• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

প্ৰতিবেদন অনুসৰি মানৱ সভ্যতাৰ ইতিহাসত ডায়েলাইছিছ নকৰাকৈ গাহৰিৰ বৃক্কৰ সহায়ত ইমান দিনে জীয়াই থকাৰ এইটোৱেই প্ৰথম ঘটনা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 2:49 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃক্ক (কিডনি) বিকল হোৱাৰ বাবে জীয়াই থকাৰ আশা প্ৰায় নাছিল। যিমান পাৰি সোনকালে কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। কিন্তু, তাৰ বাবেও সময় লাগে। এজন দাতাৰো প্ৰয়োজন। ইপিনে, ব্যক্তিগৰাকীৰ হাতত সময় নাই।

সেয়ে, অৱশেষত আমেৰিকান টিম এণ্ড্ৰুজৰ শৰীৰত গাহৰিৰ বৃক্ক স্থাপন কৰা হ’ল। সেই অৱস্থাতে তেওঁ ৯ মাহতকৈ অধিক সময় জীয়াই থাকিল। পিছত এজন দাতা পোৱাৰ লগে লগে তেওঁৰ শৰীৰত মানুহৰ বৃক্ক সংৰোপণ কৰা হয়।

Apply Now

শেহতীয়াকৈ লেন্সেট মেডিকেল জাৰ্নেলত এই ঘটনাৰ কথা প্ৰকাশ পাইছে। সেই প্ৰতিবেদন অনুসৰি মানৱ সভ্যতাৰ ইতিহাসত ডায়েলাইছিছ নকৰাকৈ গাহৰিৰ বৃক্কৰ সহায়ত ইমান দিনে জীয়াই থকাৰ এইটোৱেই প্ৰথম ঘটনা।

আমেৰিকাৰ নিউ হাম্পশায়াৰৰ বাসিন্দা ৬৬ বছৰীয়া টিম এণ্ড্ৰুজৰ টাইপ-২ ডায়েবেটিছ আছিল। ইয়াৰ বাবেই তেওঁৰ বৃক্ক বিকল হৈ পৰে। তেওঁক কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। কিন্তু, সেই মুহূৰ্তত কোনো দাতা উপলব্ধ নাছিল। সেয়েহে টিমৰ শৰীৰত জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল।

আমেৰিকাৰ মাছ জেনেৰেল ব্রিগম একাডেমিক চেণ্টাৰ এণ্ড হস্পিতালৰ চিকিৎসকসকলে উইলমা নামৰ ইউকাটান মিনিয়েছাৰ গাহৰিৰ পৰা এই বৃক্কটো আঁতৰাই টিমৰ শৰীৰত সংৰোপণ কৰে। এই বৃক্কটো ২০২৫ চনৰ জানুৱাৰী মাহত টিমৰ শৰীৰত সংৰোপণ কৰা হৈছিল।

কিডনী ট্ৰান্সপ্লাণ্টৰ পিছত টিম ডায়েলাইছিছ নকৰাকৈ ২৭১ দিন ভালেই আছিল। কিন্তু তাৰ পিছত কিডনীৰ কাৰ্য্যক্ষমতা হ্ৰাস পাবলৈ ধৰিলে। ৰক্তবাহী নলীত একাধিক ঘা দেখা গৈছিল। তাৰ পিছত আকৌ ডায়েলাইছিছ আৰম্ভ হ’ল। অৱশেষত কেইমাহমানৰ পিছত এটা মৃতদেহৰ পৰা বৃক্ক লৈ সংৰোপণ কৰা হয়।

এই গৱেষণাত চিকিৎসকে কয় যে গাহৰিৰ বৃক্ক টিমৰ শৰীৰত ট্ৰান্সপ্লাণ্ট কৰিলেও কোনো এন্টিব’ডি উৎপন্ন হোৱা নাছিল। আচলতে টিমৰ শৰীৰত কোনো সংক্ৰমণ বিয়পি পৰা নাছিল।

মাছ জেনেৰেল ব্রিগম একাডেমিক চেণ্টাৰ এণ্ড হস্পিতালৰ চিকিৎসকে দাবী কৰিছে যে ২০২৪ চনৰ আৰম্ভণিতে এজন ব্যক্তিৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল যদিও ৫২ দিনৰ পাছত হাৰ্ট এটেকত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হয়। গতিকে টিমৰ ২৭১ দিনীয়া ‘জীৱন’ মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ অভিলেখ।

এই সন্দৰ্ভত মাছ জেনেৰেল ব্ৰিগমৰ চেণ্টাৰ ফৰ ট্ৰান্সপ্লাণ্টেচন ছায়েন্সৰ গৱেষক ডাঃ লিঅ’নাৰ্ডো ৰিয়ালাই কয় যে মানুহৰ বাহিৰে আন কোনো প্ৰাণীৰ শৰীৰৰ পৰা অংগ প্ৰতিস্থাপন প্ৰক্ৰিয়াক জেনোট্ৰান্সপ্লাণ্টেচন বুলি কোৱা হয়। এই পদ্ধতিত গাহৰি ব্যৱহাৰ কৰাৰ এটা কাৰণ হ’ল গাহৰি আৰু মানুহৰ এনাটমি আৰু অংগ-প্ৰত্যংগৰ আকাৰ বহুপৰিমানে সাদৃশ্য থকা।

তেওঁ লগতে কয় যে এই মুহূৰ্তত প্ৰতিস্থাপনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অংগৰ অভাৱ। বহু লোকে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পিছতো অৰ্গান বেংকত নাটনিৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়। এই চাহিদা আৰু যোগানৰ নাটনি জেনোট্ৰান্সপ্লাণ্টেচনৰ জৰিয়তে পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে।

এই সন্দৰ্ভত তেওঁ টিমৰ দৰে ৰোগীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰো প্ৰশংসা কৰে। তেওঁৰ ভাষাত ‘ৰোগীয়েই হৈছে প্ৰকৃত পথ প্ৰদৰ্শক। বিজ্ঞানৰ এই অগ্ৰগতি সম্ভৱ হৈছে কাৰণ তেওঁলোকে সাহসেৰে আগবাঢ়ি আহিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd