• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি শনিবাৰে স্থানীয় সময় বিয়লি প্ৰায় ৩ বজাত ডাবলিন স্প’ৰ্টছ কমপ্লেক্সৰ পাৰ্কিং লটত ৰক্তাক্ত অৱস্থাত জোনাথনক আৰক্ষী বিষয়াসকলে উদ্ধাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2026 10:50 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউয়ৰ্ক টাইমছৰ এজন কৰ্মীক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শনিবাৰে কেলিফৰ্ণিয়াৰ ডাবলিন স্প’ৰ্টছ কমপ্লেক্সত সংঘটিত ঘটনাটো সম্প্রতি পোহৰলৈ আহিছে৷

জানিব পৰা মতে, নিহত জনাথন মেককিনছে (৪০) নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তিৰ কাৰ্যবাহী হিচাপে কাম কৰি আছিল। হত্যাৰ সন্দেহত জোনাথনৰ শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি শনিবাৰে স্থানীয় সময় বিয়লি প্ৰায় ৩ বজাত ডাবলিন স্প’ৰ্টছ কমপ্লেক্সৰ পাৰ্কিং লটত ৰক্তাক্ত অৱস্থাত জোনাথনক আৰক্ষী বিষয়াসকলে উদ্ধাৰ কৰে। ইমাৰ্জেন্সি নম্বৰত ফোন কৰি জোনাথনক হস্পিতাললৈ নিয়াৰ ব্যৱস্থা কৰে। অৱশ্যে এম্বুলেন্স অহাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়। নিউয়ৰ্ক টাইমছেও  জোনাথনৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে।

Apply Now

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শনিবাৰে বিয়লি দুজন মুখা পিন্ধা লোকে জোনাথনক পাৰ্কিং ল’টত লগ পায়। হঠাৎ জোনাথনৰ ওপৰত গুলীচালনা কৰে। তেজেৰে লুতুৰি-পুতুৰি হৈ জোনাথন সেই ঠাইতে ঢলি পৰে। ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল দুই দুৰ্বৃত্তই। অৱশ্যে টহলদাৰী বিষয়াই বন্দুকৰ গুলীৰ শব্দ শুনি আক্ৰমণকাৰী দুজনক কৰায়ত্ত কৰে।

আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকদুজনৰ নাম শ্বৌয়াং জাং আৰু শ্বিলি চেন। দুয়োৰে বয়স ৭৭ বছৰ। দৰাচলতে দুয়োজন চীনৰ নাগৰিক আৰু সম্পৰ্কত জোনাথনৰ শহুৰ-শাহুৱেক। জোনাথনৰ বিবাহ হৈছিল শ্বৌয়াং আৰু শ্বিলিৰ কন্যা কেণ্ডিচ জাঙৰ সৈতে।

ধৃত শ্বৌয়াং আৰু শ্বিলিৰ বিৰুদ্ধে হত্যা, ষড়যন্ত্ৰ আৰু ৰাজহুৱা স্থানত গুলীচালনাকে ধৰি একাধিক অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি আলামেডা কাউন্টিৰ চান্টা ৰীটা কাৰাগাৰত তেওঁলোক বন্দী হৈ আছে। জোনাথনক কিয় হত্যা কৰা হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰসংগক্ৰমে, আমেৰিকাৰ প্ৰযুক্তি জগতত জনাথন সুপৰিচিত আছিল। ২০০০ চনৰ শেষৰ ফালে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নাছাৰ জেট প্ৰপালচন লেবৰেটৰী, অৰেকল, হিউলেট পেকাৰ্ড এণ্টাৰপ্ৰাইজকে ধৰি বিভিন্ন ঠাইত কাম কৰি আহিছে। ২০২৩ চনত তেওঁ নিউয়ৰ্ক টাইমছত জ্যেষ্ঠ অভিযান্ত্ৰিক পৰিচালক হিচাপে যোগদান কৰে।

নিউয়ৰ্ক টাইমছৰ ৱেবছাইটত Connections-কে ধৰি কেইবাটাও জনপ্ৰিয় গেম বিকশিত কৰাত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও ৱেবছাইটৰ ট্ৰেফিক মেনেজমেণ্টতো সহায় কৰিছিল। ২০২৫ চনত তেওঁ কোম্পানীটোৰ গেমছ প্লেয়াৰ এক্সপিৰিয়েন্স দলত যোগদান কৰে। ইয়াত তেওঁ পাঠকৰ বাবে পাজল গেমছত বিভিন্ন নতুন ফিচাৰ সংযোজন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ দায়িত্বত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd