ভাৰতীয় জনতা পাৰ্টীৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলে অভিনেতা তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। মঙলবাৰে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰা এক পোষ্টত তেওঁ জনায় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতিলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
সীমান্ত শেখৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ব্যক্তিগত কাৰণত গ্ৰহণ কৰা হৈছে।
নিজৰ পোষ্টত সীমান্ত শেখৰে উল্লেখ কৰে যে তেওঁৰ পদত্যাগৰ সৈতে কোনো ৰাজনৈতিক মতাদৰ্শ, নীতি বা কোনো ব্যক্তিক লৈ অসন্তুষ্টিৰ সম্পৰ্ক নাই। লগতে আগন্তুক সময়ত তেওঁ কোনো ৰাজনৈতিক দলৰ সৈতেও জড়িত নথকাৰ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে।
বিজেপিৰ সতীৰ্থ, শুভাকাংক্ষী আৰু দলীয় কৰ্মকৰ্তাসকললৈ আন্তৰিক শুভেচ্ছা জনাই সীমান্ত শেখৰে দলটোৰ ভৱিষ্যৎ সফলতা কামনা কৰে। অসমৰ জনসাধাৰণৰ সেৱাত দলটোৱে অধিক নিষ্ঠাৰে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰা অধিক শক্তিশালী আৰু সফল হওক বুলিও শুভেচ্ছা জ্ঞাপন কৰে সীমান্ত শেখৰে। শেষত তেওঁ অসম আৰু অসমীয়া জাতিৰ প্ৰতি নিজৰ মৰম, সন্মান আৰু দায়বদ্ধতা সদায় অটুট থাকিব বুলি উল্লেখ কৰে।





