অসম নাগৰিক সন্মিলনে ২৪ ছেপ্টেম্বৰত এক বিবৃতি যোগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনী হিংসা আৰু সুযোগসন্ধানী ৰাজনীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ড° হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে স্বাক্ষৰ কৰা এই বিবৃতিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু শিৱামণি বৰাৰ বাহনত হোৱা আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে। ইয়াৰ লগতে, শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ বিৰোধী শিবিৰক দলীয় সংকীৰ্ণতা পাহৰি একগোট হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে।
বিবৃতিটোত অভিযোগ কৰিছে যে শাসকীয় দলটোৱে নিৰ্বাচনত জয়লাভ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু নগাঁও লোকসভাৰ উপ-নিৰ্বাচন ইয়াৰ এক স্পষ্ট প্ৰমাণ। বিবৃতিটোত দাবী কৰা অনুসৰি, পূৰ্বে সংখ্যালঘু ‘মিঞা’ সম্প্ৰদায়ক তীব্ৰ সমালোচনা আৰু হাৰাশাস্তি কৰা দলটোৱে এতিয়া নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত ভোটৰ স্বাৰ্থত তেওঁলোকক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। একেদৰে, শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীয়ে পূৰ্বে উচ্ছেদ অভিযানত আগভাগ লোৱাৰ পিছত বৰ্তমান নিৰ্বাচনী স্বাৰ্থত নিজৰ স্থিতি সলনি কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীগৰাকীক নগাঁও সমষ্টিৰ অন্তৰ্গত দুখনকৈ জিলাৰ প্ৰশাসনিক মূৰব্বী হিচাপে নিযুক্তি দি সমষ্টিটোৰ সকলো তথ্য সংগ্ৰহৰ জৰিয়তে নিৰ্বাচনী সুবিধা আদায়ৰ চতুৰ পৰিকল্পনা কৰা হৈছিল বুলিও সন্মিলনে দাবী কৰিছে।
সমষ্টিটোত শেহতীয়াকৈ সংঘটিত নিৰ্বাচনী হিংসাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি সন্মিলনে কয় যে শাসকীয় দলে নিজৰ জয় সম্পৰ্কে শংকিত হৈয়েই এনে হিংসাত্মক কাৰ্যৰ আশ্ৰয় লৈছে। গৌৰৱ গগৈ আৰু শিৱামণি বৰাৰ বাহনত হোৱা আক্ৰমণৰ লগত জড়িত সকলো দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে। আনহাতে, এই সমগ্ৰ পৰিস্থিতিত বিৰোধী দলসমূহৰ ভূমিকাক লৈয়ো সন্মিলনে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। বিবৃতিটোত উল্লেখ কৰা মতে, কংগ্ৰেছ দলে যি সক্ৰিয়তাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব লাগিছিল, তাত যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে।
বাকী বিৰোধী দলসমূহেও বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশগ্ৰহণ নকৰাটোক সন্মিলনে পৰিতাপৰ বিষয় বুলি অভিহিত কৰিছে। বৰ্তমান সময়ত মান-অভিমান পাহৰি সকলো বিৰোধী শক্তিক একত্ৰিত হৈ শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। অসম নাগৰিক সন্মিলনৰ এই বিবৃতিৰ পিছত নগাঁও উপ-নিৰ্বাচনৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসকীয় দলৰ প্ৰতিক্ৰিয়া আৰু বিৰোধী শিবিৰৰ পৰৱৰ্তী নিৰ্বাচনী পদক্ষেপ কি হ’ব, সেয়া ৰাজনৈতিক মহলৰ বাবে লক্ষণীয় হৈ পৰিছে।


