• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

এই উপগ্ৰহৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ পৰা পোৱা তথ্যসমূহ দ্ৰুতভাৱে বা প্ৰায় ৰিয়েল-টাইম ভিত্তিত ব্যৱহাৰ কৰিব পৰা যাব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 1:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছৰোৱে ডাঙৰ সফলতা অৰ্জন কৰিছে। ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হৈছে আন এক ঐতিহাসিক কৃতিত্ব।

আজি (শুকুৰবাৰে) পুৱা প্ৰায় ২:৫৫ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা GSLV-F17 ৰকেট সফলতাৰে উৎক্ষেপণ কৰা হয়।

Apply Now

এই অভিযানৰ ফলত ইছৰ’ই অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-০৫(আৰ্থ অৱজাৰ্ভেশ্যন ছেটেলাইট) অৰ্থাৎ ইঅ’এছ-০৫ক এটা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিলে।

ইছৰোৰ জৰিয়তে জানিব পৰা গৈছে যে প্ৰায় ২৩৬৭ কিলোগ্ৰাম ওজনৰ এই আধুনিক উপগ্ৰহটোৱে ভাৰতৰ পৃথিৱী পৰ্যবেক্ষণ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব।

প্ৰাকৃতিক দুৰ্যোগ, বতৰৰ পৰিৱৰ্তন, ধুমুহা আৰু বৰষুণ, কৃষিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ নিৰীক্ষণত ই অ’ এছ-০৫ বিশেষ ভূমিকা গ্ৰহণ কৰিব।

তদুপৰি এই উপগ্ৰহটোৱে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহ নিৰীক্ষণ কৰিবলৈ সক্ষম।

এই উপগ্ৰহৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ পৰা পোৱা তথ্যসমূহ দ্ৰুতভাৱে বা প্ৰায় ৰিয়েল-টাইম ভিত্তিত ব্যৱহাৰ কৰিব পৰা যাব। ফলত কোনো প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰীকালীন অৱস্থাত শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো সুবিধাজনক হ’ব।

বিশেষজ্ঞসকলৰ মতে, মহাকাশৰ পৰা দেশৰ এক বিশাল অঞ্চল নিয়মীয়াকৈ নিৰীক্ষণত এই উপগ্ৰহটোৱে বাস্তৱত তৃতীয় নয়নৰ দৰে কাম কৰিব। ভাৰতীয় বিজ্ঞানীসকলে বিগত পাঁচ-ছয় বছৰ ধৰি এনে উন্নত প্ৰযুক্তিৰ উপগ্ৰহ নিৰ্মাণৰ কাম কৰি আহিছে।

ইছৰোৰ অধ্যক্ষগৰাকীয়ে বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে কয় যে এই সফলতাই ভাৰতৰ মহাকাশ গৱেষণাক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এক শক্তিশালী স্থানলৈ লৈ যাব।

জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ক নিজৰ নিৰ্দিষ্ট কক্ষপথত সফলতাৰে স্থাপন কৰিছে আৰু উপগ্ৰহটোৱে ইতিমধ্যে কাৰ্যক্ষমতা আৰম্ভ কৰিছে।

এই বছৰ আৰু ছটা উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সেই তালিকাত ভাৰতৰ অভিলাষী গগণযান অভিযানো আছে।

Another giant leap for India in Space!

Kudos to Team @isro on the successful launch of GSLV-F17/EOS-05.

EOS-05 is a state-of-the-art Earth Observation satellite and India’s first imaging satellite from Geosynchronous Orbit, enabling advanced imaging across visible, infrared,… pic.twitter.com/1HHJrWM7ze

— Dr Jitendra Singh (@DrJitendraSingh) September 3, 2026

ফলত ই অ’ এছ-০৫ৰ সফল উৎক্ষেপণৰ পাছত ভাৰতৰ মহাকাশ অভিযানৰ গতি আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে। এই সফলতাই ইছৰোৰ বিজ্ঞানীসকলৰ মনোবল আৰু অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd