• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ অধীনত নিজৰ বৈধতা প্ৰমাণ কৰিবলৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰাৰ পাছতেই ৰাজধানী চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 6:21 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে। শনিবাৰে পোহৰলৈ অহা এই তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ এগৰাকী বৈধ ভোটাৰ বুলি প্ৰমাণ কৰিবলৈ আয়োগৰ ওচৰত নিজৰ নথি-পত্ৰ জমা দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী গুপ্তাৰ লগতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যসভাৰ সাংসদ কপিল চিব্বললৈয়ো আয়োগে একেধৰণৰ জাননী প্ৰেৰণ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ খচৰা ভোটাৰ তালিকাত থকা ৯৭.৫ লাখ ভোটাৰৰ ভিতৰত প্ৰায় ৩৩ লাখ লোকলৈ আয়োগে এই জাননী প্ৰেৰণ কৰিছে।

 

Apply Now

শালিমৰ বাগ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত ৫১ বছৰীয়া মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ তেওঁৰ পিতৃ-মাতৃৰ সৈতে বয়সৰ ব্যৱধান ১৫ বছৰতকৈ কম হোৱাৰ এক যৌক্তিক বিসংগতিৰ দোহাই দি এই জাননী জাৰি কৰা হৈছিল। অৱশ্যে শনিবাৰে নিৰ্বাচন বিষয়া সকলে তাৎক্ষণিকভাৱে স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰীগৰাকীৰ নথি-পত্ৰসমূহ ইতিমধ্যে পৰীক্ষা কৰা হৈছে আৰু অহা চাৰি নৱেম্বৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰাটো সুনিশ্চিত কৰা হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ বুথ পৰ্যায়ৰ বিষয়াই লগে লগে উপস্থিত হৈ নথিপত্ৰৰ পৰীক্ষণ সম্পন্ন কৰে। শালিমৰ বাগৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই জানিবলৈ দিয়া মতে, কোনো যোগ্য নাগৰিক যাতে ভোটাৰ তালিকাৰ পৰা বাদ নপৰে আৰু কোনো অযোগ্য লোকে যাতে স্থান নাপায়, সেয়া নিশ্চিত কৰিবলৈ আয়োগ সংকল্পবদ্ধ।

 

মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আয়োগে গ্ৰহণ কৰা এই ক্ষীপ্ৰ পদক্ষেপে এতিয়া সাধাৰণ ভোটাৰৰ প্ৰতি কৰা আচৰণক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰে প্ৰথমে এই তথ্য ৰাজহুৱা কৰি প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীৰ দৰেই জাননী লাভ কৰা অন্যান্য ৩৩ লাখ সাধাৰণ ভোটাৰৰ ক্ষেত্ৰতো একেই তৎপৰতা আৰু প্ৰক্ৰিয়াগত মানদণ্ড পালন কৰা হ’বনে। আনহাতে, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেওঁৰ পত্নী সুনীতা, মাতৃ গীতা দেৱী, পিতৃ গোবিন্দ ৰাম আৰু পুত্ৰ পুলকিতলৈয়ো নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ এই ভোটাৰসকলৰ নাম ২০০২ চনৰ ভোটাৰ তালিকাৰ সৈতে সংগতি নথকাৰ বাবেই এই জাননী দিয়া হৈছে। একে কাৰণতেই নতুন দিল্লী সমষ্টিৰে ভোটাৰ তথা ৰাজ্যসভাৰ সাংসদ কপিল চিব্বললৈয়ো জাননী জাৰি কৰা হৈছে। অৱশ্যে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বিপৰীতে কেজৰিৱালৰ পৰিয়ালৰ নথি-পত্ৰ এতিয়াও পৰীক্ষণ কৰা হোৱা নাই বুলি সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়াই জানিবলৈ দিছে।

 

তিনিবাৰৰ মুখ্যমন্ত্ৰী কেজৰিৱাললৈ প্ৰেৰণ কৰা এই জাননীক লৈ আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে, সমাজকৰ্মী অঞ্জলি ভৰদ্বাজে এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক ভেকোঁভাওনা বুলি অভিহিত কৰি কয় যে যিসকল লোকে ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকৰ ভোটাৰ হোৱাৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাটোৱেই আশ্চৰ্যজনক। যোৱা ৩১ আগষ্টত খচৰা তালিকা প্ৰকাশ পোৱাৰ ১৮ দিনৰ পাছতহে জাননী লাভ কৰা লোকসকলৰ তালিকা প্ৰকাশ পোৱা বিষয়টোকো তেওঁ সমালোচনা কৰে। উল্লেখযোগ্য যে, দিল্লীত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ তৃতীয় পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত পূৰ্বৰ তালিকাৰ প্ৰায় ৩৩ শতাংশ নাম খচৰা তালিকাত স্থান পোৱা নাই আৰু পৰৱৰ্তী সময়ত আয়োগৰ নথিপত্ৰ পৰীক্ষণৰ পাছতহে এই লোকসকলৰ ভোটাধিকাৰৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd