• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

ৰে'ল ষ্টেচনৰ যাত্ৰীসকলৰ বাবে এক ভয়ংকৰ আৰু উদ্বেগজনক খবৰ। ষ্টেচনত যাত্ৰীৰ সুবিধাৰ বাবে ৰখা ৱাটাৰ কুলাৰৰ পানীত পোৱা গৈছে মাৰাত্মক 'ই-কলাই' (E. coli) বেক্টেৰিয়া।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2026 7:08 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল ষ্টেচনৰ যাত্ৰীসকলৰ বাবে এক ভয়ংকৰ আৰু উদ্বেগজনক খবৰ। ষ্টেচনত যাত্ৰীৰ সুবিধাৰ বাবে ৰখা ৱাটাৰ কুলাৰৰ পানীত পোৱা গৈছে মাৰাত্মক ‘ই-কলাই’ (E. coli) বেক্টেৰিয়া।  কেগৰ শেহতীয়া প্ৰবেদনৰ পাছতেই ষ্টেচনৰ খোৱা পানীৰ মানদণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সাধাৰণতে বহু যাত্ৰীয়ে ৰে’ল ষ্টেচনৰ মেচিনৰ পৰাই পানী খায় বা নিজৰ বটলত ভৰাই লয়। কিন্তু এই অশোধিত আৰু বেক্টেৰিয়াযুক্ত পানী পেটত পৰিলে মানুহৰ শৰীৰত কি কি গুৰুতৰ ৰোগ হ’ব পাৰে, তাক লৈ এতিয়া চিকিৎসকসকলে গভীৰ চিন্তা ব্যক্ত কৰিছে।

 

Apply Now

দেশৰ বিভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনসমূহত খোৱা পানীৰ মানদণ্ড পৰীক্ষা কৰাৰ সময়ত কমেও আঠখন ষ্টেচনৰ পানী ঠাণ্ডা কৰা ৱাটাৰ কুলাৰত এই ই-কলাই বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে। চিকিৎসকসকলৰ মতে, এই বেক্টেৰিয়া অত্যন্ত ক্ষতিকাৰক। ইয়াৰ ফলত এতিয়া ৰে’লৱেৰ পানী যোগান ধৰা উৎস আৰু পানী বিশুদ্ধকৰণ ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে।

 

পানীত ই-কলাই বেক্টেৰিয়া কিমান বিপদজনক?

সাধাৰণতে ই-কলাই বেক্টেৰিয়া মানুহৰ অন্ত্ৰত থাকে আৰু তাত ই শৰীৰৰ কোনো ক্ষতি নকৰে। কিন্তু ইয়াৰ কিছুমান প্ৰজাতি পানী বা খাদ্যৰ জৰিয়তে পেটত সোমালে ভয়ংকৰ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। যিহেতু এই বেক্টেৰিয়া মানুহৰ মল-মূত্ৰত থাকে, সেয়েহে পানীত ইয়াৰ উপস্থিতিৰ পোনপটীয়া অৰ্থ হ’ল পানীখিনি কোনোবা নহয় কোনোবা প্ৰকাৰে মানুহৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ আহিছে বা লেতেৰা পাইপলাইনৰ জৰিয়তে যোগান ধৰা হৈছে। এই পানী একেবাৰেই পৰিশোধিত নহয়। এনে পানী খালে লগে লগে ফুড পইজনিং হ’ব পাৰে। পৰৱৰ্তী সময়ত বেক্টেৰিয়াৰ বিষাক্ত পদাৰ্থই লিভাৰ আৰু পাকস্থলীৰ মাৰাত্মক ক্ষতি কৰাৰ লগতে লিভাৰৰ জটিল ৰোগৰো সৃষ্টি কৰিব পাৰে।

 

বিশেষজ্ঞসকলৰ মতে, যি পানীত ই-কলাই থাকে, তাত ছালমোনেল্লা, কেম্পাইলোবেক্টৰ বা হেপাটাইটিছ-এ ৰ দৰে ভয়ংকৰ বীজাণুও জন্ম হ’ব পাৰে। যাৰ ফলত যাত্ৰীসকলৰ টাইফয়ড, কলেৰা আৰু জণ্ডিচৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি, এনে অশোধিত পানী খালে ‘হেমোৰেজিক কোলাইটিছ’ হোৱাৰ আশংকা থাকে, য’ত ৰোগীৰ পেটৰ তীব্ৰ বিষ, বমি, ডায়েৰিয়া আৰু তেজ হাগনী হ’ব পাৰে।

 

সবাতোকৈ ভয়ংকৰ কথাটো হ’ল, এই বেক্টেৰিয়াই কিডনীৰো বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ ফলত প্ৰস্ৰাৱনলীৰ সংক্ৰমণ বা ‘হিমোলাইটিক ইউৰেমিক চিণ্ড্ৰম’ৰ দৰে প্ৰাণঘাতী ৰোগ হোৱাৰো বিপদাশংকা থাকে, যিয়ে কিডনীত গুৰুতৰ সংক্ৰমণ ঘটাই মানুহৰ প্ৰাণ পৰ্যন্ত কাঢ়িব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm
বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd