• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত যক্ষ্মা সম্পূৰ্ণৰূপে নিৰাময়যোগ্য হোৱাৰ পাছতো, সজাগতা আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ অভাৱত এই ৰোগে আজিও চাহ বাগিচাসমূহত শ্ৰমিকসকলৰ প্ৰাণ কাঢ়ি নিছে।

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
August 23, 2026 3:25 pm
Monomoy Tea Estate and Monomoy Tea Estate Ayushman Arogya Mandir

Monomoy Tea Estate and Monomoy Tea Estate Ayushman Arogya Mandir

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট চহৰৰ পৰা প্ৰায় ১৯.৩ কিলোমিটাৰ নিলগৰ বনপিঠাগুৰি গাঁৱত অৱস্থিত মনোময় চাহ বাগিচা বৰ্তমান এক গভীৰ স্বাস্থ্য সংকটৰ সন্মুখীন হৈছে। প্ৰায় ৫৫০ জনবসতিপূৰ্ণ এই বাগিচাখনত শেহতীয়াকৈ স্বাস্থ্যজনিত আন্তঃগাঁথনিৰ অভাৱে দেখা দিছে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত যক্ষ্মা সম্পূৰ্ণৰূপে নিৰাময়যোগ্য হোৱাৰ পাছতো, সজাগতা আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ অভাৱত এই ৰোগে আজিও চাহ বাগিচাসমূহত শ্ৰমিকসকলৰ প্ৰাণ কাঢ়ি নিছে। পৰিস্থিতি ইমানেই ভয়াবহ যে কেৱল যক্ষ্মা ৰোগৰ বাবেই একোখন সমগ্ৰ পৰিয়াল একেবাৰেই নিঃশেষ হৈ যোৱাৰ দৰে হৃদয় বিদাৰক ঘটনাও সংঘটিত হৈছে। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতিমাত্ৰা বেছি। ২০২৫ চনৰ ৩ এপ্ৰিল তাৰিখে ‘দ্য ছেণ্টিনেল’ কাকতত প্ৰকাশিত ড০ ধৰ্মকান্ত কুম্ভকাৰৰ এক প্ৰবন্ধ অনুসৰি, অসমৰ প্ৰতিখন চাহ বাগিচাৰ প্ৰায় ১৬-ৰ পৰা ১৮ শতাংশ শ্ৰমিকেই এই মাৰাত্মক ৰোগত আক্ৰান্ত। এই ভয়াৱহ পৰিসংখ্যাৰ পাছত প্ৰকৃত বাস্তৱিক দিশটো পৰ্যবেক্ষণ কৰিবলৈ আমি যক্ষ্মা ৰোগৰ নিৰাময় আৰু চিনাক্তকৰণৰ ব্যৱস্থাৱলীৰ বুজ ল’বলৈ মনোময় চাহ বাগিচা অভিমুখে যাত্ৰা কৰিলোঁ।

মনোময় চাহ বাগিচা
মনোময় চাহ বাগিচা

চৰকাৰী ব্যৱস্থাৱলী আৰু যক্ষ্মা নিৰ্মূলকৰণৰ লক্ষ্য

কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰ হৈছে এই অঞ্চলৰ স্বাস্থ্য সেৱাৰ মূল কেন্দ্ৰ। চৰকাৰী নিৰ্দেশনা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ নীতি অনুসৰি, যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ (AAM) সমূহে এক গুৰুত্বপূৰ্ণ প্ৰাথমিক কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে। এই কেন্দ্ৰসমূহৰ জৰিয়তে ৰোগ প্ৰতিৰোধ, স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা জনসাধাৰণৰ একেবাৰে কাষলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। নিয়ম অনুসৰি কমিউনিটী হেল্থ অফিচাৰ (CHO), আশা (ASHA) কৰ্মী আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলে দীৰ্ঘদিনীয়া কাহ, জ্বৰ, ওজন কমা আৰু ৰাতি অস্বাভাৱিকভাৱে ঘাম ওলোৱা আদি লক্ষণ থকা লোকসকলক ঘৰে ঘৰে গৈ চিনাক্ত কৰিব লাগে। তেওঁলোকে স্পৰ্শকাতৰ বা দুৰ্বল শ্ৰেণীৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বুকুৰ এক্স-ৰে’ আৰু কফ (খেকাৰ) সংগ্ৰহ কৰাত সহায় কৰে, যিবোৰ পৰৱৰ্তী সময়ত উন্নত মলিকিউলাৰ বা ‘NAAT’ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও যক্ষ্মা ৰোগীসকলৰ চিকিৎসা শীঘ্ৰে আৰম্ভ কৰা, নিয়মীয়াকৈ ডট্‌ছ (DOTS) পদ্ধতিৰে ঔষধ সেৱন নিশ্চিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘নি-ক্ষয়’ (Ni-kshay) পৰ্টেলৰ জৰিয়তে ৰোগীৰ সবিশেষ তথ্য আৰু চিকিৎসাৰ অগ্ৰগতি নিৰীক্ষণ কৰাটো এই কেন্দ্ৰসমূহৰ অন্যতম প্ৰধান দায়িত্ব। ৰোগীৰ ঘৰৰ যোগ্য সদস্য আৰু অন্যান্য স্পৰ্শকাতৰ লোকসকলক যক্ষ্মা প্ৰতিৰোধক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰোগীসকলে যাতে আধাতে ঔষধ নাৰে, তাৰ বাবে স্বাস্থ্যকৰ্মীসকলে অহৰহ যোগাযোগ ৰাখি উৎসাহ যোগোৱাৰ সুনিৰ্দিষ্ট চৰকাৰী নিৰ্দেশনা আছে।

Apply Now
মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰ
মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰ

আন্তঃগাঁথনিৰ পুতৌলগা অৱস্থা আৰু বাস্তৱচিত্ৰ

চৰকাৰী নথিত থকা এই সুন্দৰ আৰু সুপৰিকল্পিত ব্যৱস্থাসমূহৰ বিপৰীতে মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰৰ বাস্তৱ চিত্ৰখন সঁচাকৈয়ে অতিশয় পুতৌলগা। মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰৰ প্ৰকৃত অৱস্থাৰ বিষয়ে জানিবলৈ আমি কেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়াৰ সৈতে বাৰ্তালাপ কৰোঁ, য’ত বহুতো উদ্বেগজনক তথ্য পোহৰলৈ আহে। তেখেতৰ ভাষ্য অনুসৰি, পাঁচটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰৰ অধীনত অঞ্চলটোত মাত্ৰ এগৰাকীহে আশা কৰ্মী, ৰিজোৱানা বেগম কৰ্মৰত হৈ আছে। এজনীয়া কৰ্মীৰ কান্ধত ইমান বিশাল এলেকাৰ দায়িত্ব থকাৰ ফলত তেখেতে সদায় মনোময় চাহ বাগিচাৰ অন্তৰ্গত লোকসকলৰ স্বাস্থ্যৰ খবৰ ল’বলৈ প্ৰায়েই আহৰি নাপায়। আশ্চৰ্যজনকভাৱে, চৰকাৰী নিয়ম অনুসৰি সৰু উপ-কেন্দ্ৰসমূহৰ দায়িত্বত এজন মধ্য-পৰ্যায়ৰ কমিউনিটী হেল্থ অফিচাৰ (CHO) থকাটো বাধ্যতামূলক যদিও, মনোময় চাহ বাগিচাৰ আগৰ বিষয়া ববিতা শইকীয়াই পদত্যাগ কৰাৰ পিছত আজিও সেই পদটো খালী হৈয়ে আছে। ইমান দিন উকলি যোৱাৰ পাছতো নতুন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ যেন গভীৰ কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন হৈ আছে। আনহাতে, নিয়মীয়া চিকিৎসকৰ অনুপস্থিতি এই কেন্দ্ৰটোৰ আন এক জ্বলন্ত সমস্যা। বৰ্তমান সপ্তাহ বা পষেকত মাত্ৰ এবাৰকৈ অহা চিকিৎসক হাৰুন আলীয়ে উমাবাৰীকে ধৰি কেইবাখনো বাগিচা একেলগে পৰিদৰ্শন কৰিবলগীয়া হোৱাৰ বাবে মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰক পৰ্যাপ্ত সময় দিবলৈ একেবাৰেই অক্ষম।

ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়া আৰু নাৰ্চ ৰিংকুমণি লাহন
ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়া আৰু নাৰ্চ ৰিংকুমণি লাহন

নিৰ্লিপ্ত কৰ্তৃপক্ষ আৰু বিপন্ন জনজীৱন

চিকিৎসক আৰু বিষয়াৰ চৰম অভাৱৰ মাজত বৰ্তমান এই সমগ্ৰ স্বাস্থ্য কেন্দ্ৰটো কেৱল ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়া আৰু নাৰ্চ ৰিংকুমণি লাহনৰ নিস্বাৰ্থ সেৱা আৰু ভৰসাতেই চলি আছে। তেওঁলোকে জনোৱা অনুসৰি আজিও মাজে-মাজে বাগিচাখনত নতুনকৈ যক্ষ্মাৰোগৰ ৰোগী ধৰা পৰিছে। উপযুক্ত চিকিৎসক আৰু পৰ্যাপ্ত স্বাস্থ্যকৰ্মীৰ অভাৱত এই ৰোগীসকলক সঠিক সময়ত উন্নত চিকিৎসা আৰু নিৰীক্ষণ প্ৰদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। যক্ষ্মাৰ দৰে এক সংক্ৰামক আৰু প্ৰাণঘাতী ৰোগৰ এনে প্ৰাদুৰ্ভাৱৰ সময়তো চৰকাৰী স্বাস্থ্য বিভাগ আৰু বাগিচা কৰ্তৃপক্ষৰ এই চৰম নিৰ্লিপ্ত ভূমিকাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে। যক্ষ্মা নিৰ্মূলকৰণৰ চৰকাৰী শ্লোগান আৰু ‘নি-ক্ষয়’ অভিযানৰ ঢাক-ঢোলৰ বিপৰীতে মনোময় চাহ বাগিচাৰ এই বাস্তৱ চিত্ৰই অসমৰ চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য খণ্ডৰ এক ফোপোলা স্বৰূপকে উদঙাই দিছে। জনসাধাৰণৰ প্ৰাণৰ বিনিময়ত চলি থকা এই অৱহেলাৰ অন্ত কেতিয়া পৰিব, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ ৰৈছে।

 

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd