টাম্বলাৰ ৰিজত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰযুক্তি প্ৰতিষ্ঠান অ’পেনএআই পুনৰবাৰ আইনী মেৰপেঁচত সোমাই পৰিছে। ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ব্ৰিটিছ কলম্বিয়াই ছান ফ্ৰান্সিস্ক’ৰ ফেডাৰেল আদালতত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। এই গোচৰত অভিযোগ কৰা হৈছে যে আক্ৰমণকাৰীয়ে চেটজিপিটি ব্যৱহাৰ কৰাৰ সন্দৰ্ভত অ’পেনএআইয়ে যদি স্থানীয় আৰক্ষীক তথ্য প্ৰদান কৰিলেহেঁতেন, তেন্তে বিদ্যালয়ত সংঘটিত হোৱা এই ভয়াবহ গুলীচালনাৰ ঘটনাটো প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। এই গোচৰত অ’পেনএআইৰ লগতে প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া চেম অল্টমেনকো অভিযুক্ত হিচাপে নামাংকিত কৰা হৈছে। ফেব্ৰুৱাৰী মাহত সংঘটিত এই গুলীচালনাৰ ঘটনাৰ পাছত বিদ্যালয়খনৰ পুনৰ নিৰ্মাণ আৰু মানসিক স্বাস্থ্য সেৱাকে ধৰি বিভিন্ন ব্যয়ৰ বাবে ব্ৰিটিছ কলম্বিয়াই ক্ষতিপূৰণ দাবী কৰিছে। ইয়াৰ উপৰি, ভৱিষ্যতে হিংসাত্মক ঘটনাৰ সম্ভাৱনা থকা চেটজিপিটিৰ বাৰ্তালাপসমূহৰ ক্ষেত্ৰত অ’পেনএআইয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আদালতৰ নিৰ্দেশ বিচাৰিছে।
যোৱা ১০ ফেব্ৰুৱাৰীত ব্ৰিটিছ কলম্বিয়াৰ টাম্বলাৰ ৰিজত সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাত ৯ গৰাকী লোকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত অধিকাংশই আছিল শিশু। আৰক্ষীৰ সূত্ৰ অনুসৰি, জেছী ভান ৰুটচেলাৰ নামৰ ১৮ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰথমে নিজৰ বাসগৃহত মাতৃ আৰু সতীয়া ভাতৃক গুলীয়াই হত্যা কৰাৰ পাছত নিজৰ পূৰ্বৰ বিদ্যালয়খনত আক্ৰমণ চলাইছিল। এই আক্ৰমণত বিদ্যালয়খনৰ এগৰাকী শিক্ষা সহায়ক আৰু ১২ ৰ পৰা ১৩ বছৰ বয়সৰ পাঁচগৰাকী শিক্ষাৰ্থী নিহত হয়। পাছত আক্ৰমণকাৰী ভান ৰুটচেলাৰে নিজেই আত্মহত্যা কৰে।
আদালতত দাখিল কৰা গোচৰটোৰ তথ্য অনুসৰি, আগ্নেয়াস্ত্ৰ আৰু হিংসাত্মক কাৰ্যকলাপৰ প্ৰসংগ থকাৰ বাবেই অ’পেনএআইৰ সুৰক্ষা দলে ভান ৰুটচেলাৰৰ চেটজিপিটি বাৰ্তালাপসমূহক পূৰ্বেই ‘বিপদজনক’ বুলি চিহ্নিত কৰিছিল। আনকি, সুৰক্ষা দলৰ সদস্যসকলে তৎকালীনভাৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল যদিও মুখ্য কাৰ্যবাহী বিষয়া চেম অল্টমেনকে ধৰি জ্যেষ্ঠ বিষয়াসকলে ইয়াত সন্মতি প্ৰদান কৰা নাছিল আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পৰা বিৰত আছিল। ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ আগত ঘটনাৰ সবিশেষ ফাদিল কৰা অ’পেনএআইৰ একাংশ গোপন তথ্য ফাদিলকাৰীৰ ভাষ্যকো এই গোচৰত অন্তৰ্ভুক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৱে আক্ৰমণকাৰীৰ একাউণ্টটো নিষ্ক্ৰিয় কৰি দিছিল যদিও গোচৰটোত দাবী কৰা হৈছে যে ভান ৰুটচেলাৰে অন্য এটা নতুন একাউণ্ট খুলি আক্ৰমণৰ পৰিকল্পনাৰ বাবে ধাৰাবাহিকভাৱে চেটজিপিটিৰ ব্যৱহাৰ অব্যাহত ৰাখিছিল।
ব্ৰিটিছ কলম্বিয়াই ৰুজু কৰা এই শেহতীয়া গোচৰটোৰ পূৰ্বে, টাম্বলাৰ ৰিজৰ ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াল তথা অন্যান্য লোকে কেলিফৰ্নিয়াত অ’পেনএআইৰ বিৰুদ্ধে ৩০টাতকৈও অধিক সুকীয়া গোচৰ দাখিল কৰিছিল। উক্ত গোচৰসমূহত আক্ৰমণৰ পূৰ্বেই সময়মতে হস্তক্ষেপ কৰি সাম্ভাৱ্য বিপদ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে প্ৰতিষ্ঠানটোক জগৰীয়া কৰা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, চেটজিপিটিৰ নিৰাপত্তাজনিত আসোঁৱাহক কেন্দ্ৰ কৰি অ’পেনএআইৰ বিৰুদ্ধে অব্যাহত থকা ধাৰাবাহিক আইনী যুঁজৰ ক্ষেত্ৰত ব্ৰিটিছ কলম্বিয়াৰ এই পদক্ষেপ হৈছে এক নৱতম সংযোজন। ইয়াৰ পূৰ্বে যোৱা জুন মাহত, আমেৰিকাৰ প্ৰথমখন ৰাজ্য হিচাপে ফ্ল’ৰিডায়ো চেটজিপিটিৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তাজনিত বিপদৰ অভিযোগ তুলি অ’পেনএআইৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। ফ্ল’ৰিডাৰ অভিযোগ আছিল যে প্ৰতিষ্ঠানটোৱে নিজৰ প্লেটফৰ্মৰ নিৰাপত্তাৰ সন্দৰ্ভত ভুল তথ্য উপস্থাপন কৰিছে আৰু চেটজিপিটিয়ে বিদ্যালয়ৰ আক্ৰমণকাৰীসকলক সহায়ক হোৱাকৈ তথ্য যোগান ধৰাৰ লগতে যুৱপ্ৰজন্মৰ মাজত নিজৰ ক্ষতিসাধন কৰা তথা অন্যান্য বিপজ্জনক প্ৰৱণতা বৃদ্ধিত ইন্ধন যোগাইছে।





