মুহূৰ্তৰ ভিতৰতে সকলো শেষ! নিমিষতে নিঃশেষ হৈ গ’ল এটা পৰিয়াল! কেৰালাৰ ত্ৰিশূৰত এখন বিবাহ অনুষ্ঠানৰ পৰা বাইকেৰে উভতি আহিছিল মুনীৰ। তেওঁৰ লগত আছিল পত্নী আৰু তিনি বছৰীয়া পুত্ৰ। মাজ বাটতে যুৱকজনৰ এটা ফোনকল আহিল। সেয়ে বাইক ৰখাই ফোনত কথা পাতি আছিল। সেই মুহূৰ্ততে এখন তীব্ৰবেগী গাড়ীয়ে বাইকখনত খুন্দা মাৰে। তীব্ৰ খুন্দাত তিনিওজনেই পথৰ ওপৰত ছিটিকি পৰিল। সকলোৱে প্ৰাণ হেৰুৱালে।
নিশা গুৰুভায়ুৰ-কুন্নামকুলাম ঘাইপথত সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গাড়ীখনে তেওঁলোকক তীব্ৰ বেগেৰে খুন্দা মাৰি মুনীৰ (৩৫), ছাফনা (২৫) আৰু তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰ ইয়ামাল (৩০)ক প্ৰায় পঞ্চাশ মিটাৰ দূৰলৈ ছিটিকাই দিয়ে। পথচাৰীসকলে তেওঁলোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে জনায় যে পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তানৰ ইতিমধ্যে মৃত্যু হৈছে।
আৰক্ষীয়ে জনোৱা মতে, পথচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। চিচিটিভি কেমেৰাৰ ফুটেজৰ জৰিয়তে বাহনখন চিনাক্ত কৰা হয়। কুন্নামকুলামৰ দিশৰ পৰা আহিছিল গাড়ীখন। জানিব পৰা মতে এখন বাৰৰ পৰা উভতি আহিছিল গাড়ীখনত থকা লোকসকল। গাড়ীখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও চালকজনৰ সন্ধান পোৱা হোৱা নাই।
আনহাতে, মুনীৰৰ পৰিয়ালে কয় যে যুৱকজন পৰিয়ালৰ সৈতে আত্মীয়ৰ বিয়ালৈ গৈছিল। বিয়া খাই উভতি আহোঁতে দেৰি হৈছিল। মাজতে ফোন অহাত ৰাস্তাৰ কাষত বাইকখন ৰখাই কথা পাতি আছিল। হঠাৎ এখন গাড়ী আহি খুন্দা মাৰিলে। ৰাতি দেৰি হোৱাৰ বাবে তিনিওজন যথেষ্ট সময় ৰাস্তাত পৰি আছিল। ইয়াৰ পিছত পথচাৰীসকলে প্ৰথমে আৰক্ষীক খবৰ দিয়ে। পিছত তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে কয় যে তিনিওজনৰ ইতিমধ্যে মৃত্যু হৈছে।
উল্লেখ্য যে শুকুৰবাৰে নিশা ত্ৰিশূৰৰ ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথতো এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন গাড়ী ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰিছিল। ফলত বাহনখনত থকা তামিলনাডুৰ ৮জন অভিযান্ত্ৰিকৰ ছাত্ৰই প্ৰাণ হেৰুৱাইছিল।





