• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

অসম নাগৰিক সন্মিলনৰ হৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এক বিবৃতি যোগে নগাঁও উপ-নিৰ্বাচনত শাসকীয় দলৰ ভূমিকাক তীব্ৰ সমালোচনা কৰাৰ লগতে বিৰোধী দলসমূহক ঐক্যবদ্ধ প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 12:52 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম নাগৰিক সন্মিলনে  ২৪ ছেপ্টেম্বৰত এক বিবৃতি যোগে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনী হিংসা আৰু সুযোগসন্ধানী ৰাজনীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ড° হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে স্বাক্ষৰ কৰা এই বিবৃতিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু শিৱামণি বৰাৰ বাহনত হোৱা আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে। ইয়াৰ লগতে, শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ বিৰোধী শিবিৰক দলীয় সংকীৰ্ণতা পাহৰি একগোট হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে।

 

Apply Now

বিবৃতিটোত অভিযোগ কৰিছে যে শাসকীয় দলটোৱে নিৰ্বাচনত জয়লাভ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু নগাঁও লোকসভাৰ উপ-নিৰ্বাচন ইয়াৰ এক স্পষ্ট প্ৰমাণ। বিবৃতিটোত দাবী কৰা অনুসৰি, পূৰ্বে সংখ্যালঘু ‘মিঞা’ সম্প্ৰদায়ক তীব্ৰ সমালোচনা আৰু হাৰাশাস্তি কৰা দলটোৱে এতিয়া নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত ভোটৰ স্বাৰ্থত তেওঁলোকক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। একেদৰে, শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীয়ে পূৰ্বে উচ্ছেদ অভিযানত আগভাগ লোৱাৰ পিছত বৰ্তমান নিৰ্বাচনী স্বাৰ্থত নিজৰ স্থিতি সলনি কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীগৰাকীক নগাঁও সমষ্টিৰ অন্তৰ্গত দুখনকৈ জিলাৰ প্ৰশাসনিক মূৰব্বী হিচাপে নিযুক্তি দি সমষ্টিটোৰ সকলো তথ্য সংগ্ৰহৰ জৰিয়তে নিৰ্বাচনী সুবিধা আদায়ৰ চতুৰ পৰিকল্পনা কৰা হৈছিল বুলিও সন্মিলনে দাবী কৰিছে।

 

সমষ্টিটোত শেহতীয়াকৈ সংঘটিত নিৰ্বাচনী হিংসাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি সন্মিলনে কয় যে শাসকীয় দলে নিজৰ জয় সম্পৰ্কে শংকিত হৈয়েই এনে হিংসাত্মক কাৰ্যৰ আশ্ৰয় লৈছে। গৌৰৱ গগৈ আৰু শিৱামণি বৰাৰ বাহনত হোৱা আক্ৰমণৰ লগত জড়িত সকলো দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে। আনহাতে, এই সমগ্ৰ পৰিস্থিতিত বিৰোধী দলসমূহৰ ভূমিকাক লৈয়ো সন্মিলনে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। বিবৃতিটোত উল্লেখ কৰা মতে, কংগ্ৰেছ দলে যি সক্ৰিয়তাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব লাগিছিল, তাত যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে।

 

বাকী বিৰোধী দলসমূহেও বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশগ্ৰহণ নকৰাটোক সন্মিলনে পৰিতাপৰ বিষয় বুলি অভিহিত কৰিছে। বৰ্তমান সময়ত মান-অভিমান পাহৰি সকলো বিৰোধী শক্তিক একত্ৰিত হৈ শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। অসম নাগৰিক সন্মিলনৰ এই বিবৃতিৰ পিছত নগাঁও উপ-নিৰ্বাচনৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসকীয় দলৰ প্ৰতিক্ৰিয়া আৰু বিৰোধী শিবিৰৰ পৰৱৰ্তী নিৰ্বাচনী পদক্ষেপ কি হ’ব, সেয়া ৰাজনৈতিক মহলৰ বাবে লক্ষণীয় হৈ পৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd