যোৰহাটৰ টীয়কস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত শুকুৰবাৰে, অৰ্থাৎ ১১ ছেপ্টেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰতিষ্ঠানটোৰ ত্ৰয়োদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মহিলা শিক্ষাৰ সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি নৱীকৃত দায়বদ্ধতাৰে অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য প্ৰাধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াৰ দ্বাৰা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত জাতীয় সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে মূল সভাৰ আৰম্ভণি কৰা হয়। এই উদযাপন অনুষ্ঠানত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীবৃন্দ, ছাত্ৰীসকল, শিক্ষানুষ্ঠানৰ প্ৰাক্তন সদস্য আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি প্ৰতিষ্ঠানখনৰ গৌৰৱময় যাত্ৰাক স্মৰণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰাই আদৰণী ভাষণ প্ৰদান কৰে। তেওঁ অসম মহিলা বিশ্ববিদ্যালয়ক মহিলাৰ শক্তি আৰু সম্ভাৱনাক প্ৰতিনিধিত্ব কৰা এক প্ৰতিষ্ঠান বুলি অভিহিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় হিচাপে ইয়াৰ দায়বদ্ধতা আৰু চিন্তা-চৰ্চা সম্পৰ্কে মতামত দাঙি ধৰে। ড° বৰাই বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ সদস্য আৰু নেতৃত্বৰ অৱদানক স্বীকাৰ কৰাৰ লগতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজনত ছাত্ৰী আৰু বিশ্ববিদ্যালয় সমাজৰ প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ বিগত তেৰ বছৰৰ যাত্ৰা আৰু ইয়াৰ সমৃদ্ধিৰ সৈতে জড়িত ব্যক্তিসকলৰ সামূহিক অৱদানৰ বিষয়ে আলোকপাত কৰে। এই দিনটোক কেৱল উদযাপনৰ দিন বুলি নাভাবি প্ৰতিষ্ঠানটোক গঢ় দিয়া অৱদানসমূহৰ স্মৃতি আৰু স্বীকৃতিৰ দিন হিচাপে গণ্য কৰিবলৈ তেওঁ আহ্বান জনায়।
উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ স্থিতি বৰ্ণনা কৰি প্ৰাধ্যাপক ৰাজকোঁৱৰে মহিলা শিক্ষাৰ প্ৰতি উৎসৰ্গিত বিশ্ববিদ্যালয় হিচাপে ইয়াৰ স্বকীয় পৰিচয় সংৰক্ষণ আৰু শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ববিদ্যালয়ৰ ভিতৰত মহিলা নেতৃত্বৰ প্ৰতীকী আৰু প্ৰতিষ্ঠানিক গুৰুত্ব উপলব্ধি কৰি উপাচাৰ্যগৰাকীয়ে জ্যেষ্ঠ অধ্যাপিকাসকলক সভাৰ সন্মুখৰ শাৰী দখল কৰিবলৈ আহ্বান জনায়। লিংগ সমতাৰ প্ৰসংগত ভাষণ দি তেওঁ লিংগ ব্যৱধান বজাই ৰখাত বিশ্বাস নকৰে বুলি স্পষ্ট কৰি অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তনৰ বাবে নিজৰ মতামত দাঙি ধৰিবলৈ উপস্থিত সকলোকে পৰামৰ্শ দিয়ে। কেৱল মৌন হৈ থাকিলে বা পৰিস্থিতিক নীৰৱে গ্ৰহণ কৰিলে সমাজত পৰিৱৰ্তন সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ বৈজ্ঞানিক দৃষ্টিভংগী আৰু যুক্তিসংগত চিন্তা-চেতনাক আঁকোৱালি ল’বলৈ আহ্বান জনায়। ইয়াৰোপৰি তেওঁ বিশ্ববিদ্যালয়ৰ প্ৰতি শিক্ষক সমাজৰ অৱদান, ছাত্ৰীসকলৰ সৃষ্টিশীলতা, প্ৰতিগৰাকী পঞ্জীয়কৰ সেৱা আৰু বিশ্ববিদ্যালয়ৰ থিম গীতটোৰ তাৎপৰ্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।





