• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

নয়নতৰাৰ তিৰুমালা ভ্ৰমণৰ ছবিত দেখা গৈছে পিন্ধনত বগা চুৰিদাৰ, সেউজীয়া উৰ্ণা। লাইট মেকআপ, গহনা পৰিহিত। আৰু চুলি খুৰোৱা মূৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2026 3:27 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্ৰে মুক্তি পাবলৈ গৈ আছে বহু চৰ্চিত ছবি ‘টক্সিক’। এই ছবিখনত দক্ষিণ ভাৰতীয় অভিনেত্ৰী নয়নতৰাক যশৰ বিপৰীতে গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। বৰ্তমান ছবিখনৰ সমগ্ৰ দলটোৱে ইয়াৰ প্ৰচাৰত ব্যস্ত। তাৰ মাজতে ছবিখনৰ সফলতা কামনাৰে টকলা হৈ পৰিল নয়নতৰা? ঘটনাটো কি? জানি লওক ভাইৰেল ফটোৰ আঁৰৰ প্ৰকৃত সত্য।

শেহতীয়াকৈ কেইবাটাও ভিডিঅ’ আৰু ছবি ভাইৰেল হৈছে য’ত দেখা গৈছে যে নয়নতৰা তিৰুমালা মন্দিৰলৈ পূজা কৰিবলৈ গৈছিল। আৰু পূজাৰ পিছত চুলি খুৰাই টকলা হ’ল। ছবিখনৰ সফলতাৰ বাবে চুলিখিনি দান কৰা বুলি কোৱা হৈছে। এই ছবি আৰু ভিডিঅ’সমূহ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

Apply Now

কিন্তু ছবিখন বক্স অফিচত হিট হ’ব বুলি প্ৰাৰ্থনা কৰিয়েই তেওঁ সঁচাকৈয়ে টকলা হৈ পৰিল নেকি? নহয়, তেনেকুৱা একোৱেই নহয়। নয়নতৰা একেবাৰে টকলা হোৱা নাই, তিৰুমালা মন্দিৰত চুলি দান কৰাও নাই। তেন্তে? ভাইৰেল হোৱা সকলো ছবি আৰু ভিডিঅ’ সম্পাদনা কৰা, AI ৰ সহায়ত নিৰ্মিত, বাস্তৱ নহয়।

আজি ৰাজহুৱা হোৱা নয়নতৰাৰ তিৰুমালা ভ্ৰমণৰ ছবিত দেখা গৈছে পিন্ধনত বগা চুৰিদাৰ, সেউজীয়া উৰ্ণা। লাইট মেকআপ, গহনা পৰিহিত। আৰু চুলি খুৰোৱা মূৰ। কিন্তু ছবিবোৰ ভালদৰে চালে দেখা যায় যে সেইবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মাণ কৰা হৈছে। সঁচা নহয়। বিশেষকৈ তেওঁৰ মূৰটো অদ্ভুত হালধীয়া দেখা গৈছে।

নয়নতৰাৰ তিৰুমালা ভ্ৰমণৰ যিবোৰ ছবি নতুনকৈ ভাইৰেল হৈছে সেইবোৰ এতিয়াৰ নহয়। ‘টক্সিক’ ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ তেওঁ পূজা কৰিবলৈ যোৱা নাছিল। বৰঞ্চ চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁ গোটেই পৰিয়ালসহ এই মন্দিৰলৈ পূজা দিবলৈ গৈছিল। সেই সময়ত তেওঁৰ লগত আছিল তেওঁৰ স্বামী ভিগ্নেশ শিৱন। সেই সময়ত তেওঁ পিন্ধি থকা কাপোৰ বা গহনাবোৰ শেহতীয়াকৈ ভাইৰেল হোৱা ছবিবোৰৰ সৈতে হুবহু একেই। সেয়ে, অভিনেত্ৰীগৰাকীয়ে পুৰণি ছবিবোৰ সম্পাদনা কৰি সেইবোৰ এতিয়া পোষ্ট কৰি মানুহক বিভ্ৰান্ত কৰাৰ কথা কোৱাটো বাহুল্য মাথোঁ।

উল্লেখ্য যে অহা ২৬ আগষ্টত মুক্তি পাব ‘টক্সিক’। কেবাবাৰো পলম হোৱাৰ পিছত অৱশেষত আগষ্ট মাহৰ শেষৰ ফালে ডাঙৰ পৰ্দাত আহি আছে এই ছবিখন। যশ, নয়নতৰা, কিয়াৰা আদৱানী, তাৰা সুতাৰিয়া, হুমা কুৰেশী আদিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ পূৰ্বে ছবিখনে অত্যধিক যৌনতা প্ৰদৰ্শনৰ বাবে বহু সমালোচনাৰ সন্মুখীন হৈছে।

Nayanthara🤯🤯 pic.twitter.com/AuJUurZLrt

— sabas csk (@saba9361) August 16, 2026

‘টক্সিক’ৰ উপৰিও নয়নতৰাৰ হাতত আছে ‘এছভিচি ৬৩’ ছবিখন। তাত তেওঁক দেখা যাব ছলমান খানৰ বিপৰীতে। দিল ৰাজুৱে ছবিখন প্ৰযোজনা কৰিব। ভামসী পাইডিপালিয়ে পৰিচালনা কৰিব। এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত যুটী বান্ধিব ছলমান আৰু নয়নতৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd