• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

তেওঁ দাবী কৰে যে ব্যক্তিগত শত্ৰুতা বা কু-অভিপ্ৰায়ৰ বাবেই এই অভিযোগ উত্থাপন কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 3, 2026 2:44 pm
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতা  (বাওঁফালে) আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মা (সোঁফালে)।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতা (বাওঁফালে) আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মা (সোঁফালে)।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা কেইবাটাও অভিযোগ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মাই সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে। প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে নিজৰ স্থিতি প্ৰকাশ কৰি ন্যায়াধীশ শৰ্মাই এই অভিযোগ ‘মিছা, ভিত্তিহীন আৰু তথ্যহীন’ বুলি খাৰিজ কৰিছে।

তেওঁ দাবী কৰে যে ব্যক্তিগত শত্ৰুতা বা কু-অভিপ্ৰায়ৰ বাবেই এই অভিযোগ উত্থাপন কৰা হৈছে। একে সময়তে তেওঁ কয় যে তেওঁ ইতিমধ্যে সকলো অভিযোগৰ উত্তৰ আৰু তাৰ সমৰ্থনত প্ৰয়োজনীয় নথি-পত্ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ ওচৰত দাখিল কৰিছে।

Apply Now

ন্যায়াধীশ শৰ্মাই কয় যে শেহতীয়াকৈ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত এই বিবাদ সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰকাশ পোৱাৰ পিছতে তেওঁ এই মন্তব্য কৰিছে। তেওঁ সংবাদ মাধ্যম, আইনীজীৱী মহল আৰু সংশ্লিষ্ট সকলোকে মুখ্য ন্যায়াধীশে সিদ্ধান্ত গ্ৰহণ নকৰালৈকে সংযম বজাই ৰাখিবলৈ আহ্বান জনায়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাই ২, ১০ আৰু ১৭ আগষ্টত তিনিখন পত্ৰ লিখি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ ওচৰত অভিযোগ দাখিল কৰে। তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিবলৈ আন এখন উচ্চ ন্যায়ালয়ৰ পৰা স্থায়ী মুখ্য ন্যায়াধীশ নিযুক্তি দিবলৈ দাবী জনায়। তেওঁ লগতে ন্যায়াধীশ শৰ্মাক ৰাজস্থানৰ পৰা বদলি কৰিবলৈ অনুৰোধ জনায়।

ন্যায়াধীশ মেহতাৰ অভিযোগৰ তালিকাত প্ৰশাসনিক অব্যৱস্থা, দুৰ্নীতি, স্বজন-তোষণ আৰু পক্ষপাতিত্ব আদি গুৰুতৰ বিষয় সন্নিবিষ্ট কৰা হৈছিল। তেওঁ অভিযোগ কৰে যে ন্যায়াধীশ শৰ্মাই ‘মাষ্টাৰ অৱ দ্য ৰষ্টাৰ’ হিচাপে থকা ক্ষমতাৰ অপব্যৱহাৰ কৰি কিছুমান গোচৰ বাছনি কৰি নিজৰ বিচাৰপীঠলৈ লৈ গৈছে। আনকি তেওঁ ‘ধনী আৰু প্ৰভাৱশালী’ অভিযোগকাৰীৰ পক্ষত থকাৰ অভিযোগ উত্থাপন কৰে।

ন্যায়াধীশ মেহতাই কেৱল ন্যায়িক বিষয়ক লৈ নহয়, উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক কাম-কাজ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। যোধপুৰ প্ৰধান বিচাৰপীঠৰ কাম-কাজ আৰু জয়পুৰত অনুষ্ঠিত তিনিদিনীয়া সন্মিলনকে ধৰি বিভিন্ন প্ৰশাসনিক সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এনে সিদ্ধান্তই প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক দক্ষতা আৰু বিশ্বাসযোগ্যতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

এই অভিযোগৰ প্রত্যুত্তৰ দি ন্যায়াধীশ শর্মাই কয় যে তেওঁ প্রতিটো অভিযোগ প্রমাণেৰে খণ্ডন কৰিছে৷ অৱশ্যে এই সন্দৰ্ভত এতিয়া ৰাজহুৱাভাৱে কোনো বিশদ বক্তব্য দিব নিবিচাৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ পৰা অনুমতি লৈ ‘সঠিক সময়ত’ সংবাদ মাধ্যমৰ সন্মুখত আহি নিজৰ স্থিতি ব্যাখ্যা কৰিব বুলিও তেওঁ কয়।

ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ সূৰ্য কান্তেও স্পষ্টকৈ কৈছিল যে যদি কোনো কৰ্মৰত ন্যায়াধীশৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হ’লেই ইয়াক সঁচা বা প্ৰতিষ্ঠিত সিদ্ধান্ত বুলি গণ্য কৰিব নোৱাৰি। তেওঁ লগতে মন্তব্য কৰে যে বিষয়টো সঠিক প্ৰতিষ্ঠানিক প্ৰক্ৰিয়াৰে তদন্ত চলি আছে আৰু অভিযুক্ত ন্যায়াধীশক নিজৰ মতামত প্ৰকাশ কৰাৰ সম্পূৰ্ণ সুযোগ দিব লাগিব।

এই বিতৰ্কৰ মাজতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ স্থায়ী মুখ্য ন্যায়াধীশৰ পদটো দীৰ্ঘদিন ধৰি খালী হৈ আছে। বৰ্তমান ন্যায়াধীশ শৰ্মাই ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ মাজতে ১ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ আগৰৱালক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ দিয়ে। জয়পুৰ আৰু যোধপুৰত নিয়মীয়া মুখ্য ন্যায়াধীশ নিযুক্তিৰ দাবীত অধিবক্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে এই পৰামৰ্শ আগবঢ়োৱা হৈছে।

আনহাতে, বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত ন্যায়াধীশ শৰ্মাই ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক কামৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।এতিয়া ন্যায়পালিকাৰ লগতে আনুষংগিক মহলে মুখ্য ন্যায়াধীশৰ নেতৃত্বত চলি থকা প্ৰতিষ্ঠানিক তদন্ত বা পৰ্যালোচনাৰ ফলাফলৰ প্ৰতি আগ্ৰহী হৈ ৰৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd