• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2026 5:01 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বকুলি চাপৰিত কৃষি মন্ত্ৰী পিয়ুচ হাজৰিকাৰ নিৰ্দেশত পৰিবেশ বিৰোধী পাম অইল খেতি সম্প্ৰসাৰণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। জীপাল কৃষক শ্ৰমিক সংঘই অভিযোগ কৰা মতে, ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া জনজাতি অধ্যুষিত চৰ-চাপৰি অঞ্চলত থলুৱা লোকসকলৰ পশুধনৰ পৰম্পৰাগত চৰণীয়া পথাৰ বলপূৰ্বকভাৱে দখল কৰি কৰ্প‘ৰেটৰ স্বাৰ্থত পাম অইল বাগিচা গঢ়াৰ আয়োজন কৰা হৈছে। এই সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত স্থানীয় ৰাইজে প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিছে।

 স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গোলাঘাট জিলা কৃষি বিভাগ আৰু এখন নতুনকৈ গঠিত সমবায় সমিতিৰ উদ্যোগত প্ৰথমতে এই ভূমিত মাহ, সৰিয়হ আৰু তিলৰ দৰে ৰবি শস্য সিঁচাৰ কথা ঘোষণা কৰা হৈছিল। সেই মৰ্মে যোৱা ২৫ আগষ্টত স্থানীয় লোকসকলক অন্ধকাৰত ৰাখি এখন বীজ সিঁচা অনুষ্ঠান অনুষ্ঠিত কৰা হয়, য’ত জিলা কৃষি বিষয়া আৰু নাবাৰ্ডৰ বিষয়াসকল উপস্থিত আছিল। কিন্তু পিছত অতি সংগোপনে সেই চৰণীয়া মাটিত পাম অইলৰ পুলি ৰোপণ কৰাত থলুৱা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। নৈপৰীয়া লোকসকলে দীৰ্ঘদিনৰ পৰা পশুধন পালনৰ বাবে ব্যৱহাৰ কৰি অহা এই মাটিত বাণিজ্যিক পাম অইলৰ খেতি কোনো কাৰণতে হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে।

Apply Now

 পাম অইল খেতিৰ ভয়াবহ পৰিৱেশগত প্ৰভাৱক লৈও জীপাল কৃষক শ্ৰমিক সংঘই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৰ মতে, ব্ৰহ্মপুত্ৰৰ সংবেদনশীল চৰ-চাপৰিত এনে ধৰণৰ খেতি কৰিলে উদ্ভিদ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ লগতে জলাশয় আৰু নদীৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট হ’ব। বিজ্ঞানসন্মত পৰ্যালোচনা অনুসৰি, পাম অইল খেতিৰ ফলত পানীৰ গুণগত মান হ্ৰাস পোৱা, মাটিৰ খহনীয়া বৃদ্ধি পোৱা আৰু কৃষি ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ডাঙৰ ভাবুকি কঢ়িয়াই আনে। সেয়ে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰিবেশ ধ্বংস কৰিব পৰা এনে সিদ্ধান্ত বৈজ্ঞানিক মূল্যায়ন নকৰাকৈ জাপি দিয়াটো অত্যন্ত বিপদজনক।

 ঘটনা সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে কৃষিমন্ত্ৰী পিয়ুচ হাজৰিকাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে অসমৰ ভূমিপুত্ৰ মিচিং জনজাতি লোকসকলৰ সন্মতি নোলোৱাকৈ আৰু পৰিৱেশগত প্ৰভাৱ অধ্যয়ন নকৰাকৈ কেৱল পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি এৰি দিয়া নহ’ব। আনহাতে সংঘৰ মুখপাত্ৰ প্ৰবীণ পেগুৱে কৃষিমন্ত্ৰীক বকুলি চাপৰিত উপস্থিত হৈ এখন ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ দাবী জনায়। ইয়াৰ উপৰিও শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাত সমাধানৰ বাবে গোলাঘাটৰ জিলা আয়ুক্তক শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে। প্ৰশাসনে এই বিষয়ত উচিত পদক্ষেপ নল’লে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা কৃষি মন্ত্ৰী নিজেই জগৰীয়া হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd