• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 11:18 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বৃহস্পতিবাৰে লাডাখত জলবায়ু কৰ্মী ছোনম ৱাংচুকৰ নেতৃত্বত লেহ এপেক্স বডীয়ে শ্বহীদ দিৱস পালন কৰিছে। ইয়াৰ পূৰ্বে বুধবাৰে তেওঁলোকে লেহ চহৰত এক পদযাত্ৰা উলিয়ায়। কাশ্মীৰতো অনুৰূপ এক পদযাত্ৰা বাহিৰ কৰা হয়। দুয়োখন ঠাইতে দিনটো শান্তিপূৰ্ণভাৱে পাৰ হয়। বৃহস্পতিবাৰে লেহকে ধৰি লাডাখৰ সকলো প্ৰান্ততে শ্বহীদ দিৱস পালনৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

 পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দাবী কৰি যোৱা বছৰ লেহ চহৰ উত্তাল হৈ পৰিছিল। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰাত চাৰিজন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত অনশনৰত ছোনম ৱাংচুককে ধৰি ২০ জন লোকৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত ৰুজু হোৱা গোচৰ বুধবাৰে লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই প্ৰত্যাহাৰ কৰিছে।

Apply Now

 সামাজিক মাধ্যমত এক পোষ্টযোগে লেফটেনেণ্ট গভৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে যে লাডাখৰ শান্তি, জননিৰাপত্তা আৰু সামাজিক সম্প্ৰীতিৰ স্বাৰ্থত যোৱা বছৰ ২৪ ছেপ্টেম্বৰত লেহত সংঘটিত হোৱা দুৰ্ভাগ্যজনক হিংসাত্মক ঘটনাৰ সৈতে জড়িত ২০ জন ব্যক্তিৰ ওপৰত থকা অপৰাধমূলক গোচৰ প্ৰত্যাহাৰৰ অনুমোদন জনোৱা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে এক বিতং পৰ্যালোচনাৰ অন্তত লাডাখ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৩৬০ ধাৰাৰ অধীনত লেহ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১৪৪/২০০৫ নম্বৰৰ এফআইআৰৰ ভিত্তিত এই ২০ জন ব্যক্তিৰ বিৰুদ্ধে এক ক্লজাৰ ৰিপৰ্টৰ পৰামৰ্শ দিছিল।

 ছাক্সেনাৰ মতে, এই সিদ্ধান্তৰ ফলত উক্ত ২০ জন ব্যক্তিয়ে নিজৰ জীৱন আৰু কৰ্মক্ষেত্ৰত ইতিবাচকভাৱে আগবাঢ়ি যাব পাৰিব। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তে ন্যায় আৰু আৰোগ্যক অগ্ৰাধিকাৰ দি লোৱা এই সিদ্ধান্তৰ মূল লক্ষ্য হৈছে লাডাখত এখন শান্তিপূৰ্ণ, ঐক্যবদ্ধ আৰু সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়ি তোলা। যোৱা বছৰ লাডাখৰ আন্দোলনৰ আন এক প্ৰধান দাবী আছিল সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুৰক্ষা প্ৰদান কৰা। লেহ এপেক্স বডীৰ অধ্যক্ষ চেৰিং দৰ্জে লাক্ৰুকে জানিবলৈ দিয়ে যে তেওঁলোকে বৃহস্পতিবাৰে শ্বহীদ দিৱস পালন কৰিব। যোৱা কেইবামাহ ধৰি লাডাখৰ পৰিস্থিতি স্বাভাৱিক হৈ আছিল যদিও বৃহস্পতিবাৰে শ্বহীদ দিৱস পালনৰ সিদ্ধান্তৰ পাছত তাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

 লাডাখৰ জনসাধাৰণৰ সুকীয়া ৰাজ্যৰ দাবী নতুন নহয়। ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত এই দাবী আংশিকভাৱে পূৰণ হৈছিল। সেই সময়ত জম্মু-কাশ্মীৰক এখন কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু লগতে লেহ আৰু লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰা হৈছিল। জম্মু-কাশ্মীৰৰ পৰা পৃথক হোৱাৰ পাছত লাডাখত সুকীয়া ৰাজ্যৰ দাবীত পুনৰ নতুনকৈ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ পুৰোধা ব্যক্তি আছিল জলবায়ু কৰ্মী ছোনম ৱাংচুক। তেওঁক গ্ৰেপ্তাৰ কৰি লাডাখৰ বাহিৰলৈ লৈ যোৱা হৈছিল যদিও মুকলি আকাশৰ তললৈ আহি তেওঁ পুনৰ নিজৰ ঠাইলৈ উভতি আহে। বুধবাৰে লেহত অনুষ্ঠিত হোৱা কুৰি কিলোমিটাৰ জোৰা এক বিশাল পদযাত্ৰাতো ৱাংচুকেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত এক নতুন মাত্ৰা প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd