নতুন দিল্লীত ২১ ছেপ্টেম্বৰ, সোমবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানযোগে স্পষ্ট কৰি দিয়ে যে আৰক্ষীয়ে কোনো অভিযুক্তক কৰা প্ৰথমবাৰৰ গ্ৰেপ্তাৰ প্ৰমাণৰ অভাৱত বা বেআইনী বুলি বিবেচিত হোৱাৰ পাছত পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ দণ্ডাধীশৰ অনুমতি লোৱাটো বাধ্যতামূলক। ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অতুল চান্দুৰকাৰক লৈ গঠিত বিচাৰপীঠে প্ৰদান কৰা এই ৰায়ত সংবিধানৰ ২২(১) অনুচ্ছেদৰ সুৰক্ষা কৱচ কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বিচাৰপীঠৰ নিৰ্দেশনা অনুসৰি, যদি কোনো ব্যক্তিক সংবিধানৰ ২২(১) অনুচ্ছেদ উলংঘা কৰাৰ বাবে মুকলি কৰি দিয়া হয়, তেন্তে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে এলেকাধীন ন্যায়িক দণ্ডাধীশৰ কাষ চাপি আনুষ্ঠানিক অনুমতি লাভ কৰিব লাগিব। অভিযুক্তক লিখিতভাৱে গ্ৰেপ্তাৰৰ কাৰণসমূহ অৱগত কৰাৰ পাছতহে আৰক্ষীয়ে এই আৱেদন দাখিল কৰিব পাৰিব। ইয়াৰ উপৰি, এই আৱেদনত প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়াগৰাকীৰ প্ৰত্যক্ষ ঊৰ্ধ্বতন বিষয়াৰ অনুমোদন থাকিব লাগিব আৰু প্ৰথম অৱস্থাত গ্ৰেপ্তাৰৰ কাৰণ অভিযুক্তক কিয় জনোৱা হোৱা নাছিল, তাৰো স্পষ্ট ব্যাখ্যা দিব লাগিব।
উচ্চতম ন্যায়ালয়ে ৰায়দানত স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ২২(১) অনুচ্ছেদ অনুসৰি গ্ৰেপ্তাৰৰ কাৰণ নজনোৱাকৈ কাকো জিম্মাত ৰাখিব নোৱাৰি আৰু এই নিয়ম অপৰাধৰ গুৰুত্ব নিৰ্বিশেষে পালন কৰিব লাগিব। অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA) আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (UAPA) দৰে বিশেষ আইনৰ অধীনত হোৱা অপৰাধৰ ক্ষেত্ৰতো এই নিয়ম সমানে প্ৰযোজ্য হ’ব। লগতে, ২২(১) অনুচ্ছেদ উলংঘা কৰি প্ৰথমটো গ্ৰেপ্তাৰ কৰা দায়ী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বিচাৰপীঠে নিৰ্দেশ দিছে। ন্যায়াধীশ ভূঞাই উল্লেখ কৰে যে এবাৰ ২২(১) অনুচ্ছেদ উলংঘা হোৱাৰ পাছত পুনৰ গ্ৰেপ্তাৰৰ ক্ষমতা সেই একেগৰাকী বিষয়াৰ ইচ্ছাধীন হ’ব নোৱাৰে আৰু ইয়াৰ ন্যায়িক প্ৰয়োগ নিশ্চিত হ’ব লাগিব।
আৱেদনৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা এতিয়া সম্পূৰ্ণৰূপে দণ্ডাধীশৰ ওপৰত ন্যস্ত থাকিব। দণ্ডাধীশে সমগ্ৰ বিষয়টো পৰীক্ষা কৰি যদি পতিয়ন যায় যে প্ৰথম অৱস্থাত গ্ৰেপ্তাৰৰ কাৰণ জনাব নোৱাৰাৰ আঁৰত যুক্তিসংগত কাৰণ আছিল আৰু বৰ্তমান অভিযুক্তক পুনৰ গ্ৰেপ্তাৰ কৰাৰ প্ৰকৃত প্ৰয়োজন আছে, তেতিয়াহে তদন্তকাৰী সংস্থাক পুনৰ গ্ৰেপ্তাৰৰ অনুমতি প্ৰদান কৰিব পাৰিব। তদুপৰি, প্ৰশাসনিক দিশৰ পৰা ঊৰ্ধ্বতন কৰ্তৃপক্ষই এনে আৱেদনত অনুমোদন জনোৱাৰ সময়ত গোচৰটোৰ পৰৱৰ্তী তদন্তৰ দায়িত্ব আন এগৰাকী আৰক্ষী বিষয়াক অৰ্পণ কৰিব লাগিব আৰু পূৰ্বৰ বিষয়াগৰাকীৰ এই গুৰুতৰ ত্ৰুটিৰ বাবে বিভাগীয় তদন্তৰো নিৰ্দেশ দিব লাগিব।





