ৰাস্তাত স্কুল বাছ দেখিলেই চকুত পৰা এটা বিশেষ কথা হ’ল ইয়াৰ উজ্জ্বল হালধীয়া ৰং। সৰুৰে পৰা এই ৰঙৰ সৈতে স্কুল বাছৰ এক বিশেষ পৰিচয় গঢ় লৈ উঠিছে। কিন্তু কেতিয়াবা ভাবিছেনে, স্কুল বাছৰ ৰং হালধীয়াই কিয়? ৰঙা, নীলা, সেউজীয়া বা আন কোনো ৰং কিয় নহয়?
স্কুল বাছত হালধীয়া ৰং ব্যৱহাৰৰ ইতিহাসৰ আৰম্ভণি আমেৰিকাত। ১৯৩৯ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ টিচাৰ্ছ কলেজত এখন বিশেষ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত শিক্ষা বিষয়া, যাতায়াত বিশেষজ্ঞ আৰু স্কুল বাছ নিৰ্মাতাসকল একেলগে বহি স্কুল বাছৰ নক্সা আৰু সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিছিল। সেই সময়ত আমেৰিকাৰ বিভিন্ন অঞ্চলত স্কুল বাছৰ ৰং একে নাছিল। কোনো ঠাইত বাছৰ ৰং আছিল বেলেগ, কোনো ঠাইত আকৌ আন এক ৰং। ফলত দূৰৰ পৰা কোনখন বাছ স্কুল বাছ, সেয়া সহজে চিনাক্ত কৰা সম্ভৱ হোৱা নাছিল।
এই সমস্যাৰ সমাধানৰ বাবে এক নিৰ্দিষ্ট ৰং বাছনি কৰা হৈছিল। সেই ৰং আছিল হালধীয়া আৰু কমলা আভাযুক্ত এক বিশেষ শেড। ইয়াক ‘নেচনেল স্কুল বাছ ক্ৰ’ম’ নামেৰে পৰিচিত কৰা হৈছিল। পাছলৈ এই ৰঙেই স্কুল বাছৰ সৈতে প্ৰায় অভিন্ন পৰিচয় লাভ কৰে।
কিন্তু হালধীয়াই কিয় সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে? ইয়াৰ মূল কাৰণ হ’ল দূৰৰ পৰাই সহজে দেখা পোৱা। বিশেষকৈ পুৱতি নিশা বা পোহৰ কম থকা সময়ত উজ্জ্বল হালধীয়া ৰং সহজে চকুত পৰে। তাৰ ওপৰত ক’লা আখৰ থাকিলে সেইবোৰো স্পষ্টকৈ দেখা যায়। ফলত বাছৰ গাত লিখা সতৰ্কতামূলক বাৰ্তা বা স্কুল বাছৰ চিহ্ন আন পথ ব্যৱহাৰকাৰীৰ চকুত সহজে পৰে।
ইয়াৰ সৈতে জড়িত আছে আন এক গুৰুত্বপূৰ্ণ সুৰক্ষাৰ বিষয়। উজ্জ্বল হালধীয়া ৰং দেখিলেই চালকে আগত থকা বাহনখন সাধাৰণ বাছ নহয়, স্কুল বাছ বুলি সোনকালে বুজি পায়। স্কুল বাছখন শিশুসকল উঠা-নমা কৰাৰ বাবে পথত ৰৈ যোৱাৰ সময়ত এই আগতীয়া চিনাক্তকৰণ অতি গুৰুত্বপূৰ্ণ। আন বাহনৰ চালকে সাৱধান হোৱাৰ সুযোগ পায় আৰু দুৰ্ঘটনাৰ সম্ভাৱনাও হ্ৰাস কৰিব পৰা যায়।
অৱশ্যে স্কুল বাছৰ হালধীয়া ৰং মূলতঃ আমেৰিকাৰ সৈতে বেছিকৈ জড়িত। আমেৰিকাৰ ফেডাৰেল আইনে প্ৰতিখন স্কুল বাছক বাধ্যতামূলকভাৱে হালধীয়া ৰঙৰ হ’ব লাগিব বুলি নিৰ্দেশ দিয়া নাই। কিন্তু নেচনেল হাইৱে ট্ৰেফিক ছেফটি এডমিনিষ্ট্ৰেচনে ‘নেচনেল স্কুল বাছ গ্লছি য়েলো’ ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। ৰাজ্য আৰু স্থানীয় প্ৰশাসনে নিজৰ নিয়ম অনুসৰি স্কুল পৰিবহণৰ নীতি নিৰ্ধাৰণ কৰে।
সেয়েহে স্কুল বাছৰ এই উজ্জ্বল হালধীয়া ৰং কোনো ফেশ্বন, সৌন্দৰ্য বা কাকতালীয় সিদ্ধান্ত নহয়। প্ৰায় ৯০ বছৰ পূৰ্বে শিশুসকলৰ সুৰক্ষা আৰু বাছখনক সহজে চিনাক্ত কৰিব পৰাৰ বাবে লোৱা এটা সিদ্ধান্ত ক্ৰমাৎ এক শক্তিশালী প্ৰতীকত পৰিণত হৈছে। আজিও ৰাস্তাত এখন উজ্জ্বল হালধীয়া স্কুল বাছ দেখিলেই মনলৈ আহে বিদ্যালয়, শিশু আৰু সুৰক্ষাৰ কথাই।





