কংগোত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন সামৰিক বিমান। এই ঘটনাত দুজন সেনা বিষয়াসহ ১৪জন লোক নিহত হয়। দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে। কিন্তু প্ৰাৰম্ভিক তদন্তত কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
শুকুৰবাৰে বিষয়াসকলে জনায় যে বিমানখন দক্ষিণ-পশ্চিম কংগোৰ কিকৱিটৰ পৰা ৰাজধানী কিনছাছালৈ উভতি আহিছিল। উভতি অহাৰ পথত যান্ত্ৰিক বিজুতিৰ বাবে কেনগে অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে বিমানখনত জুই লাগে। এই ঘটনাত বিমানত থকা আটাইকেইজন নিহত হয়।
বাতৰি অনুসৰি, সামৰিক আদালতৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মুটম্বো কাটালাই টিয়েণ্ডে আৰু সশস্ত্ৰ বাহিনীৰ অডিটৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল বাকুমি লিকুলিয়াও এই ঘটনাত নিহত হয়।
কংগো সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল ইফ’মি একংগে এক বিবৃতিত কয় যে এই দুৰ্ঘটনাত জেনেৰেল দুজনৰ উপৰিও প্ৰতিনিধি দলটোৰ ১২ জন সদস্য আৰু ক্ৰু নিহত হৈছে। তেওঁ লগতে কয় যে দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।
Earlier today, 13 people were killed after a small plane crashed near airport in Kenge, DR Congo. pic.twitter.com/eB4RP1a3DJ
— Open Source Intel (@Osint613) September 25, 2026
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ ব’ৰ্ড অধ্যক্ষ ট্ৰাইফন কিন-কিয়ি মুলুম্বাই কয় যে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে যান্ত্ৰিক বিজুতিৰ সম্ভাৱনা নুই কৰা নাই বিষয়াসকলে।





