ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ চলিত বৰ্ষৰ আগষ্ট মাহত আঠ মাহৰ ভিতৰত সৰ্বোচ্চ ৪.৮২ শতাংশলৈ বৃদ্ধি পাইছে। জুলাই মাহত ৪.৪৫ শতাংশত থকা এই হাৰ বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে দেশত খাদ্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি। ঘৰুৱা বাজেটৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰা এই মুদ্ৰাস্ফীতিয়ে ধাৰাবাহিকভাৱে তৃতীয়টো মাহৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্ধাৰিত ৪ শতাংশৰ মধ্যম-ম্যাদী লক্ষ্যমাত্ৰা অতিক্ৰম কৰিছে।
নতুন গ্ৰাহক মূল্য সূচকাংকৰ (২০২৪ বৰ্ষক ভিত্তি হিচাপে লৈ) তথ্য অনুসৰি, এই হাৰ বিগত আঠ মাহৰ ভিতৰত সৰ্বাধিক। মে’ মাহৰ ৩.৯৩ শতাংশৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই মুদ্ৰাস্ফীতিৰ হাৰ জুন মাহত ৪.৩৮ শতাংশ আৰু জুলাইত ৪.৪৫ শতাংশ হৈছিলগৈ। ৰয়টাৰ্ছৰ সমীক্ষাত অৰ্থনীতিবিদসকলে এই হাৰ ৪.৮০ শতাংশলৈ বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰিছিল যদিও বাস্তৱিক পৰিসংখ্যাই ইয়াকো অতিক্ৰম কৰে। এলএছইজিৰ তথ্য অনুসৰি, বিশ্বৰ দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম ভাৰতত বিগত দহ মাহ ধৰি মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমাগতভাৱে উৰ্ধমুখী হৈ আছে।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আগষ্ট মাহত দেশৰ খাদ্য মুদ্ৰাস্ফীতি ৫.৯৫ শতাংশলৈ বৃদ্ধি পাইছে, যিটো জুলাই মাহত আছিল ৫.৫২ শতাংশ। গ্ৰামাঞ্চলত খাদ্য মুদ্ৰাস্ফীতিৰ হাৰ ৬.১৩ শতাংশ হোৱাৰ বিপৰীতে চহৰাঞ্চলত ই ৫.৬৪ শতাংশ হিচাপে পঞ্জীয়ন হৈছে। সামগ্ৰিকভাৱেও গ্ৰামাঞ্চলৰ গ্ৰাহক মূল্য সূচকাংক জুলাইৰ ৪.৮৪ শতাংশৰ পৰা আগষ্টত ৫.২৩ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে, চহৰাঞ্চলৰ সামগ্ৰিক মুদ্ৰাস্ফীতি ৩.৯৬ শতাংশৰ পৰা ৪.৩১ শতাংশলৈ উৰ্ধগামী হৈছে।
খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সকলো সামগ্ৰীৰ ক্ষেত্ৰত সমানে হোৱা নাই। পিয়াঁজৰ মুদ্ৰাস্ফীতি জুলাইৰ ২২.৫৪ শতাংশৰ পৰা দুগুণতকৈয়ো অধিক বৃদ্ধি পাই আগষ্টত ৪৮.২৭ শতাংশ হৈছেগৈ। একেদৰে নহৰুৰ মুদ্ৰাস্ফীতি ৩৫.৩৬ শতাংশৰ পৰা ৪৩.৬০ শতাংশলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আদাৰ মূল্যবৃদ্ধিয়ে ৭৩.৮২ শতাংশ স্পৰ্শ কৰিছে। ইয়াৰ বিপৰীতে বিলাহীৰ মূল্য বিগত বৰ্ষৰ তুলনাত ৩১.০৯ শতাংশ আৰু আলুৰ মূল্য ১৩.১৪ শতাংশ হ্ৰাস পোৱাটোৱে গ্ৰাহকক সামান্য সকাহ দিছে।
কেৱল খাদ্য সামগ্ৰীতে এই মূল্যবৃদ্ধি সীমাবদ্ধ থকা নাই। আগষ্ট মাহত ৰেষ্টুৰেণ্ট আৰু আৱাস সেৱাৰ মুদ্ৰাস্ফীতি ৮.৩৮ শতাংশ আৰু পৰিবহণ খণ্ডৰ মুদ্ৰাস্ফীতি ৪.৬০ শতাংশ হিচাপে ৰেকৰ্ড কৰা হৈছে। ব্যক্তিগত যতন, সামাজিক সুৰক্ষা আৰু অন্যান্য সামগ্ৰী তথা সেৱাৰ ক্ষেত্ৰত এই হাৰ ১৫.১৭ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে বহুমূলীয়া ধাতুৰ মূল্যয়ো বজাৰত প্ৰভাৱ পেলাইছে। বিগত বৰ্ষৰ তুলনাত ৰূপৰ আ-অলংকাৰৰ মুদ্ৰাস্ফীতি ১০৭.১১ শতাংশ হোৱাৰ বিপৰীতে সোণ, হীৰা আৰু প্লেটিনামৰ আ-অলংকাৰৰ মূল্য ৩৫.৫৩ শতাংশ বৃদ্ধি পাইছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইৰাণৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা যোগান ব্যৱস্থাৰ ব্যাঘাতেই ভাৰতৰ দৰে দেশক অধিক স্পৰ্শকাতৰ কৰি তুলিছে। দেশৰ ইন্ধনৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮৫ শতাংশ আমদানী কৰা হয় আৰু ইয়াৰ বাবে হৰমুজ প্ৰণালীৰ যোগান শৃংখলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰাৰ লগতে চৌদি আৰৱত ড্ৰোণ আক্ৰমণৰ পাছত পূব-পশ্চিম ইন্ধন পাইপলাইন বন্ধ কৰি দিয়াৰ ফলত এই মূল্য পুনৰ বৃদ্ধি পাইছে। ইমানৰ পাছতো জুন ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৮ শতাংশ হিচাপে আশাব্যঞ্জক হৈ আছে। মৰ্গান ষ্টেনলী আৰু চিটিৰ দৰে গোলকীয় ব্ৰকাৰেজ প্ৰতিষ্ঠানে ২০২৭ চনৰ মাৰ্চত শেষ হ’বলগীয়া ১২ মহীয়া বৰ্ষৰ বাবে অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭ শতাংশৰ তলৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি কৰিছে। অৱশ্যে, এইচএছবিচিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বৰ্ষটোৰ দ্বিতীয়ার্ধত বিকাশৰ হাৰ কিছু মন্থৰ হোৱাৰ সম্ভাৱনা আছে।
আগন্তুক অক্টোবৰ মাহৰ ৫ তাৰিখৰ পৰা ৭ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ (এমপিচি) বৈঠকৰ পূৰ্বে আগষ্ট মাহৰ এই মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাই বিশেষ তাৎপৰ্য বহন কৰিছে। আগষ্ট মাহৰ বৈঠকত সমিতিয়ে ৰেপ’ ৰেট ৫.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখি এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছিল। ৰিজাৰ্ভ বেংকে ২০২৭ চনৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষটোত সামগ্ৰিক মুদ্ৰাস্ফীতি ৫ শতাংশ আৰু ক’ৰ মুদ্ৰাস্ফীতি ৪.৩ শতাংশত থকাৰ পূৰ্বানুমান কৰিছে। গোলকীয় ইন্ধনৰ মূল্যবৃদ্ধি আৰু প্ৰত্যাশিত এল নিনোৰ প্ৰভাৱে খাদ্য যোগানত সৃষ্টি কৰিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত ৰিজাৰ্ভ বেংকে কেনে নীতিগত পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰ্যবেক্ষণৰ বিষয় হৈ পৰিছে।





