• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ফৈদে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে ২০২০ চনৰ এক ৰায়দানৰ ভিত্তিত বিধানসভাৰ অধ্যক্ষই অহা ৮ অক্টোবৰৰ ভিতৰত বিদ্ৰোহী বিধায়কসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2026 10:16 am
ফটো: সংগৃহীত

ফটো: সংগৃহীত

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগ বিধানসভাৰ ১০ গৰাকী বিদ্ৰোহী তৃণমূল কংগ্ৰেছ বিধায়কৰ সদস্যপদ খাৰিজৰ আৱেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই তিনি মাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ে দৃঢ় বিশ্বাস ব্যক্ত কৰে। ৰিতব্ৰত বেনাৰ্জীকে ধৰি এই বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল ফৈদৰ বিধায়ক শোভনদেৱ চট্টোপাধ্যায়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায়।

 

Apply Now

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে ২০২০ চনৰ জানুৱাৰী মাহত মণিপুৰৰ এক গোচৰ সন্দৰ্ভত দিয়া ৰায়দানৰ প্ৰসংগ উত্থাপন কৰে। সেই ৰায়দান অনুসৰি বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰা সদস্যপদ খাৰিজৰ আৱেদনসমূহ যুক্তিসংগত সময় অৰ্থাৎ তিনি মাহৰ ভিতৰত নিষ্পত্তি কৰাটো প্ৰয়োজনীয়। এই গোচৰটোৰ ক্ষেত্ৰত উক্ত তিনি মাহৰ সময়সীমা অহা ৮ অক্টোবৰত অন্ত পৰিব বুলি ন্যায়ালয়ে উল্লেখ কৰে। বিচাৰপীঠখনে আৱেদনখন নিষ্পত্তি কৰি কয় যে বিধানসভাৰ অধ্যক্ষই ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত আৰু তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এক উচিত সিদ্ধান্ত ল’বলৈ প্ৰয়াস কৰিব বুলি ন্যায়ালয়ৰ দৃঢ় বিশ্বাস আছে।

 

শুনানিৰ সময়ত আৱেদনকাৰী চট্টোপাধ্যায়ৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে অংশগ্ৰহণ কৰি এনে আৱেদনসমূহৰ সিদ্ধান্ত গ্ৰহণত হোৱা বিলম্বৰ প্ৰৱণতাৰ কথা আঙুলিয়াই দিয়ে। ইয়াৰ প্ৰতিক্ৰিয়াত বিচাৰপীঠখনে কিছু ব্যংগাত্মক সুৰত কয় যে এনে নিৰ্দেশনা দিয়াৰ পূৰ্বে ন্যায়পালিকাই দাপোণৰ সন্মুখত থিয় হৈ নিজলৈ এবাৰ চোৱা উচিত। ন্যায়াধীশসকলে স্বীকাৰ কৰে যে এনে বহুতো আইন আছে য’ত ন্যায়পালিকাই এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে, কিন্তু বাস্তৱত খোদ ন্যায়পালিকায়ো সেই নিয়ম উলংঘা কৰা দেখা যায়।

 

উল্লেখযোগ্য যে, যোৱা মে’ মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি বিধায়ক শোভনদেৱ চট্টোপাধ্যায়ে অধ্যক্ষ ৰথীন বসুৰ ওচৰত এই ১০ গৰাকী বিধায়কৰ সদস্যপদ খাৰিজৰ দাবী জনাইছিল। বৰ্তমান এই ৰাজনৈতিক বিবাদ নিৰ্বাচন আয়োগৰ মজিয়াও পাইছেগৈ। দুয়োটা ফৈদেই এতিয়া তৃণমূল কংগ্ৰেছৰ নাম আৰু দলীয় প্ৰতীক ‘ঘাঁহৰ ওপৰত যোৰা ফুল’ৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd