• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 22, 2026 4:13 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেয়া ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছৰ কথা। বিজেপি ২৪০খন আসনত থমকি ৰৈছে। কংগ্ৰেছ এশৰ আশে-পাশে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠনৰ যো-জা কৰিছে। চৰকাৰ গঠন কৰিবলৈ লোৱা বিজেপিৰ মনত তেনে কোনো উৎসাহ, উল্লাস নাই, কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰি বিৰোধীৰ আসনত বহা কংগ্ৰেছ আৰু বিজেপি বিৰোধী দলবোৰৰ মাজত অপাৰ উল্লাস, যেন নিৰ্বাচনত জিকি তেওঁলোকেহে চৰকাৰ কৰিবলৈ ওলাইছে। ঠিক সেই সময়তে ৰাজনীতিৰ হালচাল জনা দিল্লীৰ বন্ধু এজনৰ লগত মই পৰিস্থিতিটোৰ বিষয়ে কথা পাতিছিলোঁ। তেওঁ কৈছিল— “নাই নাই, বিৰোধীয়ে জোৰা-তাপলি মাৰি এতিয়া চৰকাৰ গঠন কৰিব নালাগে। কৰিলেও কিছুদিনৰ পিছত কৌশল কৰি বিজেপিয়ে চৰকাৰ ভাঙি পেলাব। তাতকৈ বিজেপি আৰু মিত্ৰদলৰ মাজত কন্দল লাগি চৰকাৰ বাগৰিলেহে বিৰোধীৰ কাৰণে সুবিধা হ’ব। পিছত অধিক সংগঠিত হে তেওঁলোকে চৰকাৰ গঠনৰ বাবে প্ৰয়াস কৰিব পাৰিব” গ’ল কথা গুচিল। তাৰ পিছত আমি দেখিলোঁ সম্পূৰ্ণ এটি নতুন এক ৰাজনৈতিক দৃশ্যপট। সংখ্যালঘু চৰকাৰ হোৱা সত্ত্বেও তৃতীয়টো কাৰ্যকালত মোদী আৰু বিজেপিৰ কাম-কাজ আগতকৈ বেছিহে আক্ৰমণাত্মক হ’বলৈ ধৰিলে।

পৰৱৰ্তী সময়ত তেওঁলোকে তিনিটা কাম কৰিলে:

Apply Now

(১) নিৰ্বাচন আয়োগৰ জৰিয়তে ভোটৰ জালিয়াতি, তাৰ সবিশেষ দিনৌ সদৰি হৈ আছে।

(২) কুট-কৌশল কৰি ইডি-চিবিআই লগাই বিৰোধীৰ মাজত বিভাজন সৃষ্টি কৰি যিমান পাৰি বিৰোধীক দুৰ্বল কৰা আৰু তাৰ একাংশক নিজৰ ফলীয়া কৰি লোৱা, আৰু সেই প্ৰচেষ্টা এতিয়াও অব‍্যাহত।

(৩) চৰকাৰী পইচা খৰচ কৰি হিতাধিকাৰী আঁচনিৰ যোগেদি ভোটাৰক আকৰ্ষিত কৰি এখনৰ পিছত এখনকৈ ৰাজ্যিক নিৰ্বাচন জিকিবলৈ আৰম্ভ কৰা।

ইফালে বিৰোধী আৰু কংগ্ৰেছে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সফলতাৰ সোৱাদ লৈ থাকোঁতে কেনেকৈ তেওঁলোকৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ আহিছিল, সেইটো তেওঁলোকে তৰকিবই পৰা নাছিল। ৰাইজ চৰকাৰৰ ওপৰত নাৰাজ, কিন্তু নিৰ্বাচনত জিকে বিজেপি বা এনডিএ।

কি হ’ল কথাটো! সকলোৰে কাৰণে কথাবোৰ জনা-নজনাৰ দোমোজাত! এটাৰ পিছত এটা ইছ্যু আহিছে, গৈছে। বিজেপিয়ে বিভিন্ন চক্ৰান্ত কৰি নিজৰ চৰকাৰৰ ভেটি মজবুত কৰিবলৈ চেষ্টা কৰিছে। ৰাহুল গান্ধীয়ে ইটো কৰিছে, সিটো কৰিছে। নিজৰ পাৰ্টিৰ ওপৰত ভৰসা বাদ দি ৰাইজৰ মাজলৈ ওলাই গৈছে। মাটি কামুৰি লাগি আছে। সংগ্ৰাম কৰি গৈছে। তেনেতে আহিল নীট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো। ৰাহুলে ইছ‍্যুটো জোৰদাৰভাৱে মানুহৰ মাজলৈ লৈ গৈ  আছিল। ঠিক সেই সময়তে আহিল মুখ্য ন্যায়ধীশ সূৰ্যকান্তৰ পইতাচোৰা মন্তব্য। তাৰ পিছৰখিনি ইতিহাস— ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত‍্যাগ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত,পৰিস্থিতি সামান্য স্বাভাৱিক হৈছিল। তেনেতে আহিল ঋতিকা চোপ্ৰাৰ দি ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন। তাৰপিছৰ ঘটনাবোৰ দেখি  এনে লাগিছে পৰিস্থিতি যেন লাহে লাহে মোদী-শ্বাহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে । চিৰাগ পাছোৱান অসন্তুষ্ট। ৱাই এছ জগমোহন ৰেড্ডীয়েওচোন কিবা কিবি কৈছে। ইফালে ৰাহুল গান্ধীয়েতো বাজি মাৰিয়ে আছে। এতিয়া নতুনকৈ শুনা কথাটো হৈছে ৰেজিম চেঞ্জ- চৰকাৰ পৰিৱৰ্তন।ক’ব নোৱাৰো কি হ’বলৈ গৈ আছে। সেয়ে, হঠাৎ মোৰ দিল্লীৰ বন্ধুৱে ২০২৪ত কোৱা কথাষাৰ মনত পৰি গ’ল।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

November 13, 2026 9:14 pm
অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

November 13, 2026 6:55 pm
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

November 13, 2026 9:14 pm
অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd