• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত চৰকাৰী বাহিনীৰ সৈতে সংঘাত তীব্ৰতৰ হোৱাৰ মাজতে গ্ৰেটাৰ আৰু লেচাৰ হানিছ দ্বীপ দখল ইৰাণ সমৰ্থিত হুথিৰ; প্ৰায় ৯৪ হাজাৰ লোক গৃহহীন

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 10:37 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ সমৰ্থিত য়েমেনৰ হুথি বিদ্ৰোহীয়ে সোমবাৰে, ১৪ ছেপ্টেম্বৰত দক্ষিণ লোহিত সাগৰৰ কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰেটাৰ হানিছ আৰু লেচাৰ হানিছ দ্বীপ দুটা নিজৰ দখললৈ নিছে। চৌদি সমৰ্থিত চৰকাৰী বাহিনীয়ে গুৰুত্বপূৰ্ণ বাব এল-মাণ্ডেৱ প্ৰণালীৰ সমীপত বিদ্ৰোহীৰ হাতৰ পৰা অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰাৰ চেষ্টা চলাই থকাৰ সময়তে হুথিসকলে এই সামৰিক অভিযান চলায়। ইয়াৰ ফলত এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যিক পথৰ ওপৰত বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণ আৰু প্ৰভাৱ অধিক শক্তিশালী হৈ পৰিছে।

 

Apply Now

ইৰাণৰ ভূখণ্ডত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত শেহতীয়াকৈ যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিছিল, যাৰ মাজেৰে শান্তিকালীন সময়ত বিশ্বৰ এক-পঞ্চমাংশ তেল আৰু গেছ পৰিবহণ কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত চৌদি আৰৱে লোহিত সাগৰৰ সংযোগী বাব এল-মাণ্ডেৱ প্ৰণালীক খাৰুৱা তেল ৰপ্তানিৰ বিকল্প পথ হিচাপে ব্যৱহাৰ কৰি আহিছে। বিগত সপ্তাহত লোহিত সাগৰৰ মোখা বন্দৰ আৰু আন এক কৌশলগত দ্বীপ দখল কৰাৰ পাছত শেহতীয়াকৈ হানিছ দ্বীপপুঞ্জত হুথিৰ নিয়ন্ত্ৰণে চৌদি আৰৱৰ ইন্ধন পৰিবহণৰ ওপৰত অধিক হেঁচা সৃষ্টি কৰাৰ লগতে বিশ্ব বজাৰত তেলৰ যোগান আৰু মূল্যত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। এই পৰিস্থিতিয়ে আমেৰিকাৰ সৈতে চলি থকা যুদ্ধত ইৰাণক এক বিশেষ সুবিধাজনক স্থিতি প্ৰদান কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

 

হুথি বিদ্ৰোহীৰ এই অগ্ৰগতিয়ে বাব এল-মাণ্ডেৱ প্ৰণালীৰ বিপৰীত দিশত অৱস্থিত জিবুটিৰ মাৰ্কিন সামৰিক ঘাটিৰ মাত্ৰ ৩২ কিলোমিটাৰ দূৰত্বলৈ বিদ্ৰোহীসকলক লৈ আনিছে। এই ঘাটিটো আফ্ৰিকা মহাদেশত আমেৰিকাৰ মূল সামৰিক ঘাটি হিচাপে পৰিচিত। ইয়াৰ উপৰিও জিবুতিত চীন, ফ্ৰান্স আৰু জাপানকে ধৰি আন কেইবাখনো বিদেশী ৰাষ্ট্ৰৰো সামৰিক ঘাটি আছে।

 

ইফালে, চলিত মাহত হুথি আৰু চৰকাৰী বাহিনীৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ ফলত য়েমেনত ব্যাপক মানৱীয় সংকটৰ সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ (আইঅ’এম) মতে, এই সংঘাতৰ ফলত প্ৰায় ৯৪ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। বিশেষকৈ টাইজ আৰু লাহজ অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৪৮ হাজাৰ লোক গৃহহীন হৈ পৰিছে আৰু ২ হাজাৰৰো অধিক লোকে সাগৰ পাৰ হৈ জিবুটীত আশ্ৰয় লৈছে। আশ্ৰয়হীন পৰিয়ালসমূহক স্থান দিয়াৰ উদ্দেশ্যে দক্ষিণ-পশ্চিম য়েমেনৰ প্ৰায় ২০০ খন বিদ্যালয়ক আশ্ৰয় শিবিৰলৈ ৰূপান্তৰ কৰা হৈছে বুলি সাহায্য সংস্থা ইণ্টাৰনেচনেল ৰেচকিউ কমিটীয়ে প্ৰকাশ কৰিছে।

 

বিগত ২০২২ চনৰ যুদ্ধবিৰতিৰ পূৰ্বে ডেৰ লাখ লোকৰ প্ৰাণহানি ঘটোৱা বিধ্বংসী গৃহযুদ্ধৰ দিশে য়েমেন পুনৰ ধাৱমান হোৱাৰ আশংকাই দেখা দিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, শনিবাৰে শেষ হোৱা এটা সপ্তাহৰ ভিতৰতে ৫০০ ৰো অধিক লোক নিহত হৈছে, যিটো সংঘাতৰ এক ভয়ংকৰ উত্থান। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰ আৰু চৌদি আৰৱে বিগত ১২ বছৰ ধৰি হুথি বিদ্ৰোহীৰ বিৰুদ্ধে যুদ্ধ চলাই আহিছে আৰু শেহতীয়া এই পৰিস্থিতিয়ে অঞ্চলটোত সংঘাত অধিক দীঘলীয়া হোৱাৰ ইংগিত দিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd