বাতৰি অনুসৰি, যোৱা এবছৰত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মুঠ সম্পদ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পিছতো সদ্য প্ৰকাশিত ‘হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৬’ত ভাৰতৰ ধনী অভিনেতা হিচাপে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ‘কিং’ খানে।
প্ৰতিবেদন অনুসৰি এবছৰত প্ৰায় ২৪৯০ কোটি টকাৰ সম্পত্তি হ্ৰাস পোৱাৰ পিছতো মুঠ ১০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক হিচাপে তেওঁ আন তাৰকাসকলক বহু পিছ পেলাই ৰাখিছে।
যোৱা বছৰ প্ৰকাশিত হৰুণ তালিকাত শ্বাহৰুখ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১২,৪৯০ কোটি টকা। কিন্তু নতুন মূল্যায়নত ই ১০ হাজাৰ কোটি টকালৈ হ্ৰাস পাইছে।
শ্বাহৰুখৰ উপাৰ্জন কেৱল ছবিৰ পৰাই নহয়। তেওঁৰ প্ৰডাকচন আৰু ভিএফএক্স কোম্পানী ৰেড চিলিছ এণ্টাৰটেইনমেণ্ট আৰু আইপিএল দল কলকাতা নাইট ৰাইডাৰ্ছৰ মূল কোম্পানী নাইট ৰাইডাৰ্ছ স্প’ৰ্টছ তেওঁৰ আয়ৰ উৎসৰ ভিতৰত অন্যতম। ব্যক্তিগত কোম্পানী, শ্বেয়াৰ বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ মূল্যায়নৰ পৰিৱৰ্তনৰ বাবেই মুঠ হিচাপৰ এই তাৰতম্য হৈছে।
শ্বাহৰুখৰ পিছতে হৰুণ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে ‘বিগ বি’ অমিতাভ বচ্চন। আনহাতে, বলীউডৰ তাৰকা ছলমান খান আৰু ঋত্বিক ৰোশনেও ধনী অভিনেতাৰ তালিকাত শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত আছে।
২০২৩ চনত ‘পাঠান’, ‘জোৱান’ আৰু ‘ডাংকি’ৰ হেট্ৰিক সফলতাৰ পিছত পুনৰ পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে শ্বাহৰুখ। সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত মেগা একচন ছবি ‘কিং’ ২০২৬ চনৰ ২৪ ডিচেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব।
এই ছবিখনৰ জৰিয়তে শ্বাহৰুখৰ কন্যা সুহানা খানে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। ছবিখনত অভিষেক বচ্চন, দীপিকা পাডুকন, ৰাণী মুখাৰ্জী, অভয় বৰ্মা, ৰাঘৱ জুৱেল, অনিল কাপুৰ আৰু সৌৰভ শুক্লাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।





