নাগালেণ্ডত সংঘটিত হৈছে এক অতি ভয়ংকৰ আৰু মৰ্মান্তিক ঘটনা। ভেজাল তথা বিষাক্ত সুৰা পান কৰাৰ ফলত ৰাজ্যখনত কমেও ১৯ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
উল্লেখযোগ্য যে, উত্তৰ-পূবৰ এই ৰাজ্যখনত ১৯৯০ চনৰ পৰাই সুৰা বিক্ৰী আৰু পান কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা আছে। তাৰ পিছতো এনেদৰে অবৈধ সুৰাৰ ব্যৱসায়ে ৰাজ্যখনত কেনেদৰে শিপাই আছে, সেয়া এই ঘটনাই উদঙাই দিছে বুলি সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা দুদিনত সুৰাৰ বিষক্ৰিয়াৰ ফলত ৰাজ্যখনৰ মোককচুং জিলাত আঠজন আৰু টুৱেনচাং জিলাত এঘাৰজন লোকৰ মৃত্যু হৈছে। সন্দেহযুক্ত বিষাক্ত সুৰা পান কৰাৰ ফলতেই এইসকল লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। এই শোকাবহ ঘটনাৰ পিছতেই আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক অভিযান চলাই ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে প্ৰায় তিনি হাজাৰ বটল অবৈধ সুৰাও জব্দ কৰা হৈছে। অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই আৰু এই ভেজাল সুৰাৰ সৰবৰাহৰ মূল উৎস ক‘ত, সেয়া এতিয়াও পোহৰলৈ অহা নাই।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভেহচুপ্ৰা কেজোৱে জানিবলৈ দিয়া মতে, এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক আই বাংলং চাঙৰ নেতৃত্বত ইতিমধ্যে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ইপিনে, পৰিচয়হীন, লেবেল নথকা বা সন্দেহজনক অবৈধ সুৰা পান কৰাৰ পৰা বিৰত থাকিবলৈ আৰক্ষীৰ তৰফৰ পৰা জনসাধাৰণক কঠোৰভাৱে সতৰ্ক কৰি দিয়া হৈছে। ইয়াৰ লগতে, সুৰা পান কৰাৰ পিছত কাৰোবাৰ মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা-কোঁৱা দেখা, উশাহ লোৱাত কষ্ট পোৱা বা জ্ঞান হেৰুৱাই পেলোৱা আদি লক্ষণ দেখা দিলে পলম নকৰি লগে লগে চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।





