• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপীড়িতক সাহায্য দিয়াত চৰকাৰ খেলিমেলিক লৈ সৰৱ হৈ উঠিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মঙলবাৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সংবাদমেল সম্বোধন কৰি গগৈয়ে অসম চৰকাৰক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। তেওঁৰ দাবী, বানত ক্ষতিগ্ৰস্ত হৈ এতিয়াও যিসকল পৰিয়ালে চৰকাৰে ঘোষণা কৰা অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰা নাই, সেইসকলক শীঘ্ৰে ধন মুকলি কৰি দিব লাগিব।

গগৈৰ অভিযোগ, ইতিমধ্যে ৩৬ দিনতকৈ অধিক সময় পাৰ হৈ গৈছে, তথাপিও বহু বানপীড়িত পৰিয়াল চৰকাৰী সাহায্যৰ অপেক্ষাত আছে। তেওঁ কয়, চৰকাৰে ১৫ হাজাৰ বা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যক নিজেই ‘জৰুৰী সাহায্য’ বুলি অভিহিত কৰিছে। কিন্তু জৰুৰী সাহায্য যদি ২৪ বা ৪৮ ঘণ্টাৰ ভিতৰত দিয়া হয়, তেন্তে ৩৬ দিন পাৰ হৈ যোৱাৰ পাছতো কিয় বহু পৰিয়ালে ধন পোৱা নাই বুলি প্ৰশ্ন তোলে গগৈয়ে।

Apply Now

তেওঁ স্পষ্ট কৰি দিয়ে যে ৪৮ ঘণ্টাৰ ভিতৰত বাকী থকা সকলো উপযুক্ত বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান নকৰিলে আন্দোলন অধিক তীব্ৰ কৰা হ’ব। প্ৰয়োজন হ’লে বানপীড়িত লোকসকলক লগত লৈ গুৱাহাটী অভিমুখে পদযাত্ৰা কৰাৰো হুংকাৰ দিয়ে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।

বানত ক্ষতিগ্ৰস্ত হোৱা ঘৰ-দুৱাৰৰ বাবে চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণকো অখিল গগৈয়ে অপৰ্যাপ্ত বুলি মন্তব্য কৰে। তেওঁৰ মতে, বহু পৰিয়ালে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে, সেয়েহে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক কমেও ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে। ইয়াৰ উপৰি বানত ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলৰ বাবেও পৃথক আৰ্থিক সহায় আগবঢ়োৱাৰ দাবী জনায় তেওঁ।

চৰকাৰে দাবীসমূহ পূৰণ নকৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনাৰ কথাও গগৈয়ে উল্লেখ কৰে। তেওঁ কয়, বানপীড়িত লোকসকলৰ দাবী আৰু ক্ষোভক আওকাণ কৰি চৰকাৰে অধিক সময় পাৰ কৰিব নোৱাৰে।

ইফালে বানপানীৰ ভয়াবহতাৰ আঁৰত অবৈধ খনন আৰু কয়লা, বালি, শিল উত্তোলনৰ দৰে কাৰ্যকলাপৰ ভূমিকা সম্পৰ্কে তদন্ত কৰাৰ দাবী জনায় গগৈয়ে। তেওঁ কয়, অবৈধ খনন চলোৱা তথাকথিত ছিণ্ডিকেটৰ কাৰ্যকলাপে বান পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে নেকি, সেইটো তদন্ত কৰি সত্য উন্মোচন কৰিব লাগে। এই ক্ষেত্ৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ জৰিয়তে তদন্ত কৰাৰো দাবী জনায় তেওঁ।

অখিল গগৈয়ে কয় যে মঙলবাৰৰ প্ৰতিবাদ কেৱল কোনো ৰাজনৈতিক কাৰ্যসূচী নহয়। বানত সৰ্বস্ব হেৰুওৱা সাধাৰণ লোকসকলৰ অভিযোগ, ক্ষোভ আৰু দাবী চৰকাৰৰ ওচৰত তুলি ধৰিবলৈও এই প্ৰতিবাদ আয়োজন কৰা হৈছে। বানপীড়িত লোকসকলে এতিয়া তাৎক্ষণিক সাহায্য, পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd