মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটস্থিত আইন অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° দিবাকৰ শৰ্মাৰ ‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
বিশ্ববিদ্যালয়খনৰ আইন অধ্যয়ন বিভাগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সমসাময়িক আইন ব্যৱস্থাত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, সম্ভাৱনা আৰু প্ৰত্যাহ্বানক কেন্দ্ৰ কৰি ৰচিত গ্ৰন্থখনৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়।
গ্ৰন্থখনত কৃত্ৰিম বুদ্ধিমত্তা (AI), আইন-প্ৰযুক্তি আৰু ন্যায় ব্যৱস্থাৰ মাজত গঢ় লৈ উঠা আন্তঃসম্পৰ্কৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হৈছে। ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ, দ্ৰুত আৰু সময়োপযোগী কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সম্ভাৱনাৰ লগতে ইয়াৰ সৈতে জড়িত বিভিন্ন আইনগত আৰু ব্যৱহাৰিক দিশো গ্ৰন্থখনত বিশদভাৱে আলোচনা কৰা হৈছে।
অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, আইন অধ্যয়ন বিভাগৰ বিধিগুৰু অধ্যাপক স্তুতি ডেকা আৰু বিভাগটোৰ মুৰব্বী ড° প্ৰীতি ৰূপা শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৱে বিশ্ববিদ্যালয়খনৰ আইন অধ্যয়ন বিভাগৰ শৈক্ষিক আৰু গৱেষণামূলক পৰিসৰ অধিক সমৃদ্ধ কৰাৰ লগতে উদ্ভাৱন, আন্তঃবিষয়ক জ্ঞানচৰ্চা আৰু শৈক্ষিক উৎকৰ্ষতাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
গ্ৰন্থখন প্ৰকাশ কৰিছে Widespread Research and Scientific Publication-এ।





