• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 1:10 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ আমিনগাঁওস্থিত উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰক কেন্দ্ৰ কৰি বৃহৎ পৰিমাণৰ মাটি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে কুটুম সুৰক্ষা পৰিষদে। সংগঠনটোৱে এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি মাটি ক্ৰয়-বিক্ৰয়ৰ বিভিন্ন তথ্য ৰাজহুৱা কৰাৰ দাবী জনাইছে।

৩ আগষ্টত দাখিল কৰা পত্ৰখনত কুটুম সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই অভিযোগ কৰে যে ৰাজহ চক্ৰৰ অধীনত বহু কেইগৰাকী সাধাৰণ লোকক অতি সংবেদনশীলভাৱে মাটিৰ লেনদেন সন্দৰ্ভত তথ্য বিচৰা হৈছিল যদিও সঠিক তথ্য লাভ কৰা হোৱা নাই। তেওঁ কয় যে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি প্ৰথমে সাধাৰণভাৱে কিছু তথ্য বিচৰা হৈছিল আৰু প্ৰয়োজন সাপেক্ষে RTI Act, 2005-ৰ অধীনত আনুষ্ঠানিকভাৱে তথ্য বিচৰা হ’ব।

Apply Now

পত্ৰখনত বিশেষকৈ ৰাজহ চক্ৰৰ বৰবংশৰ মৌজাৰ আলিপুৰ গাঁৱৰ দাগ নম্বৰ ২২০-ৰ অন্তৰ্গত মাটিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে। অভিযোগ অনুসৰি, উক্ত দাগত মুঠ ১১ বিঘা মাটিৰ ভিতৰত প্ৰায় ১৬ বিঘা মাটি বিক্ৰী হোৱা বুলি তথ্য পোৱা গৈছে, তাৰ স্পষ্টতা বিচৰা হৈছে। লগতে মাটিখিনি কাৰ নামত, কোন ব্যক্তি বা ব্যৱসায়িক গোষ্ঠীৰ নামত বিক্ৰী কৰা হৈছিল আৰু ইয়াৰ সৈতে কোনো পৰিয়াল বা ব্যক্তিগত স্বাৰ্থ জড়িত আছে নেকি, সেয়াও জানিবলৈ বিচৰা হৈছে।

ইয়াৰ উপৰি দাগ নম্বৰ ২২২-ৰ ক্ষেত্ৰতো প্ৰায় ৯.৫ বিঘা মাটি কোনো এজন ব্যক্তি বা তেওঁৰ সম্পৰ্কীয় লোকৰ হাতত বিক্ৰী কৰা হৈছিল নেকি আৰু মাটিখিনি ক’ৰ পৰা ক্ৰয় কৰা হৈছিল, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে।

কেৱল এই দুটা দাগতে সীমাবদ্ধ নহৈ ৰাজহ চক্ৰৰ অধীনত আন বহু দাগত দখল আৰু মাটি বিক্ৰীৰ খবৰ লাভ কৰাৰ দাবী কৰিছে কুটুম সুৰক্ষা পৰিষদে। পত্ৰখনত অসমৰ মুখ্যমন্ত্ৰীয়ে মাটি জালিয়াতি আৰু মাটি দালালিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি এনে কাৰ্যকলাপ অব্যাহত থকাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰা হৈছে।

সংগঠনটোৰ অভিযোগ অনুসৰি, সুমন আহমেদ নামৰ এগৰাকী লোক মাটি দালালিৰ সৈতে জড়িত থকাৰ তথ্যও তেওঁলোকৰ হাতত আছে। পত্ৰখনত সুমন আহমেদে দালালি কৰি উমেশ কুমাৰ বেৰীয়াৰ নামত মাটি বিক্ৰী কৰাৰ তথ্য আৰু প্ৰমাণ সংগঠনটোৰ হাতত আছে দাবী কৰা হৈছে।

এই সমগ্ৰ বিষয়টো তদন্ত কৰি সংশ্লিষ্ট মাটি লেনদেনৰ নথি-পত্ৰ আৰু তথ্য স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ ৰাজহ চক্ৰ কৰ্তৃপক্ষৰ সহযোগিতা বিচাৰিছে কুটুম সুৰক্ষা পৰিষদে। সংগঠনটোৱে বিষয়টো পৰৱৰ্তী সময়ত কেনেদৰে আগবঢ়াব, সেয়া কৰ্তৃপক্ষৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd