• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 4:22 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে ‘আশীৰ্বাদৰ চাকি’ জ্বলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক লৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে তীব্ৰ চৰ্চা। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ সময়ক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো ১৯ ছেপ্টেম্বৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হ’ব।

এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে, মন্দিৰ আৰু নামঘৰত চাকি জ্বলাই প্ৰধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য আৰু দীঘলীয়া আয়ুৰ বাবে প্ৰাৰ্থনা জনাবলৈ ৰাইজক আহ্বান জনায়। বিজেপিৰ মাহজোৰা ‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে ৰাজহুৱা জীৱনত নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ কথাও সোঁৱৰণ কৰা হৈছে।

Apply Now

ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ১৭ ছেপ্টেম্বৰত ‘আশীৰ্বাদৰ চাকি’ কাৰ্যসূচীত অংশ ল’বলৈ দেশবাসীক আহ্বান জনাইছিল। কিন্তু অসমৰ ক্ষেত্ৰত এই আহ্বানৰ সময়ক লৈ বিশেষ প্ৰতিক্ৰিয়া দেখা গৈছে।

১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পূৰ্ণ হ’ব। জুবিনৰ মৃত্যুৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছিল গভীৰ শোকৰ পৰিৱেশ। অসমৰ সংগীত আৰু জনপ্ৰিয় সংস্কৃতিত বিশেষ স্থান দখল কৰা জুবিন গাৰ্গক তেওঁৰ অনুৰাগীসকলে কেৱল এজন শিল্পী হিচাপেই নহয়, অসমৰ এক আবেগ হিচাপেও গণ্য কৰে। তেওঁৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জুবিনক অসমৰ ‘প্ৰিয় সন্তান’ বুলি অভিহিত কৰি তেওঁৰ সৈতে অসমৰ মানুহৰ গভীৰ আবেগিক সম্পৰ্কৰ কথা উল্লেখ কৰিছিল।

এই পৰিপ্ৰেক্ষিততেই একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰিছে, জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ মাত্ৰ দুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে চাকি জ্বলোৱাৰ আহ্বান জনোৱাৰ প্ৰয়োজন কিয় হ’ল? একাংশ লোকে স্পষ্টকৈ কৈছে যে ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গক সোঁৱৰণ কৰাই তেওঁলোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব।

ছ’চিয়েল মিডিয়াত কোনো কোনোৱে ১৯ ছেপ্টেম্বৰত জুবিনৰ স্মৃতিত চাকি জ্বলাব বুলি মন্তব্য কৰিছে। আন একাংশই ৰাজনৈতিক নেতাৰ বাবে চাকি জ্বলোৱাৰ প্ৰতীকী অৰ্থক লৈও প্ৰশ্ন উত্থাপন কৰিছে। কিছুমান পোষ্টত ৰাজনৈতিক নেতৃত্বৰ অতিৰিক্ত প্ৰশংসা কৰা হৈছে বুলিও সমালোচনা কৰা হৈছে।

ইয়াৰ মাজতে কিছু ব্যৱহাৰকাৰীয়ে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ কথাও উত্থাপন কৰিছে। বানত শতাধিক লোকৰ মৃত্যু হোৱাৰ দাবী উল্লেখ কৰি সংকটৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু ভূমিকা সম্পৰ্কেও প্ৰশ্ন তোলা হৈছে। অৱশ্যে ছ’চিয়েল মিডিয়াৰ কিছুমান মন্তব্য ৰাজনৈতিক সমালোচনাৰ সীমা অতিক্ৰম কৰি ব্যক্তিগত কটাক্ষ আৰু উপহাসলৈও গৈছে।

ইপিনে জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জুবিন ক্ষেত্ৰত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। তিনিদিনীয়া স্মৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত বৃহৎ সংখ্যক লোক সমবেত হোৱাৰ সম্ভাৱনা আছে। জুবিনৰ প্ৰতি অসমৰ মানুহৰ আবেগ আৰু তেওঁৰ সাংস্কৃতিক প্ৰভাৱ এই অনুষ্ঠানৰ জৰিয়তে পুনৰ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, বিজেপিৰ ‘সেৱা সংকল্প অভিযান’ ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ চলিব। এই সময়ছোৱাত ৰক্তদান শিবিৰ, স্বাস্থ্যসেৱামূলক কাৰ্যসূচী, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানকে ধৰি বিভিন্ন জনসেৱামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছে।

এতিয়া ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী—এই দুটা দিনক লৈ অসমৰ জনমানসত বেলেগ বেলেগ আবেগ আৰু অৰ্থই স্থান লাভ কৰিছে। ১৭ আৰু ১৯ ছেপ্টেম্বৰ ওচৰ চাপি অহাৰ লগে লগে এই দুই অনুষ্ঠানক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াতো চৰ্চা অধিক তীব্ৰ হৈ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd