থালাপতি বিজয় আৰু তৃষাৰ সম্পৰ্কক লৈ চৰ্চাৰ শেষ নাই। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলিও কোৱা হয়। তথাপিও এতিয়ালৈ তেওঁলোকৰ কোনো এজনে মুখ খোলা নাই। অৱশ্যে প্ৰায় সকলোৱে তেওঁলোকক লৈ আগ্ৰহ দেখুৱাই আহিছে।
এই পৰিস্থিতত পুনৰ একেলগে দেখা গ’ল দুয়োকে। এইবাৰ ইংলেণ্ডৰ ছিলভাৰষ্টোন ৰেচিং চাৰ্কিটত বিজয় আৰু তৃষাক একেলগে দেখা যায়। অৱশ্যে আগতেও নৰৱেত তেওঁলোকক একেলগে দেখা গৈছিল।
তামিলনাডুৰ তাৰকা মুখ্যমন্ত্ৰী বিজয়ে সেউজ পতাকা উৰুৱাই ৪৪খন গাড়ীৰ মেগা ৰেছ আৰম্ভ কৰে। গেলেৰীত বিজয়ৰ কাষতে আছিল তৃষা। পৰিধানত আছিল জিন্স, টি-চাৰ্ট, মেৰুণ জেকেট।
ইয়াৰ লগে লগে ৰেচিং ট্ৰেকত উত্তেজনা বিয়পি পৰিল। সেই সময়ত বিজয়ে ৰেচাৰ অজিত কুমাৰক সাৱটি ধৰিছিল। তীব্ৰ প্ৰতিদ্বন্দ্বীসকলৰ মাজত এনে বন্ধুত্ব দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছিল। এই অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী ৰাধিকা সাৰথকুমাৰকো দেখা গৈছিল।
শেহতীয়াকৈ থালাপতি বিজয়ে ৰাজনীতিত পূৰ্ণাংগ কেৰিয়াৰ গঢ়িবলৈ তিনি দশকৰ চলচ্চিত্ৰ জীৱনৰ পৰা বিদায় লৈছে। বৰ্তমান তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী। তেওঁৰ পত্নী সংগীতাই দাবী কৰে যে তেওঁৰ স্বামী বিজয়ৰ দীৰ্ঘদিন ধৰি বিবাহ বহিৰ্ভুত প্ৰেমৰ সম্পৰ্ক আছে। তৃতীয় ব্যক্তি হিচাপে যাৰ নাম শুনা গৈছে তেওঁ তৃষা কৃষ্ণন।
দক্ষিণ ভাৰতীয় চিনেমাৰ হিট যুটি তৃষা-বিজয়। বিজয়-তৃষাই ‘লিও’, ‘ঘিলী’, ‘মনকথা’, ‘লিও ২’ৰ পৰা ‘তিৰুপতি’, ‘আঠী’, ‘কুৰুভি’, ‘দ্য গ্ৰেটেষ্ট অৱ অল টাইম’ আদি কেইবাখনো ব্লকবাষ্টাৰ ছবিত যুটী বান্ধিছে।
খবৰ অনুসৰি যোৱা কেইবছৰমানৰ পৰা এইগৰাকী দক্ষিণ ভাৰতীয় নায়িকাৰ সৈতে থালাপতি বিজয়ৰ সম্পৰ্ক! মনোৰঞ্জন জগতত শুনা গৈছে যে ২০২১ চনৰ পৰা বিজয় আৰু তৃষাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। পৰ্দাৰ মধুৰ ৰসায়ন বাস্তৱায়িত হ’ল নেকি স্বাভাৱিকতে সেই প্ৰশ্নটো উত্থাপন হ’বলৈ আৰম্ভ কৰে।
CM Vijay, actress Trisha, and Minister Aadhav Arjuna watching the car race.. pic.twitter.com/jfwtHPRZoz
— Pokkiri_Victor (@Pokkiri_Victor) September 12, 2026
শেহতীয়াকৈ বিভিন্ন ঠাইত একাধিকবাৰ তেওঁলোকক একেলগে দেখা পোৱাটোৱে জল্পনা-কল্পনাত ইন্ধন যোগাইছে। বিজয়-তৃষাই তেওঁলোকৰ সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ গৈ বিয়া পাতিবলৈ ওলাইছে নেকি? ইয়াৰ উত্তৰ অৱশ্যে সময়েহে দিব।


