চেনিৰ দাম দিনক দিনে বৃদ্ধি পোৱাক লৈ দেশজুৰি সাধাৰণ মানুহৰ মাজত উদ্বেগ সৃষ্টি হৈছে। এনে সময়তে বিহাৰৰ মন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ নেতা শ্ৰৱণ কুমাৰে চেনিৰ দাম বৃদ্ধি সন্দৰ্ভত কৰা এক মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীৰ মতে, আজিকালি বহু লোক ডায়েবেটিছত আক্ৰান্ত হোৱাৰ বাবে চেনি আৰু মিঠাই কম খায়। সেয়ে চেনিৰ দাম বৃদ্ধি পালেও সাধাৰণ মানুহৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে। তেওঁৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বহু লোকেই তীব্ৰ সমালোচনা আৰম্ভ কৰিছে।
নিৰ্দলীয় বিধায়ক পাপ্পু যাদৱেও মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে চৰকাৰৰ মন্ত্ৰীৰ পৰা এনে মন্তব্য আশা কৰাটোৱেই যেন স্বাভাৱিক হৈ পৰিছে। গেছ আৰু বিলাহীৰ দাম বৃদ্ধি হোৱাৰ সময়ত শাসকীয় পক্ষৰ বহু নেতাই মূল্যবৃদ্ধিক লৈ প্ৰশ্ন তুলিছিল যদিও এতিয়া চেনিৰ দাম বঢ়াত ডায়েবেটিছৰ যুক্তি দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। তেওঁৰ মতে, সমস্যাটো কেৱল চেনিৰ দাম বৃদ্ধি নহয়, চৰকাৰৰ নীতিয়েই ডাঙৰ সমস্যা।
ইয়াৰ মাজতে বিহাৰৰ আন এজন মন্ত্ৰী বিজয় কুমাৰ সিনহাইও চেনিৰ দাম বৃদ্ধিক লৈ নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কয় যে চেনিৰ দাম যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ কাৰণ কি, সেয়া জানিবলৈ সংশ্লিষ্ট মন্ত্ৰীৰ পৰা তথ্য লোৱা হ’ব। কিন্তু কৃষকে উৎপাদন কৰা সামগ্ৰীৰ দাম বৃদ্ধি পালে তেওঁ ব্যক্তিগতভাৱে সুখী হয় বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে, উৎসৱৰ সময়ত যাতে চেনিৰ দাম অধিক বৃদ্ধি নাপায়, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মজুতদাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ চেষ্টা কৰিছে। নতুন নিৰ্দেশনা অনুসৰি, ডাঙৰ চেনি ব্যৱসায়ী বা মজুতদাৰসকলে ১৫ দিনতকৈ অধিক সময় গুদামত চেনি জমা কৰি ৰাখিব নোৱাৰিব।
চৰকাৰৰ নিৰ্দেশ অনুসৰি, যিসকল ব্যৱসায়ীয়ে মাহত ১০ মেট্ৰিক টনতকৈ অধিক চেনি ক্ৰয়-বিক্ৰয় কৰে, তেওঁলোকে প্ৰতি ১৫ দিনৰ ভিতৰত নিজৰ গুদামত থকা চেনিৰ মজুত বজাৰত উলিয়াই দিব লাগিব। উৎসৱৰ বতৰত বজাৰত চেনিৰ যোগান স্বাভাৱিক ৰখা আৰু কৃত্ৰিমভাৱে দাম বৃদ্ধি ৰোধ কৰাই এই ব্যৱস্থাৰ মূল লক্ষ্য বুলি ধৰা হৈছে।





