• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 6:22 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯০ চনত জম্মু-কাশ্মীৰত উগ্ৰপন্থী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত বহু নিৰ্যাতনৰ ঘটনা আজিও মানুহৰ মনত সজীৱ। সেই ঘটনাসমূহৰ ভিতৰত সাৰলা ভাটৰ অপহৰণ, নিৰ্যাতন আৰু হত্যাকাণ্ড অন্যতম। ৩৬ বছৰৰ পিছত পুনৰ এই ঘটনা চৰ্চালৈ আহিছে। ২০২৬ চনৰ জুন মাহত জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্ত সংস্থা (SIA)-ই এই ঘটনাৰ সন্দৰ্ভত ৭৩৭ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰাৰ পিছতে পুৰণি ঘটনাটোৱে নতুনকৈ গুৰুত্ব লাভ কৰিছে।

সাৰলা ভাট আছিল এগৰাকী কাশ্মীৰী হিন্দু মহিলা আৰু শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (SKIMS), শ্ৰীনগৰত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। অঞ্চলটোত উত্তেজনা আৰু হিংসা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তো তেওঁ চিকিৎসালয়ৰ দায়িত্ব এৰি নগ’ল বুলি বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কাশ্মীৰ উপত্যকাৰ পৰা বহু কাশ্মীৰী পণ্ডিতৰ পৰিয়াল বাহিৰলৈ ওলাই যোৱাৰ সময়তো সাৰলা ভাটে নিজৰ কৰ্মস্থলীত থাকি সেৱা আগবঢ়াই গৈছিল ।

Apply Now

১৯৯০ চনৰ এপ্ৰিল মাহত সাৰলা ভাটক JKLF-ৰ উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল বুলি তদন্তকাৰী সংস্থাৰ অভিযোগ। ১৯ এপ্ৰিলত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰতিবেদন অনুসৰি, মৃত্যুৰ পূৰ্বে তেওঁক ভয়ংকৰভাৱে নিৰ্যাতন চলোৱা হৈছিল আৰু পিছত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁৰ দেহত একাধিক গুলীৰ আঘাতৰ লগতে শাৰীৰিক নিৰ্যাতনৰ চিনো পোৱা গৈছিল বুলি চিকিৎসা পৰীক্ষাৰ তথ্যত উল্লেখ আছে।

তেওঁৰ মৃতদেহ উদ্ধাৰৰ সময়ত তাৰ ওপৰত এখন চিঠিও পোৱা গৈছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই চিঠিত সাৰলা ভাটক নিৰাপত্তা বাহিনীৰ বাবে তথ্য যোগান ধৰা এগৰাকী চোৰাংচোৱা বুলি অভিযোগ কৰা হৈছিল। পিছলৈ তেওঁক হত্যাৰ পূৰ্বে ধৰ্ষণ কৰা হৈছিল বুলি বিভিন্ন দাবীও উত্থাপিত হয়। অৱশ্যে ঘটনাটোৰ সকলো দিশ সম্পৰ্কে বিভিন্ন সময়ত ভিন্ন তথ্য আৰু দাবী প্ৰকাশ পাইছে।

এই হত্যাকাণ্ডৰ তদন্তত পিছলৈ কেইবাগৰাকী লোকৰ নাম অভিযুক্ত হিচাপে উত্থাপিত হয়। তেওঁলোকৰ ভিতৰত আছিল JKLF-ৰ মুৰব্বী য়াছিন মালিক, আব্দুল হামিদ শ্বেইখ, খুৰশিদ আহমদ চলকু, গোলাম মহম্মদ টাপলু আৰু মহম্মদ ইউছুফ ওৰফে ইদ্ৰিছ।

প্ৰতিবেদন অনুসৰি টাপলু, ইদ্ৰিছ আৰু শ্বেইখৰ ইতিমধ্যে মৃত্যু ঘটিছে। য়াছিন মালিক বৰ্তমান দিল্লীৰ তিহাৰ কাৰাগাৰত কাৰাদণ্ড ভোগ কৰি আছে। ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু যুদ্ধ চলোৱাৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ড দিয়া হৈছে। আনহাতে, চলকু এতিয়াও পলাতক বুলি জানিব পৰা গৈছে।

সাৰলা ভাট হত্যাকাণ্ডৰ তদন্ত বহু বছৰ ধৰি বিশেষ অগ্ৰগতি নোহোৱাকৈয়ে ৰৈ আছিল। হত্যাকাণ্ড, অপৰাধমূলক ষড়যন্ত্ৰ আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় ধাৰাত গোচৰ ৰুজু কৰা হৈছিল যদিও তদন্তই বহু সময়লৈ কোনো নিশ্চিত ফলাফল লাভ কৰা নাছিল। ২০২৪ চনত জম্মু-কাশ্মীৰ আৰক্ষীৰ মুৰব্বীয়ে গোচৰটো বিশেষ তদন্ত সংস্থা SIA-লৈ হস্তান্তৰ কৰে। তাৰ পিছত তদন্তকাৰী বিষয়া আই পি এচ বিষয়া দিব্যা ডিৰ নেতৃত্বত তদন্ত আগবঢ়ে আৰু অৱশেষত ২০২৬ চনত ৭৩৭ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰা হয়।

ইফালে, এই পুৰণি হত্যাকাণ্ডক লৈ পুনৰ চৰ্চা তীব্ৰ হৈছে য়াছিন মালিকে ৩ ছেপ্টেম্বৰ, ২০২৬ত দাখিল কৰা ৩৫ পৃষ্ঠাৰ শপতনামাৰ পিছত। মালিকে শপতনামাত সাৰলা ভাটৰ হত্যাকাণ্ডৰ সৈতে নিজৰ কোনো সম্পৰ্ক নথকাৰ দাবী কৰিছে। ইয়াৰ লগতে তেওঁ পাকিস্তানী পত্নী মুশাল মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

আন এক গুৰুত্বপূৰ্ণ দাবীত মালিকে নিজৰ বাবে মৃত্যুদণ্ড বিচৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনত তেওঁক ৰাষ্ট্ৰীয় তদন্ত সংস্থা (NIA)-ই গ্ৰেপ্তাৰ কৰিছিল আৰু পিছত বিশেষ NIA আদালতে তেওঁক আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

সাৰলা ভাটৰ ঘটনা কেৱল এটা পুৰণি হত্যাকাণ্ডৰ কাহিনী নহয়, বৰং ১৯৯০ৰ কাশ্মীৰ উপত্যকাত সৃষ্টি হোৱা ভয়, হিংসা আৰু অনিশ্চয়তাৰ এক কৰুণ প্ৰতিচ্ছবি হিচাপে আজিও স্মৰণ কৰা হয়। তিনিটা দশকৰো অধিক সময় পাৰ হৈ যোৱাৰ পিছত পুনৰ সক্ৰিয় হোৱা তদন্ত আৰু নতুন অভিযোগপত্ৰই এই ঘটনাৰ অমীমাংসিত প্ৰশ্নসমূহক আকৌ এবাৰ জনচৰ্চাৰ মাজলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd