হাৰিয়ানাৰ খানপুৰ কালানত অৱস্থিত ভগত ফুল সিং চৰকাৰী মহিলা চিকিৎসা মহাবিদ্যালয়ত দুগৰাকী মহিলা এম বি বি এছ ইণ্টাৰ্নক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। মহাবিদ্যালয়খনৰ চৌহদত সংঘটিত এই ঘটনাৰ পিছত আৰক্ষীয়ে অভিযুক্ত এজন নিৰ্মাণ শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছে। ইফালে চৌহদত পৰ্যাপ্ত নিৰাপত্তাৰ দাবীত মঙলবাৰে ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
খানপুৰ কালান মহিলা আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, যোৱা ১৫ আগষ্টৰ নিশা প্ৰায় ১০.৩০ বজাত এই ঘটনা সংঘটিত হয়। এগৰাকী ছাত্ৰী মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ আৰু আন এগৰাকী নিজৰ কৰ্তব্যস্থানলৈ গৈ থকাৰ সময়ত অভিযুক্ত শ্ৰমিকজনে তেওঁলোকক অসৎ উদ্দেশ্যেৰে স্পৰ্শ কৰে। দুয়োগৰাকী ছাত্ৰীয়ে বেলেগ বেলেগ ঠাইত, কেইমিনিটমানৰ ব্যৱধানত এই নিৰ্যাতনৰ বলি হয়। আৰক্ষীৰ মতে, দুয়োগৰাকী ছাত্ৰীয়েই মহাবিদ্যালয়খনৰ হোষ্টেলৰ আৱাসী।
ঘটনাৰ পিছতে ভুক্তভোগী ছাত্ৰী দুগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু ১৬ আগষ্টত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। মহাবিদ্যালয় চৌহদত চলি থকা এটা নিৰ্মাণ কাৰ্যত নিয়োজিত অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৭৪ (মহিলাৰ শালীনতা হানি কৰাৰ উদ্দেশ্যে আক্ৰমণ) আৰু ৭৮ (ষ্টকিং)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
এই ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ ছাত্ৰীসকলে মঙলবাৰে প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰমিকজনে ছাত্ৰী দুগৰাকীক শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল। “ভগৱানৰ কৃপাত তেওঁলোক ৰক্ষা পৰে, অন্যথা পৰিস্থিতি ভয়ংকৰ হ’লহেঁতেন,” ছাত্ৰীগৰাকীয়ে কয়।
তেওঁ লগতে কয়, “আমি কৰ্তৃপক্ষৰ ওচৰত নিৰাপত্তাৰ বিষয়টো আগতেই উত্থাপন কৰিছিলো আৰু তেওঁলোকে আশ্বাসো দিছিল। কিন্তু ঘটনাৰ এদিন পিছতো যিখন ঠাইত ঘটনাটো ঘটিছিল, তাত কোনো নিৰাপত্তাৰক্ষী মোতায়েন কৰা হোৱা নাই বা লাইটৰ ব্যৱস্থাও কৰা হোৱা নাই। এনে অসুৰক্ষিত পৰিৱেশত আমি কাম কৰিব নোৱাৰো।”
ছাত্ৰীসকলে স্পষ্ট কৰি দিয়ে যে এই নিৰাপত্তাজনিত সমস্যাটো কেৱল এম বি বি এছ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, বৰঞ্চ চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু মহাবিদ্যালয় চৌহদত থকা সকলোৰে বাবে গুৰুত্বপূৰ্ণ। চৌহদৰ আয়তনৰ তুলনাত নিৰাপত্তাৰক্ষীৰ সংখ্যা অপৰ্যাপ্ত বুলি উল্লেখ কৰি তেওঁলোকে অনতিপলমে নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাৰ দাবী জনাইছে।মোতায়েন কৰা হোৱা নাই বা লাইটৰ ব্যৱস্থা কৰা হোৱা নাই। এনে অসুৰক্ষিত পৰিৱেশত আমি কাম কৰিব নোৱাৰো।”
ছাত্ৰীসকলে স্পষ্ট কৰি দিয়ে যে এই নিৰাপত্তাজনিত সমস্যাটো কেৱল এম বি বি এছ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, বৰঞ্চ চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অন্যান্য সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ বিষয়। মহাবিদ্যালয়ৰ চৌহদটো যথেষ্ট ডাঙৰ হোৱাৰ তুলনাত নিৰাপত্তাৰক্ষীৰ সংখ্যা একেবাৰেই অপৰ্যাপ্ত বুলি উল্লেখ কৰি তেওঁলোকে অনতিপলমে নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী জনাইছে।





