ৰে’ল ষ্টেচনৰ যাত্ৰীসকলৰ বাবে এক ভয়ংকৰ আৰু উদ্বেগজনক খবৰ। ষ্টেচনত যাত্ৰীৰ সুবিধাৰ বাবে ৰখা ৱাটাৰ কুলাৰৰ পানীত পোৱা গৈছে মাৰাত্মক ‘ই-কলাই’ (E. coli) বেক্টেৰিয়া। কেগৰ শেহতীয়া প্ৰবেদনৰ পাছতেই ষ্টেচনৰ খোৱা পানীৰ মানদণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সাধাৰণতে বহু যাত্ৰীয়ে ৰে’ল ষ্টেচনৰ মেচিনৰ পৰাই পানী খায় বা নিজৰ বটলত ভৰাই লয়। কিন্তু এই অশোধিত আৰু বেক্টেৰিয়াযুক্ত পানী পেটত পৰিলে মানুহৰ শৰীৰত কি কি গুৰুতৰ ৰোগ হ’ব পাৰে, তাক লৈ এতিয়া চিকিৎসকসকলে গভীৰ চিন্তা ব্যক্ত কৰিছে।
দেশৰ বিভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনসমূহত খোৱা পানীৰ মানদণ্ড পৰীক্ষা কৰাৰ সময়ত কমেও আঠখন ষ্টেচনৰ পানী ঠাণ্ডা কৰা ৱাটাৰ কুলাৰত এই ই-কলাই বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে। চিকিৎসকসকলৰ মতে, এই বেক্টেৰিয়া অত্যন্ত ক্ষতিকাৰক। ইয়াৰ ফলত এতিয়া ৰে’লৱেৰ পানী যোগান ধৰা উৎস আৰু পানী বিশুদ্ধকৰণ ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে।
পানীত ই-কলাই বেক্টেৰিয়া কিমান বিপদজনক?
সাধাৰণতে ই-কলাই বেক্টেৰিয়া মানুহৰ অন্ত্ৰত থাকে আৰু তাত ই শৰীৰৰ কোনো ক্ষতি নকৰে। কিন্তু ইয়াৰ কিছুমান প্ৰজাতি পানী বা খাদ্যৰ জৰিয়তে পেটত সোমালে ভয়ংকৰ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। যিহেতু এই বেক্টেৰিয়া মানুহৰ মল-মূত্ৰত থাকে, সেয়েহে পানীত ইয়াৰ উপস্থিতিৰ পোনপটীয়া অৰ্থ হ’ল পানীখিনি কোনোবা নহয় কোনোবা প্ৰকাৰে মানুহৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ আহিছে বা লেতেৰা পাইপলাইনৰ জৰিয়তে যোগান ধৰা হৈছে। এই পানী একেবাৰেই পৰিশোধিত নহয়। এনে পানী খালে লগে লগে ফুড পইজনিং হ’ব পাৰে। পৰৱৰ্তী সময়ত বেক্টেৰিয়াৰ বিষাক্ত পদাৰ্থই লিভাৰ আৰু পাকস্থলীৰ মাৰাত্মক ক্ষতি কৰাৰ লগতে লিভাৰৰ জটিল ৰোগৰো সৃষ্টি কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, যি পানীত ই-কলাই থাকে, তাত ছালমোনেল্লা, কেম্পাইলোবেক্টৰ বা হেপাটাইটিছ-এ ৰ দৰে ভয়ংকৰ বীজাণুও জন্ম হ’ব পাৰে। যাৰ ফলত যাত্ৰীসকলৰ টাইফয়ড, কলেৰা আৰু জণ্ডিচৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি, এনে অশোধিত পানী খালে ‘হেমোৰেজিক কোলাইটিছ’ হোৱাৰ আশংকা থাকে, য’ত ৰোগীৰ পেটৰ তীব্ৰ বিষ, বমি, ডায়েৰিয়া আৰু তেজ হাগনী হ’ব পাৰে।
সবাতোকৈ ভয়ংকৰ কথাটো হ’ল, এই বেক্টেৰিয়াই কিডনীৰো বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ ফলত প্ৰস্ৰাৱনলীৰ সংক্ৰমণ বা ‘হিমোলাইটিক ইউৰেমিক চিণ্ড্ৰম’ৰ দৰে প্ৰাণঘাতী ৰোগ হোৱাৰো বিপদাশংকা থাকে, যিয়ে কিডনীত গুৰুতৰ সংক্ৰমণ ঘটাই মানুহৰ প্ৰাণ পৰ্যন্ত কাঢ়িব পাৰে।





