সূৰ্য্যকুমাৰে বাট দেখুৱাইছিল। দেওবাৰে মহিলা এছিয়া কাপ ২০২৬ত জয়লাভ কৰি সেই একে ধাৰা অব্যাহত ৰাখিছে মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। চেম্পিয়ন হোৱাৰ পিছতো টিম ইণ্ডিয়াই ট্ৰফী লোৱা নাছিল। ফলত ১৩ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলৰ পিছত বঁটা প্ৰদান অনুষ্ঠানত ট্ৰফীক লৈ অচলাৱস্থাৰ সৃষ্টি হয়। যেন চিনাকি ছবিখন পুনৰ ঘূৰি আহিছিল।
দৰাচলতে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকভিৰ হাতৰ পৰা ট্ৰফী লোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত। দেওবাৰে চূড়ান্ত খেলখন শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বে এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৰ্তমানৰ অধ্যক্ষ তথা পিচিবিৰ মুৰব্বী মহছিন নাকভি ষ্টেডিয়ামত উপস্থিত হয়। বিজয়ী ভাৰতীয় দলটোক ব্যক্তিগতভাৱে ট্ৰফী দিব বিচাৰিছিল নাকভিয়ে। কিন্তু মান্তি নহ’ল উইমেন ইন ব্লু। ফলত বঁটা প্ৰদান অনুষ্ঠানত পলম হয়। পৰ্দাৰ আঁৰত দুয়োপক্ষৰ মাজত আলোচনা চলিছিল।
অৱশেষত মহছিন নাকভিয়ে শ্ৰীলংকাৰ দলটোক ৰানাৰ্ছ আপ প্ৰাইজ চেক প্ৰদান কৰে। মঞ্চত উপস্থিত আছিল খালিদ আল জাৰুনি, শ্ৰীলংকা ক্ৰিকেট ট্ৰেন্সফৰ্মেচন কমিটিৰ মুৰব্বী এৰাণ বিক্ৰমাৰত্নে, এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ সচিব মুবাশ্বিৰ উছমানী আৰু টাইটেল স্পনছৰ ডি পি ৱৰ্ল্ডৰ প্ৰতিনিধি।
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া আৰু উপ-সভাপতি ৰাজীৱ শুক্লা ষ্টেডিয়ামত উপস্থিত আছিল যদিও মঞ্চলৈ নাহিল। দুয়োজনে খেলপথাৰত ভাৰতীয় দলৰ সৈতে সাক্ষাৎ কৰে। ভাৰতীয় দলটোক বিজয়ী ট্ৰফী আৰু পদক প্ৰদান নকৰাকৈয়ে পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ অন্ত পৰে।
২০২৫ চনৰ পুৰুষ এছিয়া কাপৰ ফাইনেলতো একেই ঘটনা সংঘটিত হৈছিল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই পাকিস্তানক পৰাস্ত কৰি খিতাপ দখল কৰে। কিন্তু তেতিয়াও সূৰ্য কুমাৰে নাকভিৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাছিল।
মহছিন নাকভি আচলতে পিচিবিৰ মুৰব্বী হোৱাৰ উপৰিও পাকিস্তানৰ মন্ত্ৰী। সেয়ে পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় ক্ৰিকেট দলে ২২ গজৰ পৰাও পাকিস্তানক প্ৰত্যুত্তৰ দিছে। ভাৰতীয় দলটোৱে পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ হিচাপে নাকভিৰ হাতৰ পৰা ট্ৰফী লোৱা নাই।
পিছত এই ঘটনা সন্দৰ্ভত সোধাত ভাৰতীয় মহিলা দলৰ মুখ্য প্ৰশিক্ষক অমল মজুমদাৰে স্পষ্ট কৰি দিয়ে যে দলটোৱে বি চি চি আইৰ স্থিতিৰ কাষত থিয় দিছে। তেওঁ কয়, এছিয়া কাপ জয় কৰি দলটোৱে গৌৰৱ অনুভৱ কৰিছে। ষ্টেডিয়ামত ডাঙৰ পৰ্দাত ভাৰতক চেম্পিয়ন হিচাপে দেখুওৱা হৈছে। দলটোৰ দৃষ্টি এতিয়া এছিয়ান গেমছৰ ওপৰত।





