আজি (১৭ ছেপ্টেম্বৰ) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। তেওঁৰ ৭৬ সংখ্যক জন্মদিন। আজিৰ দিনটোতে তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
বহুতৰে এটা প্ৰশ্ন, ২০২৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান দৰমহা লাভ কৰে? তেওঁৰ সম্পদৰ পৰিমান কিমান? তেওঁ কি কি সুবিধা পায়? এই সকলোবোৰ বিষয়ৰ ওপৰত বিতংভাৱে জানি লওক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুঠ সম্পত্তি বা নেটৱৰ্থ কিমান?
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা পিএমঅ’ই তথ্য প্ৰদান কৰিছে। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষিত সম্পত্তিৰ পৰিমাণ প্ৰায় ৪.০২ কোটি টকা।
তেওঁ বেংকত জমা ধন বা বেংক ডিপোজিট আৰু ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰ বা নেচনেল ছেভিংছ চাৰ্টিফিকেটত বহু টকা বিনিয়োগ কৰিছে। অৱশ্যে তেওঁৰ নামত কোনো মাটি, ঘৰ বা গাড়ী নাই।
২০২৬ চনত প্ৰধানমন্ত্ৰী মোডীৰ মুঠ সম্পদ কিমান
এছ বি আইত জমা ধনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এছ বি আইৰ গংগানগৰ শাখাত ৩,৭৯,৭৬,১০১ টকাৰ এফ ডি আৰু এম অ’ ডি আছে।
বেংক বেলেঞ্চঃ তেওঁৰ বেংক একাউণ্টৰ বেলেঞ্চ ৩৫৬২ টকা।
হাতত নগদ টকা: তেওঁৰ হাতত আছে নগদ ৩৪,৪২৯ টকা।
ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ পত্ৰঃ এন এছ চিত তেওঁৰ ১০,২৪,৭২৪ টকা আছে।
সোণৰ গহনা: তেওঁৰ ৪টা সোণৰ আঙঠি আছে। ইয়াৰ ওজন প্ৰায় ৪৫ গ্ৰাম। মূল্য প্ৰায় ৪,৫৮,৮৬৪ টকা।
অন্যান্য বিনিয়োগ: তেওঁৰ বণ্ড, শ্বেয়াৰ, মিউচুৱেল ফাণ্ড আৰু অন্যান্য ছিকিউৰিটিত বিনিয়োগ নাই।
অস্থাৱৰ সম্পত্তি: তেওঁৰ অস্থাৱৰ সম্পত্তি আছে ৪,০১,৬০,৯৯৯ টকাৰ।
টিডিএছঃ ৬,৬৩,৩০৯ টকাৰ টিডিএছ দৰমহা আৰু বেংকৰ এফডিআৰৰ পৰা লোৱা হয়।
তেওঁৰ মুঠ সম্পত্তিৰ পৰিমানঃ তেওঁৰ শেহতীয়া সম্পত্তিৰ পৰিমান প্ৰায় ৪.০২ কোটি টকা।
২০২৬ চনত নৰেন্দ্ৰ মোদীয়ে কিমান টকা দৰমহা লাভ কৰে?
১৯৫২ চনৰ মন্ত্ৰীৰ দৰমহা আৰু ভাট্টা আইন অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰমহা লাভ কৰে। তেওঁৰ বৰ্তমানৰ দৰমহা এনেকুৱা-
৫০ হাজাৰ টকা বেচিক পে
৪৫ হাজাৰ সমষ্টিৰ ভাট্টা
৩,০০০ টকাৰ ছাম্পচুৱেৰী ভাট্টা বা অতিথি আপ্যায়ন ভাট্টা
২০০০ টকা দৈনিক ভাট্টা
তেওঁৰ মাহিলী দৰমহা প্ৰায় ১.৬০ লাখৰ পৰা ১.৬৬ লাখ টকা।
তেওঁ কি কি সুবিধা পায়?
তেওঁ দেশৰ প্ৰধানমন্ত্ৰী। গতিকে কোৱা বাহুল্য যে নৰেন্দ্ৰ মোডীয়ে কিছু বিশেষ সুবিধা লাভ কৰিব। বৰ্তমান তেওঁ কি কি সুবিধা পায় জানি লওঁ আহক-
- তেওঁ থাকিবলৈ সম্পূৰ্ণ সজ্জিত ঘৰ এটা পায়। ভাড়া দিব নালাগে।
- প্ৰধানমন্ত্ৰীৰ সকলো চৰকাৰী কাম-কাজৰ বাবে যাতায়তৰ খৰচ চৰকাৰে বহন কৰে।
- প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।


