মধ্যপ্ৰদেশৰ বিয়োৰাৰ অজনাৰ নদী এতিয়া ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু। আৱৰ্জনা আৰু নানা ধৰণৰ পেলনীয়া সামগ্ৰীৰে ভৰি থকা নদীখন পৰিষ্কাৰ কৰাৰ কামত নামি পৰা ২০ বছৰীয়া এজন যুৱকে ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ প্ৰশংসা লাভ কৰিছে। ছচিয়েল মিডিয়াত বহুতে তেওঁক ‘হিৰো’ বুলি অভিহিত কৰিছে। যুৱকজনৰ নাম বিট্টু তবাহী। তেওঁৰ প্ৰকৃত নাম সুৰেন্দ্ৰ সিং চৌধুৰী।
বিগত কিছুদিন ধৰি অজনাৰ নদী পৰিষ্কাৰ কৰাৰ ভিডিঅ’ আৰু নদীখনৰ আগৰ আৰু বৰ্তমানৰ ছবিয়ে ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰিছে। একাংশ লোকে নদীখন পৰিষ্কাৰ হোৱাৰ পিছৰ ছবি কৃত্ৰিম বুদ্ধিমত্তাৰে তৈয়াৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিলেও, এই পৰিষ্কাৰ অভিযানৰ আঁৰত থকা বাস্তৱ ব্যক্তিজন হৈছে বিট্টু তবাহী নিজেই। নিজৰ হাতৰে নদীখনৰ আৱৰ্জনা আঁতৰাই তেওঁ এই কাম আগবঢ়াই নিছে।
বাতৰি অনুসৰি, ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰাই বিট্টুৱে অজনাৰ নদী পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰিছিল। এনডিটিভিয়ে ২০ মাৰ্চ, ২০২৬ত প্ৰকাশ কৰা এটা প্ৰতিবেদনতো তেওঁৰ এই উদ্যোগৰ কথা উল্লেখ কৰিছিল। শেহতীয়াকৈ তেওঁৰ নিজা ইনষ্টাগ্ৰামত প্ৰকাশ কৰা ছবিসমূহত নদীখনৰ অৱস্থাত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। আগতে য’ত নদীখন আৱৰ্জনাৰে প্ৰায় ঢাকি গৈছিল, এতিয়া তাত তুলনামূলকভাৱে পৰিষ্কাৰ পানী আৰু মুক্ত নদীৰ পাৰ দেখা গৈছে।
বিট্টুৱে জনাইছে যে নদী পৰিষ্কাৰ কৰাৰ বাবে তেওঁ প্ৰথমে এটা যন্ত্ৰ তৈয়াৰ কৰিব বিচাৰিছিল। কিন্তু তেওঁ এগৰাকী ছাত্ৰ হোৱাৰ বাবে সেই কামৰ বাবে প্ৰয়োজনীয় ধন নাছিল। সেয়ে আন কাৰো অপেক্ষা নকৰি তেওঁ নিজৰ হাতৰেই যিমানখিনি সম্ভৱ সিমানখিনি কাম কৰাৰ সিদ্ধান্ত লয়। এই কামৰ সময়ত তেওঁ সংক্ৰমণতো আক্ৰান্ত হৈছিল। তেওঁৰ হাত আৰু ভৰিৰ ছাল ছিগি যাবলৈ আৰম্ভ কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰিছে।
নিজৰ কামক লৈ সামাজিক মাধ্যমত সমালোচনাও শুনিবলগীয়া হৈছে বিট্টুৱে। কোনো কোনোৱে তেওঁ কেৱল খ্যাতি, অনুসৰণকাৰী আৰু সামাজিক মাধ্যমৰ চৰ্চাৰ বাবে এই কাম কৰি থকা বুলি অভিযোগ তুলিছিল। তাৰ উত্তৰত বিট্টুৱে কয় যে ভিডিঅ’ বনোৱাৰ উপৰি তেওঁ বাস্তৱতো কামো কৰিছে। এই মন্তব্যৰ পিছতেই তেওঁৰ উদ্যোগক লৈ পুনৰ আলোচনা আৰম্ভ হয়।
বৰ্তমান বিট্টু তবাহীৰ ইনষ্টাগ্ৰাম একাউণ্টত ৩ লাখৰো অধিক অনুসৰণকাৰী আছে। নদী পৰিষ্কাৰ কৰাৰ প্ৰতিটো পৰ্যায়ৰ খবৰ তেওঁ সামাজিক মাধ্যমত নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে। তেওঁৰ এই কাম দেখি বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ইমানদিনে নদীখনৰ এনে অৱস্থাৰ প্ৰতি কিয় গুৰুত্ব নিদিলে।
ছচিয়েল মিডিয়াত এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, বহু প্ৰভাৱশালী ব্যক্তি যেতিয়া কেৱল দৰ্শক, ভাললগা আৰু ব্যৱসায়িক সুযোগৰ পিছত দৌৰি থাকে, তেতিয়া এই যুৱকজনে প্ৰকৃত পৰিৱৰ্তন আনিবলৈ আগবাঢ়িছে। আন এগৰাকীয়ে লিখিছে, চৰকাৰে ইচ্ছা কৰিলে বহু কামেই কৰিব পাৰে, কিন্তু বহু সময়ত যেন কাৰোৰে গুৰুত্ব নাথাকে।
অজনাৰ নদীৰ এই পৰিৱৰ্তনে এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰিছে। এজন ২০ বছৰীয়া যুৱকে যদি এককভাৱে আৱৰ্জনাৰে ভৰি থকা নদী এখন পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰি দৃশ্যমান পৰিৱৰ্তন আনিব পাৰে, তেন্তে এখন সম্পূৰ্ণ সমাজ, স্থানীয় প্ৰশাসন আৰু চৰকাৰ একেলগে আগবাঢ়ি আহিলে কিমান ডাঙৰ পৰিৱৰ্তন সম্ভৱ? বিট্টু তবাহীৰ উদ্যোগে অন্তত এই কথাই দেখুৱাই দিলে যে পৰিৱৰ্তনৰ বাবে কেতিয়াবা প্ৰথম পদক্ষেপটো কোনো ডাঙৰ সংস্থাই নহয়, এজন সাধাৰণ মানুহেই ল’ব পাৰে।





