বছৰটো ঘুৰিলেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচখন ৰাজ্যৰ ভিতৰত উত্তৰাখণ্ড অন্যতম। ৰাজ্যখনত একেৰাহে দুটা কাৰ্যকাল বিজেপি ক্ষমতাত আছে। এইবাৰ উত্তৰাখণ্ড দখল কৰিবলৈ কংগ্ৰেছে কঁকাল বান্ধিছে। কিন্তু সেই লক্ষ্যত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে দলটো। কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঁচবাৰৰ সাংসদ হৰিশ ৰাৱটে। অৱশ্যে তেওঁ দল ত্যাগ নকৰে বুলি জানিবলৈ দিছে।
দৰাচলতে এটা পুৰণি দুৰ্নীতিৰ গোচৰত শেহতীয়াকৈ ইডিয়ে হৰিশ ৰাৱটৰ ব্যক্তিগত সহায়ক চন্দন সিং জিনাৰ ঘৰত তালাচী চলাই নগদ ৩২ লাখ টকা, বহু সোণ আৰু কেইবাখনো বিলাসী ঘড়ী উদ্ধাৰ কৰিছে। ব্যক্তিগত সহায়কৰ ঘৰৰ পৰা সেই বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাটো হৰিশ ৰাৱটৰ ভাবমূর্তিৰ বাবে এক ডাঙৰ আঘাত৷
জানিব পৰা মতে, ২০১৬ চনত ৰাৱট মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত উত্তৰাখণ্ডৰ অধীনস্থ সেৱা বাছনি আয়োগত ( ছাবঅ’ৰ্ডিনেট চাৰ্ভিছ ছিলেকছন কমিছন) বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। উৎকোচৰ বিনিময়ত চৰকাৰী চাকৰি বিক্ৰী কৰাৰ সেই গোচৰতো ৰাৱট নিজেও অভিযুক্ত।
ব্যক্তিগত সহকাৰীৰ ঘৰৰ পৰা বিপুল পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পিছতে ৰাৱটে দলীয় সকলো পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ স্থায়ী সদস্যৰ লগতে উত্তৰাখণ্ড প্ৰদেশ কংগ্ৰেছ কাৰ্য্যকৰী সমিতিৰ সদস্যও আছিল। তেওঁ দুয়োটা পদৰ পৰা পদত্যাগ কৰিছে।
ৰাৱটে কয়, ‘ৰাজ্যত নিৰ্বাচন আহি আছে। এই পৰিস্থিতিত মোৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে উত্থাপিত অভিযোগে দলৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিব পাৰে। মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বিজেপিয়ে দলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে। সেইবাবেই মই নিজকে দলৰ পদৰ পৰা আঁতৰাই আনিছো।”
ৰাৱট উত্তৰাখণ্ড কংগ্ৰেছৰ আটাইতকৈ জ্যেষ্ঠ নেতা। এসময়ত তেওঁ ইন্দিৰা গান্ধীৰ প্ৰিয়পাত্ৰ আছিল। তেওঁ পাঁচবাৰৰ সাংসদ আছিল। এবাৰ মুখ্যমন্ত্ৰীও আছিল। তেওঁ দলীয় কামৰ পৰা আঁতৰি অহাটো নিঃসন্দেহে কংগ্ৰেছৰ বাবে এক বিপৰ্যয়।
सामने टीवी पर खबर आ रही है कि देहरादून में हरीश रावत के पीए के पास भारी मात्रा में कैश और ज्वैलरी आदि पकड़ी गई या पकड़ाई गई, इस तथ्य का खुलासा तो आने वाले समय में होगा और यह सत्य है कि श्री जीना मेरे ओएसडी रहे हैं और मैं जितने भी पदों पर रहा, चाहे पार्टी में रहा या सरकार में रहा,… pic.twitter.com/Z6rZYcVev0
— Harish Rawat (@harishrawatcmuk) September 11, 2026
শেহতীয়াকৈ তেওঁ দলীয় কামত সেই ধৰণে সক্ৰিয় নাছিল। উত্তৰাখণ্ড কংগ্ৰেছৰ মূলসুঁতিৰ পৰা তেওঁ অলপ আঁতৰত আছিল। অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ বিজেপিয়ে যে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাত কোনো সন্দেহ নাই।




