ভাৰতৰ নিৰ্বাচন আয়োগে কৰ্ণাটকত চলাই থকা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত এক বৃহৎ বিসংগতি পোহৰলৈ আহিছে। প্ৰকাশিত ক্ৰুটিপূৰ্ণ ভোটাৰৰ তালিকাত ‘আধাৰ’ প্ৰকল্পৰ ৰূপকাৰ তথা ইনফ’চিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানিৰ সমগ্ৰ পৰিয়ালৰ লগতে ভাৰত ৰত্ন চি. এন. আৰ. ৰাও, বিশিষ্ট কানাড়া অভিনেতা শিৱৰাজ কুমাৰ, জেৰোদাৰ প্ৰতিষ্ঠাপক নিখিল কামাথ আৰু নীতিন কামাথ তথা পদ্মশ্ৰী বঁটাপ্ৰাপক সমাজকৰ্মী হৰেকলা হাজাব্বাৰ দৰে বিশিষ্ট ব্যক্তিৰ নামো অন্তৰ্ভুক্ত হৈছে।
২০০৯ চনৰ পৰা ২০১৪ চনলৈ ‘ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া’ৰ (UIDAI) অধ্যক্ষ হিচাপে আধাৰ প্ৰকল্পৰ নেতৃত্ব বহন কৰা নন্দন নিলেকানিৰ সমগ্ৰ পৰিয়ালৰ নাম এই ক্ৰুটিপূৰ্ণ তালিকাত সন্নিৱিষ্ট হৈছে। তেওঁৰ লগতে পত্নী ৰোহিণী, পুত্ৰ নিহাৰ আৰু কন্যা জাহ্নৱীৰ নামো ইয়াত অন্তৰ্ভুক্ত হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ২০০২ চনৰ ভোটাৰ তালিকাৰ সৈতে বৰ্তমানৰ তথ্যৰ অমিল থকাৰ বাবেই নিলেকানি পৰিয়াল আৰু বিশিষ্ট অভিনেতা শিৱৰাজ কুমাৰৰ নাম বিসংগতিৰ তালিকাত সোমাইছে। আনহাতে, জেৰোদাৰ (Zerodha) প্ৰতিষ্ঠাপক কামাথ ভাতৃদ্বয়ৰ ক্ষেত্ৰত বিসংগতিৰ কাৰণ হিচাপে ‘পিতৃ-মাতৃৰ নামৰ অমিল’ বুলি দৰ্শোৱা হৈছে। ছচিয়েল মিডিয়া ‘এক্স’ত এজন ব্যৱহাৰকাৰীয়ে প্ৰথমে এই তথ্য পোহৰলৈ আনে।
ভাৰত ৰত্ন চি. এন. আৰ. ৰাওৰ নামটোত থকা বিসংগতিক লৈ ৯ ছেপ্টেম্বৰ, বুধবাৰে কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক স্পষ্টীকৰণ জাৰি কৰিছে। ব্ৰুহাত বেংগালুৰু মহানগৰ পালিকাৰ উত্তৰ জিলাৰ অতিৰিক্ত জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা অনুসৰি, ৰাওৰ নামটোত ‘নিজৰ নামৰ অমিল’ ধৰা পৰিছিল। ২০০২ চনৰ তালিকাত তেওঁৰ নাম ‘ৰামা, পিতা: এইচ. নাগেশ’ আছিল, আনহাতে বৰ্তমানৰ তালিকাত ‘প্ৰফেছৰ চি. এন. আৰ. ৰাও, পিতা: নাগেশ ৰাও এইচ.’ বুলি উল্লেখ আছে। অৱশ্যে, তেওঁৰ সামাজিক মৰ্যাদা আৰু অৱদানৰ প্ৰতি সন্মান জনাই বিষয়াসকলে তেওঁলৈ কোনো জাননী প্ৰেৰণ নকৰি পোনপটীয়াভাৱে যোৱা ৮ ছেপ্টেম্বৰত চূড়ান্ত তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে আৰু বাসগৃহলৈ গৈ তেওঁক সম্বৰ্ধনাও জনায়।
একেদৰে, ৮ ছেপ্টেম্বৰ, মঙলবাৰে দক্ষিণ কানাড়া জিলা প্ৰশাসনে জানিবলৈ দিয়ে যে পদ্মশ্ৰী হৰেকলা হাজাব্বাৰ নামৰ বিসংগতি আঁতৰ কৰিবলৈ বিষয়াসকলে তেওঁৰ বাসগৃহলৈ গৈ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰে আৰু বৰ্তমান এই সমস্যা সমাধান কৰা হৈছে।
যোৱা ৪ ছেপ্টেম্বৰত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, কৰ্ণাটকজুৰি বিসংগতি থকা প্ৰায় ৪৩,৮১,১৪১ গৰাকী ভোটাৰলৈ জাননী প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰে ৭,৩১,৭৭০ গৰাকীক ইতিমধ্যে জাননী প্ৰদান কৰা হৈছে। এই অমিলসমূহ দূৰ কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতে অহা ১২ অক্টোবৰলৈকে নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ দ্বাৰা শুনানি গ্ৰহণ কৰা হ’ব। বৰ্তমানৰ খচৰা তালিকাত ৪,৪৬,৩৮,১২৪ গৰাকী ভোটাৰৰ নাম থকাৰ বিপৰীতে আগষ্টৰ শেষৰ ফালে প্ৰকাশিত খচৰাৰ পৰা প্ৰায় ১.০৭ কোটি নাম কৰ্তন কৰা হৈছে।


