ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ পশ্চিম প্ৰান্তত সেনাই বিমানৰ পৰা বোমা পেলাই ৪৯ জন লোকক হত্যা কৰিছে। আহত ৫৮ জন লোক। দুখন যুদ্ধ বিমানে লো ফ্লাইং মোডত উৰি জনপূৰ্ণ বজাৰ এখনত বোমা নিক্ষেপ কৰে।
ৰাখাইন প্ৰদেশৰ কিয়াউকাত অঞ্চলত ম্যানমাৰৰ সেনাই এই হত্যালীলা সংঘটিত কৰে। দেশৰ সৰ্ববৃহৎ চহৰ মাণ্ডেলেৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলটো বিদ্ৰোহী আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে।
ৰাখাইন প্ৰদেশৰ এজন জ্যেষ্ঠ বিষয়া হুৱে উ আঙে জনোৱা মতে, মৃত আৰু আহতসকল স্থানীয় বজাৰৰ ক্ৰেতা আৰু বিক্ৰেতা। যিহেতু পাইকাৰী বজাৰ আছিল, গতিকে তাত কেইবাহাজাৰ মানুহ আছিল। বোমাৰ আঘাতত বজাৰখনৰ যথেষ্ট ক্ষতিসাধন হয়।
আৰাকান সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। তেওঁলোকে এই আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলিও ঘোষণা কৰিছে। শীঘ্ৰে আৰাকান সেনাই সেনাবাহিনীক প্ৰত্যুত্তৰ দিব বুলি জানিবলৈ দিয়ে।
এই আক্ৰমণ সন্দৰ্ভত সেনাই কোনো মন্তব্য কৰা নাই যদিও কিছুদিন পূৰ্বে বিদ্ৰোহী সৈন্যৰ উপস্থিতিৰ স্পষ্ট তথ্য নাথাকিলে আক্ৰমণ নকৰে বুলি দাবী কৰি বিবৃতি প্ৰকাশ কৰিছিল।
ৰাখাইন প্ৰদেশক ম্যানমাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিবলৈ দেশৰ সেনাৰ বিৰুদ্ধে পেছাদাৰী সেনাবাহিনীৰ দৰে যুঁজিছে আৰাকান সেনাই। ৰাখাইন প্ৰদেশৰ ১৭খন ডাঙৰ চহৰৰ ভিতৰত ১৪খন এতিয়া এই বিদ্ৰোহী সেনাৰ নিয়ন্ত্ৰণত আছে।





