বৃক্ক (কিডনি) বিকল হোৱাৰ বাবে জীয়াই থকাৰ আশা প্ৰায় নাছিল। যিমান পাৰি সোনকালে কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। কিন্তু, তাৰ বাবেও সময় লাগে। এজন দাতাৰো প্ৰয়োজন। ইপিনে, ব্যক্তিগৰাকীৰ হাতত সময় নাই।
সেয়ে, অৱশেষত আমেৰিকান টিম এণ্ড্ৰুজৰ শৰীৰত গাহৰিৰ বৃক্ক স্থাপন কৰা হ’ল। সেই অৱস্থাতে তেওঁ ৯ মাহতকৈ অধিক সময় জীয়াই থাকিল। পিছত এজন দাতা পোৱাৰ লগে লগে তেওঁৰ শৰীৰত মানুহৰ বৃক্ক সংৰোপণ কৰা হয়।
শেহতীয়াকৈ লেন্সেট মেডিকেল জাৰ্নেলত এই ঘটনাৰ কথা প্ৰকাশ পাইছে। সেই প্ৰতিবেদন অনুসৰি মানৱ সভ্যতাৰ ইতিহাসত ডায়েলাইছিছ নকৰাকৈ গাহৰিৰ বৃক্কৰ সহায়ত ইমান দিনে জীয়াই থকাৰ এইটোৱেই প্ৰথম ঘটনা।
আমেৰিকাৰ নিউ হাম্পশায়াৰৰ বাসিন্দা ৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ টাইপ-২ ডায়েবেটিছ আছিল। ইয়াৰ বাবেই তেওঁৰ বৃক্ক বিকল হৈ পৰে। তেওঁক কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। কিন্তু, সেই মুহূৰ্তত কোনো দাতা উপলব্ধ নাছিল। সেয়েহে টিমৰ শৰীৰত জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল।
আমেৰিকাৰ মাছ জেনেৰেল ব্রিগম একাডেমিক চেণ্টাৰ এণ্ড হস্পিতালৰ চিকিৎসকসকলে উইলমা নামৰ ইউকাটান মিনিয়েছাৰ গাহৰিৰ পৰা এই বৃক্কটো আঁতৰাই টিমৰ শৰীৰত সংৰোপণ কৰে। এই বৃক্কটো ২০২৫ চনৰ জানুৱাৰী মাহত টিমৰ শৰীৰত সংৰোপণ কৰা হৈছিল।
কিডনী ট্ৰান্সপ্লাণ্টৰ পিছত টিম ডায়েলাইছিছ নকৰাকৈ ২৭১ দিন ভালেই আছিল। কিন্তু তাৰ পিছত কিডনীৰ কাৰ্য্যক্ষমতা হ্ৰাস পাবলৈ ধৰিলে। ৰক্তবাহী নলীত একাধিক ঘা দেখা গৈছিল। তাৰ পিছত আকৌ ডায়েলাইছিছ আৰম্ভ হ’ল। অৱশেষত কেইমাহমানৰ পিছত এটা মৃতদেহৰ পৰা বৃক্ক লৈ সংৰোপণ কৰা হয়।
এই গৱেষণাত চিকিৎসকে কয় যে গাহৰিৰ বৃক্ক টিমৰ শৰীৰত ট্ৰান্সপ্লাণ্ট কৰিলেও কোনো এন্টিব’ডি উৎপন্ন হোৱা নাছিল। আচলতে টিমৰ শৰীৰত কোনো সংক্ৰমণ বিয়পি পৰা নাছিল।
মাছ জেনেৰেল ব্রিগম একাডেমিক চেণ্টাৰ এণ্ড হস্পিতালৰ চিকিৎসকে দাবী কৰিছে যে ২০২৪ চনৰ আৰম্ভণিতে এজন ব্যক্তিৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল যদিও ৫২ দিনৰ পাছত হাৰ্ট এটেকত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হয়। গতিকে টিমৰ ২৭১ দিনীয়া ‘জীৱন’ মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ অভিলেখ।
এই সন্দৰ্ভত মাছ জেনেৰেল ব্ৰিগমৰ চেণ্টাৰ ফৰ ট্ৰান্সপ্লাণ্টেচন ছায়েন্সৰ গৱেষক ডাঃ লিঅ’নাৰ্ডো ৰিয়ালাই কয় যে মানুহৰ বাহিৰে আন কোনো প্ৰাণীৰ শৰীৰৰ পৰা অংগ প্ৰতিস্থাপন প্ৰক্ৰিয়াক জেনোট্ৰান্সপ্লাণ্টেচন বুলি কোৱা হয়। এই পদ্ধতিত গাহৰি ব্যৱহাৰ কৰাৰ এটা কাৰণ হ’ল গাহৰি আৰু মানুহৰ এনাটমি আৰু অংগ-প্ৰত্যংগৰ আকাৰ বহুপৰিমানে সাদৃশ্য থকা।
তেওঁ লগতে কয় যে এই মুহূৰ্তত প্ৰতিস্থাপনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অংগৰ অভাৱ। বহু লোকে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পিছতো অৰ্গান বেংকত নাটনিৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়। এই চাহিদা আৰু যোগানৰ নাটনি জেনোট্ৰান্সপ্লাণ্টেচনৰ জৰিয়তে পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে।
এই সন্দৰ্ভত তেওঁ টিমৰ দৰে ৰোগীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰো প্ৰশংসা কৰে। তেওঁৰ ভাষাত ‘ৰোগীয়েই হৈছে প্ৰকৃত পথ প্ৰদৰ্শক। বিজ্ঞানৰ এই অগ্ৰগতি সম্ভৱ হৈছে কাৰণ তেওঁলোকে সাহসেৰে আগবাঢ়ি আহিছে।’





