইয়াৰ উপৰিও আগষ্ট মাহত তেওঁ আৰু পাঁচজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল বুলি পিটিআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কিন্তু এবাৰ সত্ৰ আদালতে মৃত্যুদণ্ড দিলে তৎক্ষণাত কাৰ্যকৰী নহয়। আইন অনুসৰি উচ্চ ন্যায়ালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগিব। ফলত যদিও মুজাফ্ফৰনগৰ আদালতত ২২ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে, তথাপিও তেওঁলোকক লগে লগে শাস্তি দিয়া হোৱা নাই। সংশ্লিষ্ট গোচৰসমূহত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুমোদনৰ পিছতহে এই ৰায় কাৰ্যকৰী হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am
ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

August 18, 2026 7:59 am
চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am
ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

August 18, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd