এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ ঘটনা হৈছে কক্ৰোচ জনতা পাৰ্টিৰ জনপ্ৰিয়তা। দেওবাৰৰ ঘটনাটোৱেই চাওঁকচোন। কক্ৰোচ জনতা পাৰ্টি অসমলৈ আহিছে। তেওঁলোকে অসমৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা পৰীক্ষা, পৰ্যালোচনা কৰিছে। তাৰ পিছত, গুৱাহাটীত তেওঁলোকে তেওঁলোকৰ স্বেচ্ছাসেৱকসকলৰ এখন সভা পতাৰ কথা আছিল। তাৰ কাৰণে তেওঁলোকে প্ৰথমে যিটো সভাগৃহ ভাড়া কৰিছিল, চৰকাৰী হস্তক্ষেপৰ বাবে তেওঁলোকে তাত সভাখন অনুষ্ঠিত কৰিব নোৱাৰিলে। উপায়ন্তৰ হৈ তেওঁলোকে এটা ব্যক্তিগত স্থানত সেই একেখন সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল’লে। সামান্য এখন মঞ্চ, এটি সৰু, নগণ্য আয়োজন— প্ৰায় ৮০–১০০ জন মানুহ বহিব পৰা এটা ব্যৱস্থা। কিন্তু কি হ’ল? পুৱা তালৈ যেতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা দুই-এজনকৈ মানুহ আহিবলৈ ধৰিলে, তেওঁলোকক পুলিচে বাধা দিবলৈ আৰম্ভ কৰিলে। কথাটো টিলাটোৰ ওপৰত থকা কক্ৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ কাণত পৰাৰ লগে লগে তেওঁলোক টিলাটোৰ তললৈ নামি আহিবলৈ উদগ্ৰীৱ হৈ পৰিল। সময়ত যেতিয়া তেওঁলোক নামি আহিল পুলিচে তেওঁলোক সকলোকে উঠাই লৈ গ’ল।
এটা ব্যক্তিগত স্থানত কেইজনমান মানুহ লগ হৈ তাত তেওঁলোকে এখন সভা কৰিব বিচাৰিছে; সেই কামটোত পুলিচে কিয় বাধা দিব? শান্তিপূৰ্ণভাৱে মানুহ সমবেত হোৱাত বাধা ক’ত? শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো এটা সাংবিধানিক অধিকাৰ নহয়নে? সেই অধিকাৰ কাৰোবাৰ পৰা প্ৰশাসনে কাঢ়ি ল’লে কোনো গণতান্ত্ৰিক লোকে তাৰ প্ৰতিবাদ আৰু বিৰোধিতা নকৰাকৈ থাকিব নোৱাৰে। সেয়েহে কালি কক্ৰোচ জনতা পাৰ্টিক সভা পাতিবলৈ নিদিয়া আৰু তেওঁলোকক তেনেকৈ পুলিচে উঠাই লৈ যোৱা কাৰ্যক সকলোৱে একমুখে গৰিহণা দিছে, নিন্দা কৰিছে।
এই গোটেই ঘটনাটোৰ পৰা কাৰ লাভ হ’ল? চৰকাৰৰ নে কক্ৰোচ জনতা পাৰ্টিৰ? কক্ৰোচ জনতা পাৰ্টিৰ অসমতে নহয়, ক’তো তেনে সাংগঠনিক ভিত্তি নাই। কিন্তু বৰ্তমান চৰকাৰৰ উৎপাতত অতিষ্ঠ হৈ দিশাহাৰা হোৱা আমাৰ যুৱ সমাজে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি জনাইছে। অসমত তেওঁলোকে শান্তিপূৰ্ণভাৱে আয়োজন কৰা সভাখন পাতিবলৈ দিয়া হ’লে বা তাৰ পিছত তেওঁলোকে এখন সংবাদ মেল দিলে, তেওঁলোকে অলপ প্ৰচাৰ পালেহেঁতেন; আৰু তাতেই সকলো অন্ত পৰিলেহেঁতেন। কিন্তু প্ৰশাসনে তেওঁলোকক সভাখন পাতিবলৈ নিদি উঠাই নিয়াৰ কাৰণে অসমত কক্ৰোচ জনতা পাৰ্টিৰ কথাটো ৰজনজনাই গ’ল। অকল অসমতে নে? সমগ্ৰ ভাৰততে কথাটো বিয়পি নগ’ল জানো? এনে এটা কাম কৰিলে তাৰ প্ৰতিক্ৰিয়া যে সেইটোৱে হ’ব, সেই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি পায়নে নাপায়? প্ৰশ্নটো হৈছে সেইটো। যদি এইবোৰ কথা হিমন্ত বিশ্ব শৰ্মাই বুজি নাপায় বুলি ধৰোঁ, তেতিয়া কথাটো বেলেগ— হিমন্ত বিশ্ব শৰ্মা এজন অগণতান্ত্ৰিক, একনায়কত্ববাদী, স্বৈৰাচাৰী শাসনকৰ্তা বুলি ধৰি লৈ বিষয়টো আমি তাতেই সামৰি থ’ব পাৰোঁ, যিটো হিমন্ত বিশ্ব শৰ্মা এশ শতাংশ। কিন্তু হিমন্ত বিশ্ব শৰ্মা এজন অতি চতুৰ আৰু ধুৰন্ধৰ ৰাজনীতিকো। চৰকাৰে লোৱা পদক্ষেপৰ বাবে অসমত এতিয়ালৈকে কোনো অস্তিত্ব নথকা সংগঠন এটা নিশাটোৰ ভিতৰতে যে ইমান জনপ্ৰিয় হৈ পৰিল, সেই কথাটো হিমন্ত বিশ্বই বুজি নাপায়নেকি? নিশ্চয় পায়। তেনেহ’লে? হিমন্ত বিশ্ব শৰ্মাই নিশাটোৰ ভিতৰতে কক্ৰোচ জনতা পাৰ্টিক জনপ্ৰিয় কৰি নুতুলিলেনে? তেওঁ কিয় সেইটো কৰিলে? এইখিনিতে আমি প্ৰশ্ন কৰিব পাৰোঁ বিৰোধীৰ মাজত বিভাজন আছেনੇ নাই? নিশ্চয় আছে। বিৰোধী বিভাজিত হৈ থাকিলেই চৰকাৰৰ লাভ। কেতিয়াবা একোটা চৰকাৰী পদক্ষেপে বিৰোধীৰ মাজৰে কাৰোবাক জনসাধাৰণৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তুলিব পাৰেনে নোৱাৰে? নিশ্চয় পাৰে। বিৰোধী শিবিৰৰ কোনো এটা দল যদি হঠাৎ কিবা কাৰণে জনসাধাৰণৰ কাৰণে অধিক আকৰ্ষণীয় হৈ পৰে, বাকী দলবোৰে কথাটো বৰ ভাল চকুৰে নিশ্চয় নাচায়। এই কামটো কৰিবলৈ চৰকাৰে কাৰোবাক টকা পইছা দিব লাগে তেনেকুৱাও নহয়। কেতিয়াবা পুলিচী পদক্ষেপ আৰু আতিশয্যৰ দ্বাৰা, বৈৰীভাৱে চিন্তিও সেই কামটো কৰিব পাৰি। মূল কথাটো হৈছে বিৰোধী যাতে ভিতৰৰ পৰা নিজৰ মাজত মিল থকা এটা মজবুট গোট হিচাপে মূৰ দাঙি উঠিব নোৱাৰে সেইটো। অনবৰতে চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে চতুৰ ৰাজনীতিকে তাৰ ওপৰত চকু ৰাখে। তাৰ উপৰিও বিৰোধীৰ মাজত দলীয় দৃষ্টিভংগী আৰু দলীয় স্বাৰ্থৰ কথাটো আছেই। গতিকে চৰকাৰী পদক্ষেপেৰ দ্বাৰাইও সূক্ষ্মভাৱে, প্ৰয়োজন সাপেক্ষে কাৰোবাক তল, কাৰোবাক ওপৰ কৰিও বিৰোধীৰ মাজৰ ঐক্য বিনষ্ট কৰি থাকিব পাৰি। যোৱা সময়ছোৱাত চৰকাৰে বিৰোধীক বিভাজিত কৰি ৰাখিবলৈ বিভিন্ন পদক্ষেপ লৈছে তাৰ ভিতৰত এইটোও এটা যেন লাগে। মন কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে অসমত সকলোকে লগ ধৰা নাই কিন্তু!



