ধৰ্ষণ আৰু হত্যাৰ পৃথক গোচৰত দোষী সাব্যস্ত আৰু শাস্তি লাভ কৰা ডেৰা সাচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙক পুনৰ ২১ দিনৰ পেৰ’ল (সাময়িক মুক্তি) প্ৰদান কৰা হৈছে। মঙলবাৰে পুৱা গুৰমীত ৰাম ৰহিম সিঙে কটকটীয়া নিৰাপত্তাৰ অধীনত হাৰিয়ানাৰ ৰোহটকৰ সুনাৰিয়া জেলৰ পৰা ওলাই আহে। ২০২০ চনৰ অক্টোবৰৰ পৰা এইবাৰলৈকে তেওঁৰ এয়া ১৭ সংখ্যক মুক্তি।
বাতৰি অনুসৰি মঙলবাৰে পুৱা ৬:০৫ বজাত কটকটীয়া নিৰাপত্তাৰ অধীনত ৰাম ৰহিমে জেলৰ পৰা ওলাই আহি ছিৰছাস্থিত ডেৰা মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে ২৬ মে’ত তেওঁক ৩০ দিনৰ পেৰ’ল দিয়া হৈছিল। সেই সময়ছোৱাৰ পিছত ২৬ জুনত পুনৰ সুনাৰিয়া জেললৈ উভতি আহে।
তেওঁৰ দুগৰাকী মহিলা অনুগামীৰ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হয় ৰাম ৰহিম। ২০১৭ চনৰ আগষ্ট মাহত তেওঁক সুনাৰিয়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।পিছত ছিৰছাৰ সাংবাদিক ৰাম চন্দৰ ছত্ৰপতিৰ হত্যাকে ধৰি আন কেইবাটাও গোচৰত দোষী সাব্যস্ত হৈছিল।
মঙলবাৰে তেওঁক মুকলি কৰি দিয়াৰ লগে লগে তেওঁ পেৰ’ল বা ফাৰ্ল’ত জেলৰ পৰা ১৭ বাৰৰ বাবে বাহিৰলৈ আহিল। ধৰ্ষণ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা এজন ব্যক্তিক বাৰে বাৰে পেৰ’লত মুকলি কৰি দিয়াৰ বিষয়টোৱে প্ৰশ্ন আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।
ইয়াৰ পূৰ্বে ২৬ মে’ত তেওঁক ৩০ দিনৰ পেৰ’ল দিয়া হৈছিল।এমাহৰ পাছত তেওঁ পুনৰ জেললৈ আহে। জানুৱাৰী মাহতো তেওঁক ৪০ দিনৰ পেৰ’ল দিয়া হৈছিল। প্ৰায় ৯ বছৰ পূৰ্বে দোষী সাব্যস্ত হোৱাৰ পিছৰে পৰা তেওঁৰ বাৰে বাৰে মুক্তি পোৱাৰ বিষয়টো ৰাজনৈতিক বিতৰ্ক আৰু আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।





