• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

বিদেশী ৰাষ্ট্ৰনেতাৰ ওপৰত চৰকাৰে নিজৰ খাদ্যভ্যাস জাপি দিয়া বুলি কংগ্ৰেছৰ অভিযোগৰ বিপৰীতে নিৰামিষ আহাৰ গ্ৰহণ কৰি বিদেশী নেতাসকল আপ্লুত হোৱা বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 8:10 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ নৈশভোজত পৰিৱেশন কৰা নিৰামিষ খাদ্য তালিকাক কেন্দ্ৰ কৰি এক তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সূত্ৰপাত ঘটিছে। কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি দেওবাৰে সামাজিক মাধ্যম এক্সত দাবী কৰে যে ভাৰতৰ ৮০ শতাংশ লোক আমিষভোজী। সামাজিক মাধ্যমত তেওঁৰ ভগ্নীয়ে প্ৰস্তুত কৰা উত্তৰ ভাৰতৰ জনপ্ৰিয় ব্যঞ্জন ‘ছোলে ভাটোৰে’ৰ এখন ছবি শ্বেয়াৰ কৰি তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় আমিষ খাদ্যসমূহ অতিকৈ সুস্বাদু।

 

Apply Now

ৰাহুল গান্ধীৰ এই মন্তব্যক সমৰ্থন জনাই কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই অভিযোগ কৰে যে বিজেপি চৰকাৰে পূৰ্বৰে পৰা দেশবাসীৰ ওপৰত নিজৰ খাদ্যভ্যাস জাপি দি আহিছে আৰু এতিয়া বিদেশী ৰাষ্ট্ৰনেতাসকলৰ ওপৰতো একেই মানসিকতা জাপি দিবলৈ প্ৰয়াস কৰিছে। ভাৰতীয় খাদ্যৰ বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে বিশ্বৰ ভিতৰতে উৎকৃষ্ট হিচাপে পৰিচিত দেশৰ আমিষ ব্যঞ্জনসমূহ কিয় চৰকাৰে বিদেশী নেতাসকলৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ নিবিচাৰিলে।

 

কংগ্ৰেছৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলটোক তীব্ৰ সমালোচনা কৰে। সামাজিক মাধ্যম এক্সত তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কয় যে কংগ্ৰেছ দলে ব্ৰিকছ সন্মিলনলৈ অহা ৰাষ্ট্ৰনেতাসকলক পৰিৱেশন কৰা খাদ্য তালিকাক লৈয়ো ৰাজনীতি আৰম্ভ কৰিছে। মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে বিদেশী নেতাসকলে ভাৰতীয় নিৰামিষ আহাৰ গ্ৰহণ কৰি আপ্লুত হৈছে, যিয়ে প্ৰকৃততে দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক ঐতিহ্য, পুষ্টিগত বৈচিত্ৰ্য আৰু সুস্বাদু সোৱাদক প্ৰতিফলিত কৰিছে।

 

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে দেশৰ ৮০ শতাংশ লোক আমিষভোজী বুলি কৰা দাবীটোৰ সমৰ্থনত কোনো নিৰ্দিষ্ট চৰকাৰী উৎসৰ কথা উল্লেখ কৰা নাই। ২০২৩-২৪ বৰ্ষত চলোৱা শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণৰ (এনএফএইচএছ-৬) তথ্যত আমিষ আহাৰ গ্ৰহণকাৰীৰ সামগ্ৰিক ৰাষ্ট্ৰীয় পৰিসংখ্যা সন্নিৱিষ্ট হোৱা নাই। অৱশ্যে, ইয়াৰ পূৰ্বৰ অৰ্থাৎ ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত চলোৱা এনএফএইচএছ-৫ ৰ জৰীপ অনুসৰি ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৮৩.৪ শতাংশ পুৰুষ আৰু ৭০.৬ শতাংশ মহিলাই মাজে-সময়ে হ’লেও মাছ, মাংস বা কুকুৰাৰ মাংস ভক্ষণ কৰে বুলি প্ৰকাশ পাইছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd