কলকাতাৰ ব্যস্ত এলেকা নিউ মাৰ্কেটৰ সমীপত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডই সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে পুৱতি নিশা ফ্ৰী স্কুল ষ্ট্ৰীটত থকা এখন হোটেলত লগা জুইত এটি শিশুসহ কমেও ৯ জন লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত চিকিৎসাৰ বাবে অহা বাংলাদেশী নাগৰিকো আছে বুলি জানিব পৰা গৈছে।
পুৱতি নিশা প্ৰায় ২ বজাত হোটেলখনৰ তৃতীয় মহলাত এই অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাথমিক অনুমান অনুসৰি, এটা শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ বিস্ফোৰণ হোৱাৰ ফলতেই জুই লাগিব পাৰে, অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন বাহন আৰু দুৰ্যোগ ব্যৱস্থাপনা দল ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জুই লগাৰ লগে লগে গোটেই হোটেলখন ধোঁৱাৰে ভৰি পৰে যদিও উদ্ধাৰকাৰী দলে প্ৰায় ৬০ জন লোকক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ মাজতে ৯ জন লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। মৃতকৰ মাজত ঝাৰখণ্ডৰ এজন লোকো চিনাক্ত কৰা হৈছে।
ইফালে, প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে হোটেলখনত জুই নুমুওৱাৰ কোনো প্ৰাথমিক সুৰক্ষা ব্যৱস্থাই নাছিল। এই ভয়ংকৰ ঘটনাৰ পিছতেই হোটেলৰ মালিক আৰু কৰ্মচাৰীসকল পলাতক হৈ আছে। ইতিমধ্যে কলকাতা আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক লৈ এটা গোচৰ ৰুজু কৰিছে আৰু পলাতক মালিক তথা কৰ্মচাৰীসকলৰ সন্ধানত তীব্ৰ অভিযান চলাইছে বুলি সদৰী কৰিছে।
উল্লেখযোগ্য যে, মাত্ৰ দুদিন আগতে অৰ্থাৎ ১৭ আগষ্টত পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ ‘হোটেল বিদেশিনী’তো এক অনুৰূপ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই ঘটনাত মেঘালয়ৰ একেটা পৰিয়ালৰ ৫ জন সদস্যসহ মুঠ ৮ জন লোকৰ মৃত্যু হৈছিল। একেৰাহে সংঘটিত এনে অগ্নিকাণ্ডই এতিয়া হোটেলসমূহৰ সুৰক্ষা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপিত হৈছে।





