মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিলাৰ ঐতিহাসিক নালদুৰ্গ দুৰ্গত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা মল্লযুঁজাৰু অশ্বিনী মনোহৰ পল আৰু তেওঁৰ তিনিটা সন্তানৰ ভিতৰত দুটা সন্তানে দুৰ্গৰ পৰা প্ৰায় ১০০ ফুট দ খাৱৈত জাঁপ দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত অশ্বিনী আৰু তেওঁৰ পাঁচ বছৰ ছমাহ বয়সীয়া পুত্ৰ অজিংক্যৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
ঘটনাটোত অশ্বিনীৰ আঢ়ৈ বছৰীয়া কন্যা ক্ৰান্তিও গুৰুতৰভাৱে আহত হয়। চিকিৎসাধীন অৱস্থাত পিছত ক্ৰান্তিয়ে শেষ নিশ্বাস ত্যাগ কৰে। আনগৰাকী কন্যা বীৰাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান ধাৰাশিৱৰ চৰকাৰী চিকিৎসালয়ত তেওঁক কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ সহায়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
অশ্বিনী মনোহৰ পল মল্লযুঁজৰ ক্ষেত্ৰত এক পৰিচিত নাম আছিল। তেওঁক মহাৰাষ্ট্ৰৰ ‘বাঘিনী’ বুলি জনা গৈছিল। ক্ৰীড়া জীৱনত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচটা সোণৰ পদক আৰু ছটা ৰূপৰ পদক জয় কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।
ইফালে, অশ্বিনীৰ পিতৃয়ে অভিযোগ কৰিছে যে স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ পৰা তেওঁ দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছিল। পিতৃয়ে উত্থাপন কৰা এই অভিযোগৰ লগতে সমগ্ৰ ঘটনাৰ পটভূমি আৰু পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাটো আত্মহত্যা নে আন কোনো কাৰণত এই মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই বিষয়েও তদন্ত কৰিছে আৰক্ষীয়ে।





