যোৰহাট চহৰৰ পৰা প্ৰায় ১৯.৩ কিলোমিটাৰ নিলগৰ বনপিঠাগুৰি গাঁৱত অৱস্থিত মনোময় চাহ বাগিচা বৰ্তমান এক গভীৰ স্বাস্থ্য সংকটৰ সন্মুখীন হৈছে। প্ৰায় ৫৫০ জনবসতিপূৰ্ণ এই বাগিচাখনত শেহতীয়াকৈ স্বাস্থ্যজনিত আন্তঃগাঁথনিৰ অভাৱে দেখা দিছে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত যক্ষ্মা সম্পূৰ্ণৰূপে নিৰাময়যোগ্য হোৱাৰ পাছতো, সজাগতা আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ অভাৱত এই ৰোগে আজিও চাহ বাগিচাসমূহত শ্ৰমিকসকলৰ প্ৰাণ কাঢ়ি নিছে। পৰিস্থিতি ইমানেই ভয়াবহ যে কেৱল যক্ষ্মা ৰোগৰ বাবেই একোখন সমগ্ৰ পৰিয়াল একেবাৰেই নিঃশেষ হৈ যোৱাৰ দৰে হৃদয় বিদাৰক ঘটনাও সংঘটিত হৈছে। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, অসমৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতিমাত্ৰা বেছি। ২০২৫ চনৰ ৩ এপ্ৰিল তাৰিখে ‘দ্য ছেণ্টিনেল’ কাকতত প্ৰকাশিত ড০ ধৰ্মকান্ত কুম্ভকাৰৰ এক প্ৰবন্ধ অনুসৰি, অসমৰ প্ৰতিখন চাহ বাগিচাৰ প্ৰায় ১৬-ৰ পৰা ১৮ শতাংশ শ্ৰমিকেই এই মাৰাত্মক ৰোগত আক্ৰান্ত। এই ভয়াৱহ পৰিসংখ্যাৰ পাছত প্ৰকৃত বাস্তৱিক দিশটো পৰ্যবেক্ষণ কৰিবলৈ আমি যক্ষ্মা ৰোগৰ নিৰাময় আৰু চিনাক্তকৰণৰ ব্যৱস্থাৱলীৰ বুজ ল’বলৈ মনোময় চাহ বাগিচা অভিমুখে যাত্ৰা কৰিলোঁ।

চৰকাৰী ব্যৱস্থাৱলী আৰু যক্ষ্মা নিৰ্মূলকৰণৰ লক্ষ্য
কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰ হৈছে এই অঞ্চলৰ স্বাস্থ্য সেৱাৰ মূল কেন্দ্ৰ। চৰকাৰী নিৰ্দেশনা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ নীতি অনুসৰি, যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ (AAM) সমূহে এক গুৰুত্বপূৰ্ণ প্ৰাথমিক কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে। এই কেন্দ্ৰসমূহৰ জৰিয়তে ৰোগ প্ৰতিৰোধ, স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা জনসাধাৰণৰ একেবাৰে কাষলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। নিয়ম অনুসৰি কমিউনিটী হেল্থ অফিচাৰ (CHO), আশা (ASHA) কৰ্মী আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলে দীৰ্ঘদিনীয়া কাহ, জ্বৰ, ওজন কমা আৰু ৰাতি অস্বাভাৱিকভাৱে ঘাম ওলোৱা আদি লক্ষণ থকা লোকসকলক ঘৰে ঘৰে গৈ চিনাক্ত কৰিব লাগে। তেওঁলোকে স্পৰ্শকাতৰ বা দুৰ্বল শ্ৰেণীৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বুকুৰ এক্স-ৰে’ আৰু কফ (খেকাৰ) সংগ্ৰহ কৰাত সহায় কৰে, যিবোৰ পৰৱৰ্তী সময়ত উন্নত মলিকিউলাৰ বা ‘NAAT’ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও যক্ষ্মা ৰোগীসকলৰ চিকিৎসা শীঘ্ৰে আৰম্ভ কৰা, নিয়মীয়াকৈ ডট্ছ (DOTS) পদ্ধতিৰে ঔষধ সেৱন নিশ্চিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘নি-ক্ষয়’ (Ni-kshay) পৰ্টেলৰ জৰিয়তে ৰোগীৰ সবিশেষ তথ্য আৰু চিকিৎসাৰ অগ্ৰগতি নিৰীক্ষণ কৰাটো এই কেন্দ্ৰসমূহৰ অন্যতম প্ৰধান দায়িত্ব। ৰোগীৰ ঘৰৰ যোগ্য সদস্য আৰু অন্যান্য স্পৰ্শকাতৰ লোকসকলক যক্ষ্মা প্ৰতিৰোধক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰোগীসকলে যাতে আধাতে ঔষধ নাৰে, তাৰ বাবে স্বাস্থ্যকৰ্মীসকলে অহৰহ যোগাযোগ ৰাখি উৎসাহ যোগোৱাৰ সুনিৰ্দিষ্ট চৰকাৰী নিৰ্দেশনা আছে।

আন্তঃগাঁথনিৰ পুতৌলগা অৱস্থা আৰু বাস্তৱচিত্ৰ
চৰকাৰী নথিত থকা এই সুন্দৰ আৰু সুপৰিকল্পিত ব্যৱস্থাসমূহৰ বিপৰীতে মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰৰ বাস্তৱ চিত্ৰখন সঁচাকৈয়ে অতিশয় পুতৌলগা। মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰৰ প্ৰকৃত অৱস্থাৰ বিষয়ে জানিবলৈ আমি কেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়াৰ সৈতে বাৰ্তালাপ কৰোঁ, য’ত বহুতো উদ্বেগজনক তথ্য পোহৰলৈ আহে। তেখেতৰ ভাষ্য অনুসৰি, পাঁচটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰৰ অধীনত অঞ্চলটোত মাত্ৰ এগৰাকীহে আশা কৰ্মী, ৰিজোৱানা বেগম কৰ্মৰত হৈ আছে। এজনীয়া কৰ্মীৰ কান্ধত ইমান বিশাল এলেকাৰ দায়িত্ব থকাৰ ফলত তেখেতে সদায় মনোময় চাহ বাগিচাৰ অন্তৰ্গত লোকসকলৰ স্বাস্থ্যৰ খবৰ ল’বলৈ প্ৰায়েই আহৰি নাপায়। আশ্চৰ্যজনকভাৱে, চৰকাৰী নিয়ম অনুসৰি সৰু উপ-কেন্দ্ৰসমূহৰ দায়িত্বত এজন মধ্য-পৰ্যায়ৰ কমিউনিটী হেল্থ অফিচাৰ (CHO) থকাটো বাধ্যতামূলক যদিও, মনোময় চাহ বাগিচাৰ আগৰ বিষয়া ববিতা শইকীয়াই পদত্যাগ কৰাৰ পিছত আজিও সেই পদটো খালী হৈয়ে আছে। ইমান দিন উকলি যোৱাৰ পাছতো নতুন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ যেন গভীৰ কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন হৈ আছে। আনহাতে, নিয়মীয়া চিকিৎসকৰ অনুপস্থিতি এই কেন্দ্ৰটোৰ আন এক জ্বলন্ত সমস্যা। বৰ্তমান সপ্তাহ বা পষেকত মাত্ৰ এবাৰকৈ অহা চিকিৎসক হাৰুন আলীয়ে উমাবাৰীকে ধৰি কেইবাখনো বাগিচা একেলগে পৰিদৰ্শন কৰিবলগীয়া হোৱাৰ বাবে মনোময় চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰক পৰ্যাপ্ত সময় দিবলৈ একেবাৰেই অক্ষম।

নিৰ্লিপ্ত কৰ্তৃপক্ষ আৰু বিপন্ন জনজীৱন
চিকিৎসক আৰু বিষয়াৰ চৰম অভাৱৰ মাজত বৰ্তমান এই সমগ্ৰ স্বাস্থ্য কেন্দ্ৰটো কেৱল ফাৰ্মাচিষ্ট ভাস্কৰজ্যোতি শইকীয়া আৰু নাৰ্চ ৰিংকুমণি লাহনৰ নিস্বাৰ্থ সেৱা আৰু ভৰসাতেই চলি আছে। তেওঁলোকে জনোৱা অনুসৰি আজিও মাজে-মাজে বাগিচাখনত নতুনকৈ যক্ষ্মাৰোগৰ ৰোগী ধৰা পৰিছে। উপযুক্ত চিকিৎসক আৰু পৰ্যাপ্ত স্বাস্থ্যকৰ্মীৰ অভাৱত এই ৰোগীসকলক সঠিক সময়ত উন্নত চিকিৎসা আৰু নিৰীক্ষণ প্ৰদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। যক্ষ্মাৰ দৰে এক সংক্ৰামক আৰু প্ৰাণঘাতী ৰোগৰ এনে প্ৰাদুৰ্ভাৱৰ সময়তো চৰকাৰী স্বাস্থ্য বিভাগ আৰু বাগিচা কৰ্তৃপক্ষৰ এই চৰম নিৰ্লিপ্ত ভূমিকাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে। যক্ষ্মা নিৰ্মূলকৰণৰ চৰকাৰী শ্লোগান আৰু ‘নি-ক্ষয়’ অভিযানৰ ঢাক-ঢোলৰ বিপৰীতে মনোময় চাহ বাগিচাৰ এই বাস্তৱ চিত্ৰই অসমৰ চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য খণ্ডৰ এক ফোপোলা স্বৰূপকে উদঙাই দিছে। জনসাধাৰণৰ প্ৰাণৰ বিনিময়ত চলি থকা এই অৱহেলাৰ অন্ত কেতিয়া পৰিব, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ ৰৈছে।





