ৰাজধানী দিল্লীত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে অপৰাধীসকলে। এই ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰে এজনৰ বয়স ১৯ বছৰ। বাকী কেইজন কিশোৰ। তেওঁলোকৰ বয়স ১৭ বছৰৰ কম।
সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, দিল্লীত এনে ঘটনা শেহতীয়া সময়ছোৱাত বহু পৰিমাণে বৃদ্ধি পাইছে৷ ৰাজধানীত মহিলাৰ সুৰক্ষাক লৈ এক নতুন আশংকা সৃষ্টি হৈছে। কেইবাটাও ঘটনাত নিৰ্ভয়া কাণ্ডৰ ছাঁ দেখা গৈছে ।
আৰক্ষীয়ে জনোৱা মতে, ধৃতকেইজনৰ ভিতৰত এজন কিশোৰীগৰাকীৰ বন্ধু। সেই বন্ধুক লগ কৰিবলৈ গৈয়েই তাই এক নৃশংস অপৰাধৰ বলি হৈছিল। বন্ধুজন আৰু তেওঁৰ দলটোৱে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি ছুৰীৰে হানিখুচি হত্যা কৰে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰে যে এই ঘটনা যোৱা শুকুৰবাৰে সংঘটিত হ’ব পাৰে। ৰাজধানীৰ স্বৰূপ নগৰৰ কুশক পথৰ সমীপৰ এখন পথাৰত পৰি থকা মৃতদেহ এটাৰ তথ্য লাভ কৰি আৰক্ষী তালৈ যায়। মৃতদেহটো ক্ষতবিক্ষত হোৱাৰ লগতে সোঁহাতখন নাছিল।
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তই যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পথাৰত পেলাই থৈ যায়। মৰণোত্তৰ পৰীক্ষাত দলবদ্ধ ধৰ্ষণৰ প্ৰমাণ পোৱা গৈছে। তদুপৰি ছোৱালীজনীৰ শৰীৰৰ ৮ স্থানত গুৰুতৰভাৱে আঘাতৰ চিন পোৱা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে কিশোৰীগৰাকীৰ পৰিচয় নিশ্চিত কৰিব পৰা নাছিল। মিছিং ডায়েৰীৰ পৰা তাইৰ পৰিচয় জানিবলৈ চেষ্টা কৰে। কিন্তু ছোৱালীজনীৰ পিতৃ-মাতৃয়ে নিৰুদ্দেশ হোৱা ডায়েৰী দাখিল কৰা নাছিল। ওচৰ-চুবুৰীয়াৰ লগত কথা পতাৰ অন্তত আৰক্ষীয়ে ছোৱালীজনীক চিনাক্ত কৰে। তাৰ পিছত তাইৰ পিতৃ-মাতৃয়ে স্থানীয় থানাত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰে। আৰক্ষীয়ে লগতে আটক কৰা চাৰিজনৰ ভিতৰত তিনিজন নাবালক বুলিও জানিবলৈ দিয়ে।
অভিযুক্তক ধৰিব পৰাটো কেনেকৈ সম্ভৱ হ’ল? আৰক্ষীয়ে অঞ্চলটোৰ ৫০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰি মাজ নিশা অঞ্চলটোৰ মাজেৰে কেইবাবাৰো যাত্ৰা কৰা এখন টেম্পো চিনাক্ত কৰে। গাড়ীখনৰ নম্বৰ বুজিব পৰা নগৈছিল যদিও স্থানীয় ৰাইজে সেইখন চিনাক্ত কৰে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে টেম্পোৰ চালকজনক গ্ৰেপ্তাৰ কৰে। তেওঁ ভায়েকে প্ৰায়ে ৰাতি গাড়ীখন লৈ ওলাই যায় বুলি জনায়। তেতিয়ালৈকে অভিযুক্ত ভাতৃয়ে আত্মগোপন কৰিছিল।
ধৃত কেইজনক জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে ছোৱালীজনীয়ে বন্ধুক ধৰ্ষণ কৰিলে থানালৈ যাব বুলি সকীয়াই দিছিল। তাৰ পিছত বন্ধুজনে নিজৰ দলটোক ফোন কৰি মাতি আনে। বাকী তিনিজনে মদ্যপান কৰি আছিল। তেওঁলোকে ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে।





