দেশৰ চৰকাৰী তথ্যসমূহ অধিক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভাৰত চৰকাৰে নিজস্ব ‘ছ’ভাৰেইন ক্লাউড’ (Sovereign Cloud) আন্তঃগাঁথনি নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে গুগল, এমাজন ৱেব চাৰ্ভিচেছ আৰু এপলৰ দৰে গোলকীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে মত-বিনিময় আৰম্ভ কৰিছে।
কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ইতিমধ্যে যুগুত কৰি উলিওৱা ইয়াৰ প্ৰাথমিক খচৰাত ‘ছ’ভাৰেইন ক্লাউড’ৰ পৰিসৰ, সংৰক্ষণ কৰিবলগীয়া তথ্যৰ প্ৰকাৰ আৰু সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ নিৰ্দিষ্ট অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ মাজত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অহা কেইমাহমানৰ ভিতৰত বিষয়টোক লৈ বিস্তৃত ৰাজহুৱা পৰামৰ্শ বিচৰাৰো পূৰ্ণ সম্ভাৱনা আছে।
ভাৰতৰ ‘ক্লাউড’ আন্তঃগাঁথনি বৰ্তমান মাৰ্কিন প্ৰযুক্তি প্ৰতিষ্ঠানৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল। ভাৰতীয় ব্যৱসায়িক আৰু চৰকাৰী পৰ্যায়ৰ কাম-কাজসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত এমাজন ৱেব চাৰ্ভিচেছ, মাইক্ৰ’চফ্ট এজুৰ আৰু গুগল ক্লাউডে আগশাৰীৰ সেৱা প্ৰদানকাৰী হিচাপে আধিপত্য বিস্তাৰ কৰি আছে। সেয়েহে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত নিজস্ব নিয়ন্ত্ৰণ ৰখাৰ উদ্দেশ্যেই চৰকাৰে এই ‘ছ’ভাৰেইন ক্লাউড’ প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আলোচনাৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰা অনুসৰি, গুগল, এমাজন আৰু এপলৰ দৰে প্ৰতিষ্ঠানৰ পৰা প্ৰযুক্তিগত নিৰ্মাণ আৰু সুৰক্ষা সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰিব পৰা যায় যদিও সাৰ্বভৌম তথ্য সুৰক্ষিত ৰখাৰ স্বাৰ্থত চূড়ান্ত ব্যৱস্থাটো সম্পূৰ্ণ খিলঞ্জীয়া হ’ব লাগিব।
প্ৰস্তাৱিত গাঁথনি অনুসৰি সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হ’ব। প্ৰতিষ্ঠানসমূহে আইনী সুৰক্ষা, প্ৰযুক্তিগত সক্ষমতা, পৰিচালনাৰ দক্ষতা আৰু ‘মেক ইন ইণ্ডিয়া’ উপাদান এই চাৰিটা বহল মাপকাঠী পূৰণ কৰিব লাগিব। সূত্ৰটোৱে জনোৱা মতে, কেৱল ছাৰ্ভাৰসমূহ ক’ত অৱস্থিত সেয়া চালি-জাৰি চোৱাই উদ্দেশ্য নহয়, বৰঞ্চ কোনে সেয়া নিয়ন্ত্ৰণ কৰে, কেনেদৰে পৰিচালিত হয় আৰু যোগান শৃংখলৰ কিমান শতাংশ ভাৰতীয় নিয়ন্ত্ৰণত আছে সেয়াও পৰীক্ষা কৰা হ’ব। বৰ্তমান কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত জিঅ’ প্লেটফৰ্মছ, য়োট্টা ডাটা চাৰ্ভিচেছ, টাটা কমিউনিকেশ্যনছ, ছিফি আৰু কণ্ট্ৰোলএছৰ দৰে ঘৰুৱা প্ৰতিষ্ঠানকে ধৰি ২৯ টা প্ৰতিষ্ঠান অন্তৰ্ভুক্ত হৈ আছে, যিসমূহ এই প্ৰস্তাৱিত ব্যৱস্থাত নিবিদা দাখিলৰ যোগ্য হ’ব বুলি আশা কৰা হৈছে।
বৰ্তমান চৰকাৰী ব্যৱস্থাত জড়িত তথ্যৰ পৰিমাণ অত্যন্ত বৃহৎ। মন্ত্ৰালয়ৰ ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ (NIC) ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰসমূহত প্ৰায় ১০০ পেটাবাইট সঞ্চয় ক্ষমতা আৰু প্ৰায় ৫,০০০ ছাৰ্ভাৰ আছে, যিয়ে চৰকাৰী ক্লাউডৰ কাম-কাজ পৰিচালনা কৰে। ই-ক’ৰ্টছ, পাছপ’ৰ্ট, ৰে’লৱে, কৰ ব্যৱস্থা, ইউপিআই আৰু ভোটাৰ পৰিচয় পত্ৰৰ দৰে ৰাষ্ট্ৰীয় সুৰক্ষা বা বিত্তীয় স্বাৰ্থৰ সৈতে জড়িত আবেদন আৰু তথ্যসমূহ এই আন্তঃগাঁথনিৰ জৰিয়তে পৰিচালিত হয়। ৰাজ্যিক পৰ্যায়তো চিচিটিএনএছ আৰক্ষীৰ তথ্যভঁৰাল, কাৰাগাৰৰ তথ্য, ভূমিৰ তথ্য আদি ইয়াত অন্তৰ্ভুক্ত।
অৱশ্যে প্ৰস্তাৱিত ‘ছ’ভাৰেইন ক্লাউড’ত এই সকলোবোৰ তথ্য একেলগে এটা চৰকাৰী ছাৰ্ভাৰত ৰখাৰ পৰিকল্পনা নাই। তথ্যৰ স্পৰ্শকাতৰতাৰ ওপৰত ভিত্তি কৰি কাম-কাজসমূহ শ্ৰেণীভুক্ত কৰা হ’ব আৰু বিভিন্ন পৰ্যায়ৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ২০১৪ চনত ‘মেঘৰাজ’ৰ অধীনত ৰাষ্ট্ৰীয় ক্লাউড শুভাৰম্ভ কৰাৰ যোগেদি আৰম্ভ হোৱা চৰকাৰী ক্লাউড কাৰ্যসূচীৰ ভিত্তিত এই নতুন ধাৰণা গঢ় লৈ উঠিছে। ২০১৫-১৬ বৰ্ষত মাত্ৰ ৩৪২ টা চৰকাৰী বিভাগে মেঘৰাজ ব্যৱহাৰ কৰাৰ বিপৰীতে ২০২৬ চনৰ জুন মাহলৈকে ইয়াৰ ব্যৱহাৰকাৰী বিভাগৰ সংখ্যা ২,৩২৩ লৈ বৃদ্ধি পাইছে, যিয়ে ডিজিলকাৰ, মাইগভ আৰু ৰাষ্ট্ৰীয় জলপানি প’ৰ্টেলৰ দৰে মঞ্চকো পৰিচালনা কৰি আছে।





